ৱেব ডেস্ক, ২১ জুলাই, ২০১৬ :
জম্মু আৰু কাশ্মীৰক কেন্দ্ৰ কৰি ভাৰতক অস্থিৰ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে পাকিস্তানে। যেনেদৰেই নহওক, ভাৰতৰ আইন-শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটোৱাৰ ভয়ংকৰ ষড়যন্ত্রত লিপ্ত হৈ আহিছে ইছলামাবাদ।

সংসদৰ বযর্ণকালীন অধিৱেশনত আজি লোকসভাত কাশ্মীৰ ইছাক লৈ বিতর্কত অংশগ্রহণ কৰি কেন্দ্রীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে এই মন্তব্য কৰে। কাশ্মীৰ উপত্যকাত বিগত কেইবাদিনো ধৰি অব্যাহত থকা প্রতিবাদ চুবুৰীয়া ৰাষ্ট্র পাকিস্তানৰ উচটনিতেই হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি কেন্দ্রীয় গৰাকীয়ে কয় যে ভাৰতত সংঘটিত যিকোনো সন্ত্রাসবাদী কার্যকলাপৰ বাবে মূলতঃ দায়ী কৰা হ’ব পাকিস্তানকেই।কিয়নো চুবুৰীয়া ৰাষ্ট্ৰখনে বিগত সময়ছোৱাত আমাৰ দেশত সংঘটিত হৈ অহা সন্ত্রাসবাদীৰ কার্যকলাপৰ পৃষ্ঠপোষকতা কৰি আহিছে। আজি এই সন্দৰ্ভত মন্তব্য আগবঢ়াই কাশ্মীৰ ইচ্ছুক কেন্দ্ৰ কৰি লোকসভাত বিতর্কত অংশগ্রহণ কৰি কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়, পাকিস্তানে তেওঁলোকৰ নিজৰ সমস্যা সমাধানত গুৰুত্ব আৰোপ কৰাৰ পৰিৱৰ্তে ভাৰতবৰ্ষৰ আইন-শৃংখলাজনিত পৰিস্থিতিৰ অৱনতি ঘটােৱাৰ ষড়যন্ত্ৰতহে লিপ্ত হৈ আহিছে। পৰিস্থিতিয়েই উত্কৃষ্ট প্রমাণ। চুবুৰীয়া ৰাষ্ট্ৰখনে এজন সন্ত্রাসবাদীক শ্বহীদ বুলি ঘোষণা কৰিছে।

বুৰহান ৱানিৰ দৰে সন্ত্রাসবাদীৰ মৃত্যুক কেন্দ্ৰ কৰি ক’লা দিৱস পালনৰ আহ্বান জনাই পাকিস্তানে কার্যতঃ ভাৰতত সন্ত্রাসবাদী কার্যকলাপত সাৰপানী যোগাইছে। বুৰহন ৱানি আছিল নিষিদ্ধঘোষিত সন্ত্রাসবাদী সংগঠন হিজবুল মুজাহিদীনৰ এজন কমাণ্ডাৰ। তেওঁ ছ’চিয়েল মিডিয়াৰ যোগেদি ৰাষ্ট্রবিৰোধী কামত লিপ্ত হ’বলৈ দেশৰ নৱপ্রজন্মক উদগনি যোগাইছিল। এনে এজন সন্ত্রাসবাদীৰ নিধনক কেন্দ্ৰ কৰি পাকিস্তানে গ্রহণ কৰা ভূমিকাই দেশখনৰ সন্ত্রাসবাদবিৰোধী দুমুখীয়া স্থিতি উদঙাই দিছে আৰু ভৱিষ্যতে এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ ইছলামাবাদ প্রশাসনক আমি আহ্বান জনাইছো।’ কাশ্মীৰ ইচ্ছুক কেন্দ্ৰ কৰি লোকসভাত চলা বিতর্কত অংশগ্রহণ কৰি কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীয়ে কাশ্মীৰৰ সমস্যা সমাধানৰ ক্ষেত্ৰত সকলো ৰাজনৈতিক দলক কাম কৰিবলৈ আহ্বান জনায়। তদুপৰি কাশ্মীৰৰ শেহতীয়া উত্তেজনাময় পৰিস্থিতি সন্দৰ্ভত প্রধানমন্ত্রী নৰেন্দ্র মোদী যথেষ্ট উদ্বিগ্ন বুলি মন্তব্য আগবঢ়াই ৰাজনাথ সিঙে কয় যে বিদেশ ভ্ৰমণৰ সময়তো প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে প্রতিমুহুর্ততে জম্মু আৰু কাশ্মীৰৰ পৰিস্থিতিৰ বুজ লৈছে। ইফালে, সন্ত্রাসবাদক জনোৱা সমর্থন আৰু ভাৰতৰ ৰাজ্যসমূহত কূটাঘাতমূলক কার্যকলাপত উচটনি দিয়া পাকিস্তানক আজি কঠোৰ ভাষাৰে নিন্দ কৰি বৈদেশিক পৰিক্রমা মন্ত্র্যালয়ে কয়, ভাৰতৰ যিকোনো স্থানত সন্ত্রাসবাদী কার্যকলাপক পৃষ্ঠপোষকতা নকৰিবলৈ আমি চুবুৰীয়া ৰাষ্ট্ৰখনক পুনৰ আহ্বান জনাইছোঁ। তদুপৰি আমাৰ আভ্যন্তৰীণ বিষয়ত মাত মতাৰ ক্ষেত্ৰতো চুবুৰীয়া পাকিস্তানৰ কোনো অধিকাৰ নাই। জম্মু আৰু কাশ্মীৰ আৰু পাক অধিকৃত কাশ্মীৰত বিগত দুদিনত হৈ থকা প্রতিবাদ তথা মন্তব্য আমি পর্যবেক্ষণ কৰি আহিছোঁ।
এনে প্রতিবাদৰ পৃষ্ঠপোষকতা কৰি আহিছে ৰাষ্ট্ৰসংঘৰ দ্বাৰা নিষিদ্ধঘোষিত সন্ত্রাসবাদীয়ে। এই সন্ত্রাসবাদীসকলেই এটা সময়ত ওছমা বিন লাডেন আৰু তালিবান নেতা আখতাৰ মনছুৰৰ হত্যাৰ প্রতিবাদ জনাইছিল। এনে ক্ষেত্ৰত জম্মু আৰু কাশ্মীৰত সংঘটিত হৈ অহা শেহতীয়া ঘটনাৱলীক লৈ প্রতিক্রিয়া ব্যক্ত কৰাৰ পৰা বিৰত থাকিবলৈ চুবুৰীয়া ৰাষ্ট্র পাকিস্তানক আমি আহ্বান জনালোঁ। উল্লেখ্য যে জম্মু-কাশ্মীৰক কেন্দ্র আন্তর্জাতিক সমুদায়ক বিপথে পৰিচালিত নকৰিবলৈ আহ্বান জনাই বৈদেশিক পৰিক্রমা মন্ত্র্যালয়ে আজি পাক অধিকৃত কাশ্মীৰৰ বেদখল প্রত্যাহাৰ কৰিবলৈও চুবুৰীয়া ৰাষ্ট্র পাকিস্তানক সকীয়াই দিয়ে।

facebook
twitter
google+
fb share