প্ৰসঙ্গঃ মূল্যবৃদ্ধি, তৈলক্ষেত্ৰ আৰু সন্ত্ৰাসবাদঃ আমছুৰ ধাৰাবাহিক আন্দোলন ঘোষণা

১৪ জুলাইত জিলাই জিলাই জোৰ সমদল
২০ জুলাইত কেন্দ্ৰীয় ভাবে লাষ্টগেটত ধৰ্ণা

১২ জুলাই ২০১৬, গুৱাহাটী :
সম্প্ৰতিক অসমৰ একাংশ সংবাদমাধ্যমে অসমৰ গাৱেঁ-ভূয়ে তথা চৰ-চাপৰি অঞ্চলত জেহাদী, ISIS আদি সন্ত্ৰাসবাদীয়ে ঠন ধৰি উঠা বুলি বাতৰি পৰিবেশন কৰি আকাশ বতাহ গৰম কৰি তোলাৰ পৰিপ্ৰেক্ষিতত আৰু ইয়াৰ ফলত সংখ্যালঘু ৰাইজে যাতে অযথা হাৰাশাস্তিৰ সন্মুখিন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে এলালি সজাগতামূলক আৰু প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ আজি সংগঠনটোৱে গুৱাহাটীৰ হাতীগাওঁ চাৰিআলি নীলগিৰি পথস্থিত আমছুৰ মুখ্য কাৰ্যালয়ৰ সভাকক্ষত আমছুৰ সভাপতি আজিজুৰ ৰহমানৰ সভাপতিত্বত  তাত্ক্ষণিক ভাবে এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰি এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি সাধাৰণ সম্পাদক আইনুদ্দিন আহমেদে জানিবলৈ দিছে৷ আমছুৰ কৰ্ণধাৰ সমিতিৰ আজিৰ সভাত অসমত একপ্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰা তথাকথিত জেহাদী, ISIS সন্ত্ৰাসবাদীৰ তীব্ৰ বিৰোধীতা কৰাৰ লগতে সন্ত্ৰাসবাদী কাৰ্যকলাপক তীব্ৰ ভাষাৰে সমালোচনা কৰি প্ৰস্তাৱ গ্ৰহণ কৰে। অসমত বিশেষকৈ সংখ্যালঘু অধ্যুষিত অঞ্চলত জেহাদী, ISIS আদি সন্ত্ৰাসবাদীৰ কোনো স্থান নাই বুলিও সংগঠনটোৱে দাবী কৰে। লগতে জেহাদী, #ISIS, #NDFB আদি প্ৰতিটো সন্ত্ৰাসবাদক আমছু তথা সংখ্যালঘু সম্প্ৰদায়ৰ ৰাইজে তীব্ৰ বিৰোধিতা কৰি আহিছে আৰু অনাগত দিনত কৰি যাব বুলি স্পষ্ট কৰি দিয়ে । ৰাজ্যৰ সংখ্যালঘুসকলৰ জাতীয় সংগঠন হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হোৱা বৃহত্ জাতীয় সংগঠনটোৱে সন্ত্ৰাসবাদত জড়িত কোনো দুষ্ট প্ৰকৃতিৰ লোকে যাতে সংখ্যালঘু অধ্যুষিত অঞ্চলত আশ্ৰয় ল’ব নোৱাৰে তাৰ বাবে অসমৰ ৰাইজক সজাগ কৰা তথা সকলো ধৰণৰ সন্ত্ৰাসবাদী কাৰ্য্যকলাপৰ প্ৰতিবাদত আৰু তথাকথিত জেহাদী, ISIS ইত্যাদি সন্ত্ৰাসবাদীৰ নামত যাতে কোনো নিৰিহ যুবক বা লোকক অযথা কৰায়ত্ব কৰি হাৰাশাস্তি কৰা নহয় তাৰ দাবীত অহা ১৪ জুলাই তাৰিখে সমগ্ৰ অসমতে জিলা তথা মহকুমা সদৰত জোৰ সমদল কাৰ্য্যসূচী ৰূপায়ন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহন কৰে৷

আনহাতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে অতি কৌশলেৰে সাধাৰণ জনতাক মাধমাৰ সোধাই ১২৭ বিধ সামগ্ৰীৰ ভেট কৰি সামগ্ৰীৰ মূল্য বৃদ্ধি কৰাৰ লগতে মাটিৰ খাজনা বৃদ্ধি কৰি সৰ্বসাধাৰণ কৃষকক মাধমাৰ সোধোৱাৰ প্ৰতিবাদত তথা অসমৰ ১২ টাকৈ তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডক গতোৱাৰ সিদ্ধান্তৰ প্ৰতিবাদত অহা ২০ জুলাই তাৰিখে কেন্দ্ৰীয়ভাৱে গুৱাহাটীৰ দিছপুৰৰ লাষ্টগেটত এক ধৰ্না কাৰ্যসূচী ৰূপায়ন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে সংগঠনটোৱে। উক্ত কাৰ্যসূচীত আমছুৰ কেন্দ্ৰীয় সমিতিৰ সমুহ বিষয়ববীয়া, কাৰ্যকৰী সদস্য, জিলা সমিতি সমূহৰ সভাপতি, সাধাৰণ সম্পাদক সমন্বিতে সমুহ বিষয়ববীয়া আৰু সৰ্বস্থৰৰ ৰাইজক উল্লেখিত কাৰ্যসূচী সমূহত অংশগ্ৰহণ কৰি সফল ৰূপায়ন কৰিবলৈ আহ্বান জনায় সংগঠনটোৱে৷

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment