বাক্সা, ২৯, জুলাই, ২০১৬ :
বেঁকীৰ গৰাখহনীয়াৰ কবলত পৰি প্লাবিত হৈ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানত আজি পূুৱা ৭ বজাত এটা মাইকী গঁড়ৰ মৃত দেহ উদ্ধাৰ হয়৷ মানাহ ৰাষ্ট্রীয় উদ্যানৰ ভূঞাপাৰা ৰোঞ্জৰ আবিডৰা বন শিবিৰৰ সমীপত উদ্ধাৰ বন বিভাগৰ লোকে গঁড়টোৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷
![]() |
মানাহৰ প্ৰথমটো গঁড়— মাইনাওৰ মৃত্যু |
মাইনাও নামৰ গঁড়জনী বিগত ২০০৫ চনৰ ডিচেম্বৰত কাজিৰঙাৰ পৰা মানাহলৈ অনা হৈছিল আৰু এই গঁড় জনীয়েই আছিল কাজিৰঙাৰ পৰা মানাহত সংস্থাপিত কৰা প্ৰথমটো গঁড়৷ মানাহলৈ অনাৰ পিছত দুটাকৈ পুৱালিৰ জন্ম দিয়া মাইনাও যোৱা এসপ্তাহৰ পৰা বেমাৰত ভুগি থকাৰ লগতে বিগত তিনি দিন ধৰি নিখোজ হৈ আছিল। উল্লেখ্য যে বন বিভাগৰ নিৰিক্ষণত থকাৰ পিছতো বানপানীৰ কবলত পৰা ৰাষ্ট্ৰীয় উদ্যানখনত বিগত তিনিটা দিন ধৰি হাতীৰে বিচাৰি গঁড়জনীৰ কোনো সন্ধান পোৱা নাছিল৷ আজি হঠাত্ গঁড়জনীৰ মৃতদেহ উদ্ধাৰ হয়৷ উদ্ধাৰৰ সময়ত গঁড়জনীৰ খৰ্গ অক্ষত অৱস্থাত পোৱা যায়৷
![]() |
জীৱীত অৱস্থাত মাইনাও |
facebook
twitter
google+
fb share