ৱেব ডেস্ক, ২৯ জুলাই, ২০১৬ :
বি এছ পিৰ মুৰব্বী মায়াৱতীৰ বিৰুদ্ধে অশালীন মন্তব্য কৰি বিতর্কত সাঙোৰ খাই পৰা বিজেপিৰ বহিস্কৃত নেতা দয়াশংকৰ সিং দীর্ঘদিন পলাই থকাৰ পিচত আজি লক্ষনৌ আৰক্ষীয়ে তেওঁক বিহাৰৰ বক্সাৰ অঞ্চলৰ পৰা গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়।

লক্ষেীৰ উপ-আৰক্ষী মহাপৰিদৰ্শক আৰ কে এছ ৰাথোড়ে এই বাতৰি নিশ্চিত কৰিছে। লক্ষনৌ আৰক্ষী আৰু বিশেষ টাস্ক ফ’ৰ্চৰ এটা দলে যুটীয়া অভিযান চলাই দয়াশংকৰক বক্সাৰ অঞ্চলৰ পৰা গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়। যোৱা ২০ জুলাইত উত্তৰ প্ৰদেশৰ হজৰতগঞ্জ আৰক্ষী থানাত সিঙৰ বিৰুদ্ধে এটা গোচৰ ৰুজু হৈছিল। মায়াৱতীক গণিকাৰ সৈতে তুলনা কৰি দয়াশংকৰে কৰা মন্তব্যৰ বাবেই তেওঁক আৰক্ষীয়ে সুদীর্ঘ সময় ধৰি বিচাৰি আছিল। অৱশেষত আজি প্রায় এসপ্তাহৰ মূৰত তেওঁক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়।
facebook
twitter
google+
fb share