ৱেব ডেস্ক, ২১ জুলাই, ২০১৬ :
বনৰক্ষীৰ গুলীত আহত আকাশ ওৰাং নামৰ শিশুটিৰ দেহত গুলী নহয়, বৰং শিলগুটিহে লাগিছিল বুলি ৰাজ্যৰ বন মন্ত্রী প্রমীলাৰাণী ব্রহ্মই কৰা টুলুঙা মন্তব্যৰ প্রতিবাদত আজি কাজিৰঙাৰ ৰাজপথত বন মন্ত্ৰীগৰাকীৰ প্রতিকৃতি দাহ কৰে আটছই।

আটছৰ গোলাঘাট জিলাৰ উদ্যোগত তথা জীপাল নামৰ কৃষক শ্রমিক সংগঠন আৰু ৰাইজৰ সহযোগত কাজিৰঙাৰ কঁহৰা চাৰিআলিত আজি দুপৰীয়া প্রতিকৃতি দাহ কৰি পৰিবেশটো উত্তাল কৰি তোলে। তদুপৰি বোকাখাত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতে সমগ্র দিনটো প্রতিবাদ অব্যাহত ৰাখে। উল্লেখযোগ্য যে যোৱা ১৭ জুলাইত পথেৰে গৈ থকা অৱস্থাত কাজিৰঙাৰ মিহিমুখত বনৰক্ষীৰ গুলীত আকাশ ওৰাং নামৰ এটি কণমানি শিশু আহত হোৱাক কেন্দ্ৰ কৰি কালিৰে পৰা কাজিৰঙাৰ কঁহৰা চাৰিআলিত আট্ছ, জীপাল নামৰ কৃষক শ্রমিক সংগঠন আৰু ৰাইজৰ সহযোগত ধাৰাবাহিকভাৱে অৱস্থান ধর্মঘটৰ কাৰ্যসূচী গ্রহণ কৰা হয়। বনৰক্ষীৰ গুলীত আহত আকাশ ওৰাঙক ১০ লাখ টকাৰ তত্কালীন সাহায্য, সমস্ত ঘটনাৰ ন্যায়িক তদন্তৰ দাবী কৰি অৱস্থান গ্রহণ কৰা হয় যদিও চৰকাৰীভাৱে বিষয়টো সন্দৰ্ভত কোনোধৰণৰ গুৰুত্ব আৰোপ কৰা নাই। ইয়াৰ বিপৰীতে কেৱল নিয়মমাফিক খবৰ কৰিবলৈ আহে বোকাখাতৰ দণ্ডাধীশ বিপুল কুমাৰ দাস। ইপিনে চৰকাৰী পক্ষই সাধাৰণ জনগণৰ প্রতিবাদক উপহাস কৰা বুলি অভিযোগ তুলি প্রতিবাদথলীতে এখনি সংবাদমেল অনুষ্ঠিত কৰে।প্ৰতিবাদকাৰীসকলে কয় যে যি সময়ত কাজিৰঙা সুৰক্ষাৰ কাৰণে বছৰ বছৰ ধৰি দাঁতি কাষৰীয়া জনগণে অতন্দ্ৰ প্ৰহৰীৰ দায়িত্ব পালন কৰি আহিছে ঠিক তেনে সময়তে জনতাৰ ওপৰত চৰকাৰী নির্যাতন ধাৰাবাহিকভাৱে অব্যাহত আছে। আনকি শেহতীয়াকৈ চৰকাৰী বুলেটৰ পৰা সাৰি যোৱা নাই কণমানি শিশু। কাজিৰঙাবাসীৰ আৱেগ, অনুভূতিক তাচ্ছিল্য কৰি নিজৰ অধিকাৰৰ পৰাও বঞ্চিত কৰাৰ ষড়যন্ত্রত সর্বানন্দ সোণোৱাল চৰকাৰ লিপ্ত হোৱা বুলি অভিযোগ তুলি জনতাৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ প্রয়াস কৰা চৰকাৰী পক্ষৰ বিৰুদ্ধে আন এক প্রতিবাদী কাৰ্যসূচী সংবাদমেলযোগে ঘোষণা কৰিছে আটছই। সেইমতে কাইলৈৰ পৰা সমগ্র গোলাঘাট জিলাতে আটছৰ প্ৰতিটাে গোটে গ্রহণ কৰিব ব্যাপক আন্দোলনৰ কাৰ্যসূচী। ইপিনে সংবাদমেলৰ পিচতে কাজিৰঙাৰ কঁহৰা চাৰিআলিত বন মন্ত্ৰীৰ প্রতিকৃতি দাহ কৰাৰ লগতে বন মন্ত্রী মুৰ্দাবাদ, বন বিভাগ হয় হয়, কাজিৰঙাবাসীৰ আৱেগ, অনুভূতিক কৰা তাচ্ছিল্য নচলিব, আমাৰ দাবী মানিবই লাগিব আদি বিভিন্ন ধ্বনিৰে সমগ্র এলেকাৰ আকাশ-বতাহ কঁপাই তোলে।


facebook
twitter
google+
fb share