তিনিচুকীয়াত আৰক্ষী বিষয়া এছ এন সিঙৰ দান্তিক মন্তব্য
সংবাদ মাধ্যমেহে জীয়াই ৰাখিছে আলফাক
ৱেব ডেস্ক, ২৯ জুলাই, ২০১৬ :
পৰেশ বৰুৱা কোন হয়, তেওঁ অনুত্তীর্ণ এগৰাকী ব্যক্তি, তেওঁ কি সংগঠন চলাব? —এই মন্তব্য আৰক্ষী মহাপৰিদৰ্শক (আইন-শৃংখলা) এছ এন সিঙৰ।
আজি তিনিচুকীয়া আৰক্ষী অতিথিশালাত অনুষ্ঠিত এখন সংবাদমেলত শীর্ষ আৰক্ষী বিষয়াগৰাকী পৰেশ বৰুৱাৰ লগতে আলফা সংগঠনৰ বিৰুদ্ধে তীব্র আক্রমণাত্মক হৈ পৰে। তেওঁ আলফা এতিয়া ভাড়াতীয়া মানুহক লৈ চলোৱা অস্তিত্বহীন এটা সংগঠন বুলি মন্তব্য কৰি আলফাক এতিয়া সংবাদ মাধ্যমে জীয়াই ৰাখিছে বুলি তির্যক মন্তব্য কৰে। এসময়ত চাৰি হেজাৰ কেডাৰ থকা আলফাত সম্প্রতি চাৰি শও কেডাৰ নাই বুলি মন্তব্য কৰি আলফাক কটাক্ষ কৰে। আলফা এতিয়া এটা অপৰাধী গ্রুপ বুলি মন্তব্য কৰি আৰক্ষী বিষয়া এছ এন সিঙে সম্প্রতি পৰেশ বৰুৱাৰ অস্তিত্ব শূন্য বুলি কটাক্ষ কৰে। তিনিচুকীয়া জিলাত আলফা-এন এছ চি এনৰ কোনো প্রভাৱ নাই বুলি দম্ভ মৰা সিঙে ১৫ আগষ্টৰ সময়ত কোটাঘাত সম্ভাৱনা থকা বুলি কৰা মন্তব্যই আৰক্ষী বিষয়াগৰাকীৰ দুমুখীয়া স্থিতিক উদঙাই দিলে। তিনিচুকীয়া জিলাত আলফা-এন এছ চি এনৰ প্রভাৱ নাই বুলি মন্তব্য কৰা আৰক্ষী বিষয়া সিঙে স্বাধীনতা দিৱসৰ পূর্বে জিলাখনত কূটাঘাতৰ আশংকা থকা বুলি কৰা মন্তব্যই জিলাখনত আলফাৰ সক্রিয়তাৰ কথাই একপ্রকাৰ প্রমাণ কৰিলে। উল্লেখযোগ্য যে আৰক্ষী বিষয়া এছ এন সিঙৰ এনে সীমান্ত অঞ্চলত এন এছ চি এন (কে)ৰ এজন দুর্ধর্ষ নেতাই বাহৰ পাতি অসমত কূটাঘাতৰ পৰিকল্পনা কৰাৰ তথ্য চোৰাংচোৱা সূত্রই প্রকাশ কৰাৰ পিচতেই এতিয়া নিৰাপত্তা বাহিনীৰ থৰকাছুটি হেৰুৱাইছে। চোৰাংচোৱা সূত্রই প্রকাশ কৰামতে মাকাম মিমু নামৰ এই দুর্ধর্ষ গেৰিলাজনক ম্যানমাৰত থকা এন এছ চি এন (খাপলাং)ৰ শীর্ষ নেতাই ১৫ আগষ্টৰ পূর্বে বিস্ফোৰণ সংঘটিত কৰাৰ নির্দেশ জাৰি কৰিছে।ইপিনে কূটাঘাতৰ লক্ষ্যৰে আলফাৰ এটা দল ইতিমধ্যে তিনিচুকীয়া জিলাত প্রৱেশ কৰাৰ তথ্য নিৰ্ভৰযোগ্য সূত্রে জানিব পৰা গৈছে। তদুপৰি আলফা নেতা অৰুণোদয় দহোটীয়াই আলফাৰ যোগাযোগকাৰীৰ দ্বাৰা তিনিচুকীয়া নগৰৰ লগতে মাৰ্ঘেৰিটাত বিস্ফোৰণ সংঘটিত কৰাৰ পৰিকল্পনা কৰা বুলি খোদ তিনিচুকীয়া জিলা আৰক্ষীয়েই প্রকাশ কৰিছিল। এনে পৰিপ্রেক্ষিতত আৰক্ষী বিষয়া এছ এন সিঙৰ উচটনিমূলক মন্তব্যই উগ্রপন্থী সংগঠনসমূহক প্রৰোচিত কৰিব বুলি সচেতন মহলে আশংকা ব্যক্ত কৰিছে।
facebook
twitter
google+
fb share