দ্বিতীয় ত্ৰিপুৰা হ’ব অসম : কৃষক মুক্তি

১৯৭১ ৰ পিচত অসমত সোমাইছে ৩৫ লাখ হিন্দু বাংলাদেশী
ৱেব ডেস্ক, ২৯ জুলাই, ২০১৬ :
খিলঞ্জীয়াৰ অধিকাৰ ৰক্ষাৰ বাবে আঞ্চলিকতাবাদী ৰাজনীতি কৰি প্রাসংগিকতা লাভ কৰা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ মৌনতাৰ সুযোগ লৈ অসমৰ থলুৱাক সংখ্যালঘুত পৰিণত কৰাৰ ষড়যন্ত্রত লিপ্ত হৈছে কেন্দ্রীয় চৰকাৰ। লাখ লাখ অধৈব হিন্দু বাংলাদেশীক অসমত সংস্থাপন কৰি নৰেন্দ্র মোডী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে অসমক দ্বিতীয় ত্ৰিপুৰাত পৰিণত কৰিবলৈ উঠিপৰি লাগিছে। 

File Photo
এই অভিযোগ কৃষক মুক্তি সংগ্রাম সমিতিৰ। হিন্দু বাংলাদেশীক অসমত সংস্থাপনৰ বিৰোধিতা কৰি যোৱা ২৫ জুলাইৰ পৰা আমৰণ অনশন ৰূপায়ণ কৰি অহা সংগঠনটোৱে আজি বিষয়টো সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি সৰকা কৰে। গুৱাহাটীৰ দীঘলীপুখুৰীপাৰত অনুষ্ঠিত অনশনস্থলীত সংগঠনটোৰ যুটীয়া সাধাৰণ সম্পাদক ভাস্কো ডি শইকীয়াই হিন্দু বাংলাদেশীক অসমত সংস্থাপনৰ বাবে ৰাজ্যখনত হ’ব পৰা ভয়াৱহ পৰিস্থিতিৰ কথা উল্লেখ কৰে। প্রাক্তন ৰাজ্যপাল এছ কে সিনহাই ১৯৯৮ চনৰ আঠ নৱেম্বৰত ৰাষ্ট্রপতি কে আৰ নাৰায়ণনলৈ প্রেৰণ কৰা এখন পত্ৰৰ উদ্ধৃতি দি অসমত হিন্দু বাংলাদেশীৰ ভয়াৱহতাৰ বিষয় উত্থাপন কৰে। পত্ৰখনমতে ১৯৭১ চনৰ পৰা ১৯৮৯লৈ ভাৰতলৈ প্ৰব্ৰজন হৈছে কমেও ৭৫ লাখ বাংলাদেশী হিন্দু। ১৯৭১ৰ পৰা ১৯৮১লৈ আহিছে ৩৯ লাখ আৰু ১৯৮১ৰ পৰা ১৯৮৯লৈ ভাৰতত বাংলাদেশৰ পৰা প্রৱেশ কৰিছে ৩৬ লাখ হিন্দু। এই সময়ছোৱাত দেশলৈ অনুপ্রৱেশ ঘটা ৭৫ লাখ হিন্দু বাংলাদেশীৰ ভিতৰত কমেও ৩৫ লাখেই অসমত প্রৱেশ কৰিছে। ১৯৮৯ৰ পিচত আৰু বহু হিন্দু বাংলাদেশীৰ অনুপ্রৱেশ ঘটিছে অসমলৈ। যাৰ সঠিক তথ্য আজিলৈ পোহৰলৈ অহা নাই। সেয়ে কৃষক মুক্তিয়ে আজি কয় যে বিগত সময়ত প্ৰচাৰ চলি অহামতে অসমলৈ ২০ লাখ নহয়, কমেও ৩৫ লাখ হিন্দু বাংলাদেশীৰ অনুপ্রৱেশ ঘটিছে। ইয়াৰে নগণ্যসংখ্যকহে শৰণার্থী, বেছিভাগেই অবৈধ অনুপ্রৱেশকাৰী। ফলত এই বৃহত্ পৰিমাণৰ হিন্দু বাংলাদেশীক অসমত সংস্থাপন কৰিলে স্বাভাৱিকতে ৰাজ্যখনৰ জনগাথনিত বৃহত্ সালসলনি হ'ব। কৃষক মুক্তিৰ মতে কেন্দ্রীয় চৰকাৰে হিন্দু বাংলাদেশীক সংস্থাপনৰ বাবে গ্রহণ কৰা সিদ্ধান্তই ভাৰতীয় সংবিধানৰ যুক্তৰাষ্ট্ৰীয় গাথনিক উলংঘা কৰিছে। কাৰণ যুক্তৰাষ্ট্ৰীয় গাথনি অনুসৰি কেন্দ্রই এনে সিদ্ধান্ত গ্রহণ কৰাৰ পূর্বে অসম বিধানসভাৰ সন্মতি ল'ব লাগিছিল। সংগঠনটোৱে ক্ষোভ ব্যক্ত কৰি কয় যে মোডী চৰকাৰে অসম বিধানসভাৰ সন্মতি লোৱাৰ প্রয়োজন আছিল। কিন্তু যুক্তৰাষ্ট্ৰীয় সহযোগিতাৰ কথা কোৱা নৰেন্দ্র মোড়ী চৰকাৰে লোৱা এই সিদ্ধান্তই উন্মোচিত কৰে তেওঁলোকৰ প্রকৃত স্বৰূপ। আনহাতে মোড়ী চৰকাৰে ২০১৫ চনৰ ৭ ছেপ্টেম্বৰত জাৰি কৰা অধিসূচনাত ধর্মীয় নির্যাতনৰ বলি হৈ অহাসকলকহে আইন, ১৯৪৬ আৰু পাছপ'ৰ্ট আইন ১৯২০ৰ পৰা ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছে। কিন্তু ১৯৭১ চনৰ পাচত অহা সকলো হিন্দু বাংলাদেশীয়েই ধর্মীয় নির্যাতনৰ বলি হৈ অসমলৈ আহিছে নেকি বুলি কৃষক মুক্তিয়ে প্রশ্ন কৰে। অসমলৈ প্ৰব্ৰজন ঘটা বহু হিন্দু বাংলাদেশীয়ে অসমলৈ আহিছে অর্থনৈতিক কাৰণত। এতিয়া কোন ধর্মীয় নির্যাতনৰ বলি হৈ আহিছে আৰু কোন অর্থনৈতিক কাৰণত আহিছে সেয়া কেনেকৈ নির্ধাৰণ কৰা হ’ব। সেয়ে কৃষক মুক্তি সংগ্রাম সমিতিয়ে কয় যে নাগৰিকত্ব আইনৰ ৬নং ধাৰা অনুসৰি কোনো অবৈধ অনুপ্রৱেশকাৰীক ভাৰতত নাগৰিকত্ব দিয়া নহয়। এই ধাৰা সংশোধন কৰা হোৱা নাই। এই ধাৰা সংশোধন নকৰাকৈ অবৈধ হিন্দু বাংলাদেশীক নাগৰিকত্ব দিব বিচৰাটো আইনবিৰোধী কার্য। সেয়ে কেন্দ্ৰৰ এই অসমবিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰতিগৰাকী জনগণ তথা দল-সংগঠনে মৰণপণ সংগ্রাম কৰিবলৈ ওলাই আহিব লাগে বুলি মন্তব্য কৰে কৃষক মুক্তি সংগ্রাম সমিতিয়ে। কেন্দ্ৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে কঠোৰ প্রতিবাদৰ গত্যন্তৰ নাই বুলি সংগঠনটোৱে ৰাজ্যবাসীক আহ্বান জনায়। উল্লেখ্য যে যোৱা ২৫ জুলাইত কৃষক মুক্তিয়ে দীঘলীপুখুৰীপাৰত আৰম্ভ কৰা হিন্দু বাংলাদেশীক সংস্থাপনবিৰোধী আমৰণ অনশন আজিও অব্যাহত আছে। অনশন কাৰ্যসূচীৰ পঞ্চম দিনা আজি গুৰুতৰভাৱে অসুস্থ হৈ পৰে আটাইকেইজন অনশনকাৰী। কিন্তু লক্ষণীয়ভাৱে চৰকাৰ-প্রশাসনে অনশনকাৰীসকলক এবাৰো খবৰ নোলোৱাৰ অভিযোগ তুলিছে কৃষক মুক্তিয়ে। সেয়ে গণতান্ত্রিক আন্দোলনক নস্যাত্ কৰা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সংগঠনটো আক্রমণাত্মক হৈ উঠে।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment