বনবিভাগৰ ৩,৪৩,৪১৪৪২ হেক্টৰ ভূমি বেদখলকাৰীৰ হাতত

গুৱাহাটী, ২১ জুলাই, ২০১৬ :
বন্যপ্রাণীকে আদি কৰি পৰিৱেশ-পাৰিপাশ্বিকতাৰ প্রতি তীব্র ভাবুকি সৃষ্টি কৰি সমগ্ৰ অসমত বনবিভাগৰ ৩,৪৩,৪১৪৪২ হেক্টৰ ভূমি বেদখলকাৰীয়ে দখল কৰি আছে৷ মুঠ ২১৪.৪০টা পৰিয়ালে এই বৃহত্ পৰিমাণৰ ভূমিত বেদখল কৰি আছে। 
অগপৰ বিধায়ক উত্পল দত্তৰ এক প্রশ্নৰ উত্তৰ এই তথ্য জানিবলৈ দিয়ে বনমনত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই৷ নামনি অসম আৰু উজনি অসম মণ্ডল প্রাদেশিক শাখাৰ বনাঞ্চলসমূহত হোৱা বেদখলৰ সবিশেষ তথ্যও সদনত তেওঁ দাঙি ধৰে। লক্ষণীয়ভাৱে এই বেদখলকাৰীসকলৰ মাজত সন্দেহযুক্ত লোক আছে নেকি বুলি বিধায়ক দত্তই উত্থাপন কৰা প্রশ্নৰ বিপৰীতে মন্ত্রী ব্রহ্মই তেওঁৰ বিভাগৰ হাতত তেনে তথ্য নাই বুলি জানিবলৈ দিয়ে। এই সন্দৰ্ভত মন্ত্রী ব্রহ্মই সদনত দাঙি ধৰা বক্তব্য আছিল এনেধৰণৰ— যিহেতু নাগৰিকত্ব চিনাক্তকৰণৰ বিষয়টো বন বিভাগৰ দ্বাৰা সম্পন্ন কৰাৰ কতৃত্ব নাই, সেয়ে বেদখলকাৰীসকলৰ মাজত সন্দেহযুক্ত লোক থকাৰ তথ্য বন বিভাগৰ হাতত নাই। ২০০১-০২ৰ পৰা ২০১৫-১৬ বিত্তীয় বৰ্ষৰ জুন মাহপর্যন্ত বিভাগটোৱে মুঠ ৬৯,২১৯.১২৭৬৮ লাখ টকাৰ ৰাজহ সংগ্ৰহ কৰাৰো মন্ত্রী ব্ৰহ্মই তথ্য দাঙি ধৰে। সেইদৰে বন বিভাগৰ অধীনস্থ ২৬খন চেকগেটৰ ১০খন বন্ধ কৰি দিয়াৰ কথা উল্লেখ কৰি মন্ত্রী ব্রহ্মই কয়— ‘বন্ধ কৰি দিয়া গেটসমূহ বিভাগৰ অনুমোদন সাপেক্ষে খোলা হৈছিল। বাকীবোৰ আন্তঃৰাজ্যিক চেকগেট আৰু চৰকাৰী ন’টিফাইড চেকগেট বাবে বর্তমানেও চলি আছে। ফ’ৰলেনযুক্ত ঘাইপথ নির্মাণৰ পৰিপ্রেক্ষিতত বন বিভাগে কটা গছ আৰু সেয়া বিক্ৰীৰ জৰিয়তে বিভাগে সংগ্রহ কৰা ৰাজহ সম্পৰ্কীয় তথ্যও তেওঁ সদনৰ মজিয়াত দাঙি ধৰে। সেই অনুসৰি নামনি অসম মণ্ডল আৰু উজনি অসম মণ্ডল প্রাদেশিক শাখাৰ অধীনত মুঠ ৬৪,৫০৩ জোপা গছ কটা হৈছে। এই গছসমূহ বিক্ৰী কৰি বিভাগে ৫,১৮,৪৩,৯৯৬ টকা সংগ্রহ কৰে। ইয়াৰ ভিতৰত নামনি অসম মণ্ডল প্রাদেশিক শাখাৰ অন্তর্গত পূব কামৰূপ আৰু উত্তৰ কামৰূপ বন সংমণ্ডলৰ ক্রমে ৪,৫০২ আৰু ৯,৯৯৮ জোপা গছ কটা হয়। কটা গছসমূহ সংশ্লিষ্ট সংমণ্ডল এলেকাৰ কাঠ ভঁৰালত ৰখা হৈছিল। পৰৱৰ্তী সময়ত বিভাগীয়ভাৱে গছসমূহ নিবিদ আৰু নিলামযোগে ক্রমে ৪১,৭৪,২০৫ টকা আৰু ৬৬,৩৯,৩৮৩ টকাৰ ৰাজহ সংগ্রহ কৰে। একেদৰে উজনি অসম মণ্ডল প্রাদেশিক শাখাৰ অধীনত কটা গছৰ সংখ্যা আছিল ৫০,০০৩ জোপা। কটা গছবোৰ সংশ্লিষ্ট বন সংমণ্ডলৰ অধীনস্থ বিভিন্ন বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়, বিট কার্যালয় বিত্ৰী কৰা হয়। কটা গছবোৰ বিত্ৰী কৰি বিভাগটোৱে লাভ কৰে ৪,১০,৩০,৪০৮ টকা। ইফালে কংগ্ৰেছ বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ আন এক প্রশ্নৰ বিপৰীতে ৰাজ্যখনত যোৱা পাঁচ বছৰত সংঘর্ষৰ ফলত মানুহ আৰু বন্যপ্রাণীৰ মৃত্যু হোৱা সম্পৰ্কীয় তথ্যও সদনত সদৰী কৰে মন্ত্রী ব্রহ্মই। এনে সংঘর্ষৰ ফলত ২০১১ চনত ৬৮জন, ২০১২ চনত ৮৩জন, ২০১৩ চনত ৮৫জন, ২০১৪ত ৮৩জন আৰু ২০১৫ চনত ৯৭জন লোকে প্রাণ হেৰুৱায়। অর্থাত্ বিগত পাঁচ বছৰত বন্যপ্রাণীৰে সংঘৰ্ষত মৃত্যু হোৱা মানুহৰ সংখ্যা হল ৩৮৬জন।মানুহ আৰু বন্যপ্রাণীৰ সংঘর্ষ দূৰ কৰিবলৈ বন বিভাগে বিভিন্ন পদক্ষেপ লোৱা বুলি তেওঁ দাবী কৰে।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment