ওৱেব ডেস্ক NE Online:
এতিয়াৰ পৰা সকলো ধৰণৰ সংকটৰ সময়ত বাংলাদেশৰ ওচৰত সহায়ৰ হাত হিচাপে
ঠিয় দিব ভাৰতে৷ সন্ত্ৰীসবাদী আক্ৰমণৰ প্ৰসংগক লৈ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মোডীয়ে
বাংলাদেশৰ প্ৰধানমন্ত্ৰীক ফোনযোগে এই কথা জানিবলৈ দিয়ে৷ ভাৰতবৰ্ষৰ হাইকমিছনাৰ
হৰ্ষবৰ্ধন শ্ৰিংলাই ঢাকাৰ শাহজালাল আন্তৰ্জাতিক বিমানবন্দৰত সাংবাদিকৰে হোৱা এক
কথোপোকথনত এই কথা জনায়৷
উল্লেখ্য, শুক্ৰবাৰ ৰাতি ৰাজধানীৰ গুলশানৰ হলি আৰ্টিজেন নামৰ এটি
ৰেষ্ট্ৰুৰেন্টত এদল বন্দুকধাৰী সন্ত্ৰাসবাদীয়ে অতৰ্কীতে আক্ৰমণ চলায় আৰু কেইবাজনো
বিদেশীসহ কেইবাজনকো পনবন্দী কৰে৷ শণিবাৰ ৰাতিপূৱা নিৰাপত্তাবাহিনীয়ে কমান্ডো
অভিযান চলায়৷ অভিযানত ৬ বন্দুকধাৰী নিহত হয়৷ আটক কৰা হয় এজনক৷ অভিযানৰ অন্তত
ৰেষ্ট্ৰুৰেন্টৰ পৰা ২০ জন পনবন্দী লোকক উদ্ধাৰ কৰা হয় যিসকলৰ সকলো বিদেশী৷ নিহত
বিদেশী সকলৰ ভিতৰত তাৰুশী জৈন নামৰ এজন
ভাৰতীয় নাগৰিক বুলি চিনাক্ত কৰা হৈছে৷ অভিযানত দুজন পুলিচকৰ্মী নিহত হয়৷
facebook
twitter
google+
fb share