দেশৰ মুঠ মগনীয়াৰ ভিতৰৰ ২৫ শতাংশই মুছলমান

ৱেব ডেস্ক, ২৯ জুলাই, ২০১৬ :
দেশৰ প্রতি চাৰিজন মগনীয়াৰ এজন মুছলমান। দেশৰ মুঠ মগনীয়াৰ ভিতৰৰ ২৫ শতাংশই মুছলিম সম্প্রদায়ৰ। এই তথ্য শেহতীয়া লোকপিয়লৰ।
২০১১ চনৰ লোকপিয়লৰ তথ্যমতে দেশত শ্রম নকৰাকৈ থকা মুঠ ৭২.৮৯ কোটি লোকৰ ভিতৰত ৩.৭৫ লাখ মগনীয়া। ইয়াৰে ভিতৰত ৯২,৭৬০ গৰাকী মুছলমান। লোকপিয়লৰ তথ্যমতে ২০১১ চনত দেশত মগনীয়াৰ সংখ্যা আছিল ৬.৩ লাখ। লোকপিয়লৰ তথ্যমতে মুছলমানসকলৰ ভিতৰত পুৰুষতকৈ মহিলা মগনীয়াৰ সংখ্যা বেছি। দেশত ৫৩.১২ শতাংশ পুৰুষ মগনীয়াৰ বিপৰীতে মহিলা মগনীয়াৰ হাৰ ৪৬.৮৭ শতাংশ। দেশৰ মুছলমান সম্প্রদায়ৰ মগনীয়াসকলৰ ৪৩.৬১ শতাংশ পুৰুষ হোৱাৰ বিপৰীতে ৫৬.৩৮ শতাংশ মহিলা। দেশত হিন্দু মগনীয়াৰ সংখ্যা হল ২.৬৮ লাখ। খ্ৰীষ্টান ধর্মাৱলম্বী মাথোঁ ৩,৩০৩ জনহে মগনীয়া বুলি লোকপিয়লৰ শেহতীয়া তথ্যত প্রকাশ। শিখ, বৌদ্ধ আৰু জৈনসকলৰ মগনীয়াৰ সংখ্যা অতি নগণ্য। লোকপিয়লৰ তথ্যমতে দেশৰ মগনীয়াসকলৰ ভিতৰত ০.৫২ শতাংশ বৌদ্ধ, ০.৪৫ শতাংশ শিখ আৰু ০.০৬ শতাংশ জৈন ধর্মাৱলম্বী।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment