২৫ জুলাইত বিত্তমন্ত্ৰীয়ে দাখিল কৰিব ৯০:১০, ৮০:২০ হাৰত
কেন্দ্রই দিয়া ধনৰ বিতং তথ্য
ৱেব ডেস্ক, ২১ জুলাই, ২০১৬ :
অসমে বিশেষ ৰাজ্যৰ মর্যাদা লাভ কৰা-নকৰাৰ প্ৰসংগক কেন্দ্ৰ কৰি আজি বিৰোধী দল কংগ্ৰেছে সদন ত্যাগ কৰে।

উল্লেখ্য যে পৰহি সদনত বিত্তমন্ত্রী ড. শৰ্মাই কংগ্ৰেছ বিধায়িকা অজন্তা নেওগৰ এক প্রশ্নৰ উত্তৰত অসমে এতিয়াও পূৰ্বৰ দৰে কেন্দ্রীয় আঁচনিৰ ক্ষেত্ৰত ৯০:১০, ৮০:২০ হাৰত পুঁজি লাভ কৰি থকাৰ বিষয়ে উল্লেখ কৰাৰ লগতে বিশেষ ৰাজ্যৰ মর্যাদা প্রসংগত কেন্দ্ৰৰ সৈতে পুনৰ যোগাযোগ কৰাৰ কোনো প্রয়োজন নাই বুলি মন্তব্য কৰে। ইয়াৰ বিপৰীতে একেদিনাই ৰাজ্যসভাত কেন্দ্রীয় বিত্তমন্ত্রী অৰুণ জেটলিয়ে অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কর্তন কৰা বুলি সাংসদ ৰিপুন বৰাৰ প্ৰশ্নৰ উত্তৰত কালি প্ৰকাশ কৰে।

ইয়াকে লৈ কালি বিধানসভাৰ মজিয়াত কংগ্ৰেছ বিধায়ক ৰকিবুল হুছেইন, অজস্তা নেওগ, শ্বেৰমান আলী আহমেদ আদিয়ে এই সম্পর্কত কোনটো তথ্য সত্য, সেই সম্পর্কত ৰাজ্য চৰকাৰৰ পৰা এক স্পষ্টীকৰণ দাবী কৰে। আনকি বিধায়িকা অজস্তা নেওগে এই বিষয়ত ৰাজ্য চৰকাৰৰ পৰা শ্বেতপত্রও দাবী কৰে। কালি সদনত বিৰোধীয়ে কৰা এই দাবীৰ পৰিপ্রেক্ষিতত আজি বিধানসভাত প্রশ্নোত্তৰ কাল শেষ হোৱাৰ পাছতেই বিত্তমন্ত্রী ড° শৰ্মাই বিষয়টাে সম্পর্কত এক বিবৃতি দিব বুলি প্রকাশ কৰে। পিছে বিত্তমন্ত্রী ড° শৰ্মাই বিবৃতি দিবলৈ থিয় হোৱাৰ লগে লগেই আচম্বিতে ৰকিবুল হুছেইনকে ধৰি কংগ্ৰেছ বিধায়কসকলে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে। বিত্তমন্ত্রী ড° শৰ্মাই এই সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক কিবা ক’বলগীয়া বক্তব্য আগবঢ়াবলৈ আহ্বান জনায় যদিও বিৰোধী কংগ্ৰেছৰ সদস্যসকলে সদনত কোনো বক্তব্য আগবঢ়োৱাৰ পৰা বিৰত থাকে আৰু মন্ত্ৰীৰ উত্তৰ শুনাৰ পূর্বেই সদন ত্যাগ কৰে। ইপিনে, অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কর্তন কৰা-নকৰাৰ প্ৰসংগক লৈ উদ্ভৱ হোৱা বিতর্কৰ উত্তৰ দি বিত্তমন্ত্রী ড° শৰ্মাই কয় যে পৰহি তেওঁ সদনত আগবঢ়োৱা বক্তব্য আৰু কেন্দ্রীয় বিত্তমন্ত্ৰীয়ে ৰাজ্যসভাত আগবঢ়োৱা বক্তব্যৰ মাজত কোনো পার্থক্য নাই।
কেন্দ্রীয় বিত্তমন্ত্ৰীয়ে ৰাজ্যসভাত দিয়া বক্তব্য বিকৃত কৰা হৈছে। সেই দিনা ৰাজ্যসভাত কেন্দ্রীয় বিত্তমন্ত্রী জেটলিয়ে দিয়া বক্তব্যত ‘বিশেষ ৰাজ্য' শব্দটােৰ পৰিৱর্তে ‘উত্তৰ-পূব আৰু পার্বত্য ৰাজ্য’ শব্দটাে প্রয়োগ কৰিছিল। ৰাজ্যসভাত দিয়া ভাষণত কেন্দ্রীয় বিত্তমন্ত্রী জেটলিয়ে অসমকে ধৰি উত্তৰ-পূবৰ ৰাজ্য, জম্মু-কাশ্মীৰ আৰু হিমালয়ান বিশেষভাৱে গুৰুত্ব দিয়া বুলি স্পষ্টভাৱে উল্লেখ কৰিছে। সদনত মন্ত্রী ড° শৰ্মাই অসমে এতিয়াও কোনবোৰ কেন্দ্রীয় আঁচনিত ৯০:১০, ৮০:২০ হাৰত ধন লাভ কৰি আহিছে, সেই তালিকা উল্লেখ কৰি কয় যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰেও সিদিনালৈকে এই নিৰিখতে ধন লাভ কৰি আহিছে৷ আনকি অহা ২৫ জুলাইত তেওঁ সদনত ৯০৪:১০, ৮০:২০ হাৰত কোনবোৰ আঁচনিৰ বিপৰীতে অসমে মুঠ কিমান টকা পালে, সেই সম্পর্কত এটা বিবৃতি দিব বুলিও আজি সদনত প্রকাশ কৰে। সদনত মন্ত্রী ড° শৰ্মাই বিৰোধীক প্রত্যাহ্বান জনাই কয় যে পৰহি তেওঁ বিধানসভাত দাখিল কৰা তথ্যত যদি কিবা ভুল আছে, তেতিয়াহ’লে কংগ্ৰেছে তেওঁৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ প্ৰস্তাৱ উত্থাপন কৰক। তেওঁ এটা এটাকৈ তাৰ উত্তৰ দিব। সদনত মন্ত্রী ড° শৰ্মাৰ স্পষ্ট দাবী— অসমে এতিয়াও কেন্দ্ৰৰ পৰা বিশেষ মর্যাদা লাভ কৰি আহিছে। কেৱল নামটোহে সলনি হৈছে। আনহাতে, বিশেষ ৰাজ্যৰ মৰ্যাদাক লৈ হোৱা বিতর্কৰ উত্তৰ দিবলৈ তেওঁ সাজু হোৱাৰ সময়তে বিৰোধী কংগ্ৰেছে কি কাৰণত সদন ত্যাগ কৰিলে, সেই সন্দৰ্ভত তেওঁ আশ্চর্য প্রকাশ কৰে।

facebook
twitter
google+
fb share