ৱেব ডেস্ক, ২৯ জুলাই, ২০১৬ :
ইছলামিক পণ্ডিত জাকিৰ নাইকে টাইমছ নাও নামৰ নিউজ চেনেলটোৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে ৫০০ কোটি টকাৰ মানহানি গোচৰ ৰুজু কৰিছে।

চেনেলটোত নাইকৰ বিৰুদ্ধে বিদ্বেষপূর্ণ প্রচাৰ আৰু মিডিয়াৰ মঞ্চত বিচাৰ চলোৱাৰ অভিযোগ তুলি নাইকে গোস্বামীৰ বিৰুদ্ধে মানহানি গোচৰৰ জাননী প্ৰেৰণ কৰিছে। নাইকৰ অধিবক্তা মুবিন ছলকাৰৰ জৰিয়তে এই জাননী প্রেৰণ কৰা হৈছে। জাননীখনত কোৱা হয় যে গোস্বামীয়ে মুছলমান সম্প্রদায়ৰ ধৰ্মীয় অনুভূতিক আঘাত দি তেওঁৰ বিৰুদ্ধে কিছুমান বিদ্বেষপূর্ণ প্রচাৰ কৰি আহিছে। একে সময়তে চেনেলটোৰ মুম্বাই ব্যুৰ চীফ মেঘা প্রসাদ, মুখ্য কাৰ্যবাহী বিষয়া অবিনাশ কোল আৰু টাইমছ গ্ল’বেল ব্রডকাষ্টিং আৰু ইয়াৰ চি ই অ’ সুনীল লুল্লাৰ বিৰুদ্ধেও জাননী প্রেৰণ কৰা হৈছে।
facebook
twitter
google+
fb share