ৰিপুন বৰাক APCC ৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব


৩ জুলাইঃ
ৰিপুন বৰাক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ দায়িত্ব অৰ্পন কৰাৰ বাতৰিয়ে কংগ্ৰেছী মহলত আনন্দৰ জোৱাৰ তোলা পৰিলক্ষিত হৈছে৷
বিগত ১৬ জুনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি অঞ্জন দত্তৰ মৃত্যু হোৱাত খালি হৈ আছিল উক্ত পদটো৷ অসমৰ ৰাজনীতিত এইবেলি বিজেপিৰ উত্থান আৰু কংগ্ৰেছৰ পতন হোৱাৰ বাবে স্বাভাৱিকতেই ৰাজ্যখনৰ কংগ্ৰেছী মহলত তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে৷ তেনে প্ৰেক্ষাপটত সভাপতি গৰাকীৰ অকাল বিয়োগত একপ্ৰকাৰ অভিভাৱকহীন হৈ পৰিছে দলটোৰ তৃণমূল পৰ্যায়ৰ কৰ্ম-কৰ্তাসকল৷ ফলস্বৰূপে দলীয় কাম-কাজত যথেষ্ট বাধাৰ সৃষ্টি হৈছে৷ এই সমস্যা সমূহ দূৰ কৰাৰ বাবে ৰাজ্যসভাৰ সাংসদ তথা প্ৰাক্তন শিক্ষামন্ত্ৰী, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপ সভাপতি ৰিপুন বৰাক এইবেলি দলটোৰ হাইকমাণ্ডে ভাৰপ্ৰাপ্ত সভাপতি হিচাপে দায়িত্ব অৰ্পন কৰা বুলি সদৰি কৰিছে৷ অৱশ্যে পৰৱৰ্ত্তী সময়ত বৰাক উক্ত পদত বাহাল ৰখা হ’ব নে নহ’ব সেই কথা নিশ্চিত কৰি কংগ্ৰেছৰ যুৱ ৰাজ ৰাহুল গান্ধীয়ে৷ বৰ্তমান বিদেশ ভ্ৰমণত থকা ৰাহুলৰ আগমনলৈ অপেক্ষা কৰিছে দলটোৰ বহু কাম-কাজ৷

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment