ভয়ঙ্কৰ ভূমিকম্পত ধ্বংশ হ’ব বাংলাদেশ, অসমসহ পূব ভাৰত

যিকোনো মূহুৰ্তত ৯ ৰিখটাৰ প্রাবল্যৰ ভূমিকম্প হোৱাৰ আগজাননী তিনি বিশ্ববিদ্যালয়ৰ


ৱেব ডেস্ক, ১২ জুলাই, ২০১৬ :
বিশ্বৰ বৃহত্তম মোহনাৰ ঠিক তলৰ ভূগৰ্ভত দুখন ফলকৰ (টেক্টনিক প্লেট) সংঘর্ষ বৃদ্ধি পোৱা বাবে সমগ্র অসমকে আদি কৰি পূৱ ভাৰত আৰু বাংলাদেশৰ সমগ্ৰ অঞ্চলত এটা প্রলয়ংকৰী ভূমিকম্পৰ সম্ভাৱনা বৃদ্ধি পোৱা বুলি বিজ্ঞানীসকলে প্রকাশ কৰিছে। বাংলাদেশৰ ভূগৰ্ভত সৃষ্টি হোৱা এটা ভূতাত্ত্বিক পৰিবর্তনে এই অঞ্চলটো ধ্বংসস্তুপত পৰিণত কৰিব পাৰে বুলি মত ব্যক্ত কৰিছে বিজ্ঞানীসকলে। বিজ্ঞানীসকলৰ মতে বংগোপসাগৰৰ মোহনা অঞ্চলৰ ভূগৰ্ভত এনে বিপজ্জনক পৰিঘটনা ঘটিছে যে ইয়াৰ ফলত হবলগীয়া ভূমিকম্পই অঞ্চলটােৰ বহু এলেকাৰ নিৰ্মাণসমূহ ধূলিসাত্ কৰি পেলাব। ক্ষতিগ্রস্ত হ’ব অঞ্চলটোত বসবাস কৰা চৈধ্য কোটিতকৈ অধিক লোক। বংগোপসাগৰৰ মোহনাত উনৈশ কিলোমিটাৰ গভীৰত হ’ব লগা এই ভূমিকম্পৰ প্ৰভাৱ পৰিব ৬২,০০০ বর্গকিলোমিটাৰ এলেকাত। ভূমিকম্পটোৱে বাংলাদেশৰ ৰাজধানী চহৰখনক বিধ্বস্ত কৰিব। উত্তৰ-পূব ভাৰতৰ শ্বিলং, গুৱাহাটী, শিলিগুৰি, কলকাতা আদি মোহনাৰ যথেষ্ট ওচৰত অৱস্থিত হোৱা বাবে এই চহৰসমূহৰ নিৰ্মাণসমূহ তাচপাতৰ দৰে খহি পৰিব পাৰে। কেৱল এয়ে নহয় ভয়ংকৰী ভূমিকম্পই ধ্বংস কৰি পেলাব ভূ-গর্ভৰ প্রাকৃতিক সম্পদৰ ভাণ্ডাৰ আৰু খহি পৰিব বৃহত্ নদীবান্ধকে ধৰি বহু আধুনিক নির্মাণ। পূব ভাৰতত হ’ব লগা বৰ ভূইকঁপ সম্পৰ্কীয় গৱেষণাৰ প্রবীণ বিজ্ঞানী কলম্বিয়া বিশ্ববিদ্যালয়ৰ ভূ-পদার্থবিজ্ঞানী মাইকেল ষ্টেকলাৰৰ মতে বিজ্ঞানীসকলে গৱেষণাত যিখিনি নতুন তথ্য লাভ কৰিছে সেই অনুসৰি অনিবার্যভাৱেই প্রবল ভূমিকম্পই সমগ্র অঞ্চলটােক তচনচ কৰি পেলাব আৰু অধিকভাৱে ক্ষতিগ্রস্ত হ’ব নগৰ-চহৰসমূহ। ভূপদার্থবিজ্ঞানীজনৰ মতে টেক্টনিক প্লেটৰ সংঘর্ষৰ শক্তিৰ বিয়োজন হ’ব, তেতিয়া হবলগীয়া ভূমিকম্পটাে হ’ব ৮.২ প্রাবল্যতকৈ বেছি আৰু ৰিখটাৰ স্কেলৰ এই প্রবলাই ৯ স্পর্শ কৰাৰো সম্ভাৱনা আছে। যদিহে এনে ঘটনা ঘটে তেন্তে সাগৰীয় অঞ্চলৰ কাষৰ ঠাইসমূহতো বিস্তৰ ক্ষতি হ’ব আৰু ছুনামি হোৱাটাে নিশ্চিত। বাংলাদেশত বিশ্বৰ বৃহত্তম মোহনা অঞ্চলটোত গংগা আৰু ব্ৰহ্মপুত্র মিলন হৈ বংগোপসাগৰত পৰিছেগৈ৷ নেছাৰ জিঅ’ ছায়েন্স গৱেষণা আলোচনীত প্রকাশিত প্রতিবেদনখনৰ মতে প্রলয়ংকৰী ভূমিকম্পই গংগা আৰু ব্ৰহ্মপুত্র নদীক ক্ষতিগ্রস্ত কৰিব। ফলত সলনি হ’ব পাৰে অসমৰ লুইতৰ গতিপথ। হিমালয়ৰ পৰা বংগোপসাগৰলৈকে প্রবাহিত হৈ সৃষ্টি হোৱা পলসৰ স্তৰসমূহ সলনি হ'ব। গৱেষণাটোত জড়িত ঢাকা বিশ্ববিদ্যালয়ৰ বিজ্ঞানী ছৈয়দ হুমায়ুন আখতাৰে কয় যে হিমালয় অঞ্চলৰ বোকা-পলসত ধল নামি আহিব আৰু অট্টালিকা, দলং, পথ, বান্ধ আদি বহু সময় কপি থকাৰ পিচত খহি পৰিব। আন এজন গৱেষক নিউ মেক্সিকো ষ্টেট বিশ্ববিদ্যালয়ৰ জেমছ নীয়ে কয় যে ভূমিকম্পটোৱে পূব ভাৰতৰ চহৰসমূহক ধ্বংসস্তুপৰ পৰিণত কৰিব পাৰে। এই ধ্বংসলীলাই উত্তৰ-পূব ভাৰত অতিক্ৰমি ম্যানমাৰতো বিস্তৰ ক্ষতি কৰিব। স্মৰণীয় যে ২০০৪ চনত ভাৰত মহাসাগৰত হোৱা ভূমিকম্পৰ ফলত ছুনামিয়ে ২,৩০,০০০ লোকৰ প্ৰাণ লৈছিল। শেহতীয়াকৈ প্রলয়ংকৰী নেপাল ভূমিকম্পই ৯,০০০ লোকৰ প্ৰাণ লৈছিল। নেপাল ভূমিকম্পৰ পিচত উত্তৰ-পূবত ডাঙৰ ভূমিকম্প নহয় বুলি বিভিন্নজনে দাবী কৰিছিল যদিও এতিয়া উত্তৰ-পূর্বক সষ্টম হ’বৰ বাবে নতুন গৱেষণাটাে সাৱধানবাণী হৈ পৰিল। যিহেতু গুৱাহাটীৰ বেছিভাগ অট্টালিকাই ৭ প্রাবল্যতকৈ অধিক বিধ্বংসী ভূমিকম্প প্রতিৰোধৰ বাবে সক্ষম নহয় সেয়ে মহানগৰখনৰ বহু অট্টালিকা খহি পৰিব পাৰে। অৱশ্যে মুকলি ঠাইত আশ্রয় লৈ বা আছাম টাইপ ঘৰৰ লোকসকল প্রাণ ৰক্ষা পৰিব বুলি আশা কৰা হৈছে।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment