ক্রীড়া আদালতে খাৰিজ কৰিলে অলিম্পিক কমিটীৰ আবেদন

ৱেব ডেস্ক, ২১ জুলাই, ২০১৬ :
ৰাছিয়ান অলিম্পিক কমিটী আৰু দেশখনৰ ৬৭ গৰাকী এথলীটে তেওঁলোকৰ বিৰুদ্ধে আন্তঃৰাষ্ট্রীয় এথলেটিকছ ফেডাৰেচনে বিহা ৰিঅ’ অলিম্পিকৰ নিষেধাজ্ঞাৰ শাস্তিৰ বিৰুদ্ধে আবেদন জনাইছিল যদিও আন্তঃৰাষ্ট্ৰীয় ক্রীড়া আদালতে এই আবেদন খাৰিজ কৰি দিছে।

ক্রীড়া আদালতৰ নির্দেশৰ পিচত এতিয়া আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে ৰাছিয়াৰ ভয়াৱহ ড'পিং কেলেংকাৰীৰ বাবে দেশখনৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা লোৱাৰ সম্ভাৱনা আছে। ৰাছিয়ান খেলুৱৈসকলৰ আবেদন পোনছাটে খাৰিজ কৰা বুলি ক'ৰ্ট অব আর্বিট্ৰেচন ফৰ স্প'ৰ্টছে এক বিবৃতিত কয়। সমগ্ৰ ৰাছিয়াৰ ভয়াবহ ড'পিং এথলেটিকছ ফেডাৰেচনে এক তদন্ত চলাইছিল আৰু দেশখনৰ এথলীটক সকলো আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাৰ পৰা নিষিদ্ধ কৰিছিল।
ইয়াৰ ভিতৰত অহা ৫ আগষ্টৰ পৰা আৰম্ভ হ’বলগীয়া ৰিঅ' অলিম্পিকো আছে। এই সিদ্ধান্তৰ বিৰুদ্ধে আবেদন জনোৱা ৬৭ গৰাকী ৰাছিয়ান এথলীটৰ মাজত দুবাৰৰ প’লভল্ট চেম্পিয়ন য়েলেনা ইচিনবায়েভা অন্যতম। আন্তঃৰাষ্ট্ৰীয় এথলেটিক ফেডাৰেচনৰ নিষেধাজ্ঞাৰ বিৰুদ্ধে আচলতে ৬৮ গৰাকী ৰাছিয়ান এথলীটে আবেদন জনাইছিল। কিন্তু আন্তঃৰাষ্ট্রীয় এথলেটিকছ ফেডাৰেচনে আমেৰিকাত থকা লং জাম্পাৰ দাৰিয়া ক্লিচিনাক ৰিঅ’ত অংশগ্রহণৰ অনুমতি প্রদান কৰে। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ লগতে ক্রীড়া আদালতে স্পষ্টকৈ কয় যে ক্লিচিনাই ৰিঅ’ গেমছত অংশগ্রহণ কৰাত তেওঁলোকৰ কোনো আপত্তি নাই।

ইফালে ড'পিঙৰ প্রমাণ দিয়া ৮০০ মিটাৰ দৌৰবিদ জুলিয়া ষ্টেপান’ভাৰ বিষয়টো আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ তদৰ্থ আয়োগে বিবেচনা কৰি থকা বুলি কয়। আন্তঃৰাষ্ট্ৰীয় এথলেটিকছ ফেডাৰেচনে আজি ক্রীড়া আদালতৰ সিদ্ধান্তক আদৰণি জনাইছে। আমেৰিকা আৰু আন দেশৰ পূৰ্ণ সমর্থন লাভ কৰা বিশ্ব ড’পিংবিৰোধী সংস্থা বাডাই ৰাছিয়াক ৰিঅ’ অলিম্পিকৰ পৰা সম্পূর্ণ নিষিদ্ধ কৰাৰ দাবী জনাইছে। কিন্তু চূড়ান্ত সিদ্ধান্ত লোৱাৰ পূর্বে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে ক্রীড়া আদালতৰ প্রতিবেদন গুৰুত্বসহকাৰে নিৰীক্ষণ কৰিব। উল্লেখযোগ্য যে লণ্ডন অলিম্পিকত ৰাছিয়াই এথলেটিকছত আমেৰিকাৰ পিচতে পদক দখলৰ ক্ষেত্ৰত দ্বিতীয় স্থান লাভ কৰিছিল।
facebook
twitter
google+
fb share