গুৱাহাটী, ১২ জুলাই, ২০১৬ :
তৈলক্ষেত্ৰ নিলাম, মূল্যবৃদ্ধিৰ অভিনভ প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে৷ ৰণধ্বনি নামেৰে নামাকৰণ কৰা উক্ত প্ৰতিবাদত ডবা, কাহ আদি বজাই ৰাজ্য চৰকাৰৰ বিৰুদ্ধে আজি গুৱাহাটীত এই প্ৰতিবাদ কৰা পৰিলক্ষিত হয়৷ উল্লেখ্য যে পৰিৱৰ্তনৰ স্লোগাণ লৈ ৰাজ্যৰ শাসনৰ গাধী দখল কৰা বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে বিগত কেইবাদিনৰ পৰা ৰাজ্য ব্যাপী আন্দোলন হোৱা পৰিলক্ষিত হৈছে৷ চৰকাৰখনে ৰাইজক প্ৰদান কৰা প্ৰতিশ্ৰুতিসমূহ পালন কৰাৰ ক্ষেত্ৰত চূড়ান্তৰূপে ব্যৰ্থ হোৱাৰো অভিযোগ উত্থাপ হৈছে৷ এয়া নিশ্চিত ভাবে নৱ গঠিত ৰাজ্যচৰকাৰৰ বাবে অশুভ লক্ষণ৷
facebook
twitter
google+
fb share