অধ্যক্ষৰ সমষ্টি : ওফন্দি উঠিছে বেকী, সংকটত ভূটান সংযোগী পথ, গৃহহীন হাজাৰ হাজাৰ জনতা

বাক্সা, ২১ জুলাই, ২০১৬ :

বিগত কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৃষ্টিপাতৰ ফলত জলপৃষ্ঠ বৃদ্ধি হৈ কাল ৰূপ ধাৰণ কৰিছে বেঁকী নৈয়ে। বেঁকী নৈৰ জলপৃষ্ঠ বৃদ্ধিৰ ফলত নাৰায়ণগুৰিৰ মথাউৰি ছিঙি বান হোৱাৰ লগতে মানাহ ৰাষ্ট্ৰীয় উদ্যান, ফাতেমাবাদ চাহ বাগিচা, ভুটান-মানাহ-বৰপেটাৰোড সংযোগী পথলৈ ভাবুকি কঢ়িয়াই আনিছে।

কাল ৰূপ ধাৰণ কৰা নৈখনে মানাহ ৰাষ্ট্রীয় উদ্যানৰ মুখ্য প্রৱেশদ্বাৰৰ বাওফালে তথা ২০০৪ চনৰ ছিঙা অংশৰ কিছু আঁতৰৰ নাৰায়ণগুৰিৰ মথাউৰিটো ছিঙি নিয়াৰ আশংকাই দেখা দিছে। তদুপৰি গোবর্ধনা ব্লকৰ অন্তর্গত গামাৰীগুৰি, উত্তৰ ছাফাকামাৰ গাৱৰ প্রায় ১ কিলোমিটাৰ অঞ্চল বেঁকী নৈৰ প্রবল খহনীয়াৰ কবলত পৰা হেতু অচিৰেই বৰপেটাৰোড-মানাহ-ভূটান সংযোগী আন্তঃৰাষ্ট্রীয় গড়কাপ্টানী পথটাে খহাই নিয়াৰ উপক্রম ঘটিছে। পথটোৰ গাতে লাগি থকা খাৰিজ বিজনী কলেজৰ প্রায় ৫০ মিটাৰ আগুৱাই আহিছে নৈখন। বর্তমান অধিকাংশ লোকে ঘৰ-মাটি হেৰুৱাই বৰপেটাৰোড-মানাহ পথৰ দাঁতিত আশ্রয় ল’ব লগা হৈছে। তদুপৰি এই অঞ্চলৰ কৃষকৰ হাজাৰ হাজাৰ বিঘা খেতি মাটি বেঁকী নৈৰ বুকুত জাহ গৈছে। এছ ডি আৰ এফৰ তৰফৰ পৰা অলপতে ৩৫ কোটি টকা মথাউৰি নিৰ্মাণৰ বাবে আবণ্টন দিয়া হৈছিল যদিও মথাউৰি নিৰ্মাণৰ কাম অদ্যপি আৰম্ভ কৰা নাই।

অসম বিধানসভাৰ অধ্যক্ষৰ সমষ্টিত হাজাৰ হাজাৰলোক বেঁকীৰ প্ৰবল গৰাখহনীয়াৰ কবল পৰি গৃহ হাৰা হৈছে৷ বৰ্তমান বিধানসভাৰ অধিৱেশন চলি থকাৰ গইনা লৈ স্থানীয় বিধায়ক গৰাকীয়ে এই লোকসকলৰ খবৰ লোৱাৰো আহৰি পোৱা নাই৷ মাথো সেয়াই নহয় বিগত প্ৰায় ১০ বছৰৰ পৰা হৈ থকা গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ বাবে বিধায়কসকলে মাথো নৈপৰীয়া লোকসকলক প্ৰতিশ্ৰুতিয়েই দিলে যদিও আজিৰ তাৰিখলৈকে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বিভাগ৷ উল্লেখ্য যে যোৱা বেলিও বৰ্তমানৰ অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসেই এই সমষ্টিটোৰ বিধায়ক আছিল আৰু তেতিয়া বিৰুধীৰ চৰকাৰ থকাৰ বাবে ৰাইজৰ কাম কৰাত অসুবিধা বুলি ৰাইজক বুজাইছিল৷ এইবেলি অধ্যক্ষ হোৱাৰ পাছত গৰাখহনীয়াৰ কবলত পৰা অঞ্চল পৰিদৰ্শন কৰি অচিৰেই এই সমস্যাৰ সমাধান কৰা হ’ব বুলি প্ৰতিশ্ৰুতিও প্ৰদান কৰিছি৷

গৰাখহনীয়া প্রতিৰোধৰ বাবে চৰকাৰে তত্কালীনভাৱে ব্যৱস্থা হাতত নল’লে নাৰায়ণগুৰিৰ মথাউৰি ছিঙি বৰপেটা-বাগসা জিলাৰ বিভিন্ন অঞ্চল প্লাৱিত হোৱাৰ উপৰি মানাহ ৰাষ্ট্রীয় উদ্যান, ফাতেমাবাদ চাহ বাগিচা, গোবর্ধনা খাৰিজ বিজনী কলেজ, বৰপেটাৰোড-মানাহ-ভূটান সংযোগী পথ, গোৱধনা হাইস্কুল, পশু চিকিত্সালয়, শংকৰদেৱ শিশু নিকেতন, গামাৰীগুৰি মছজিদ আদি বেঁকীৰ বুকুত জাহ যোৱাৰ সম্ভাৱনা আছে। নৈপৰীয়া ৰাইজে সম্প্রতি পৰিত্ৰাণ বিচাৰি বেঁকীৰ পাৰতেই নাম-কীর্তন আয়োজন কৰাৰ লগতে গোবর্ধনা আঞ্চলিক ছাত্র সস্থা, আনন্দ বজাৰ আঞ্চলিক ছাত্র সস্থা, বাগসা জিলা আমছু, শালবাৰী জিলা এ বি এমছ, বাগসা জিলা পি এফ আয়ে স্থানীয় বিধায়ক তথা বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ লগতে অসম চৰকাৰক গৰাখহনীয়া ৰোধৰ বাবে বিজ্ঞানসন্মত ক্ষিপ্র পুদক্ষেপ ল’বলৈ দাবী জনাইছে।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment