ৰাজপথত অংগনৱাড়ী কর্মী-সহায়িকাৰ উত্তাল প্রতিবাদ

গুৱাহাটী, ১১ জুলাই : 

তিনিচুকীয়া, যোৰহাট, গোলাঘাট, বৰপেটা, মঙলদৈ, কোকৰাঝাৰৰ লগতে গুৱাহাটীৰ দীঘলীপুখুৰী পাৰৰ পৰা উজান বজাৰৰ সমাজ কল্যাণ সঞ্চালকালয়লৈ পথছোৱাৰে অসম ৰাজ্যিক অংগনৱাড়ী (#Anganwadi) কর্মী আৰু সহায়িকা সন্থাৰ সদস্যসকলে উলিওৱা এক বিশাল সমদলেৰে আজি মহানগৰীৰ  ৰাজপথ উত্তাল কৰি তোলা পৰিলক্ষিত হয়৷ প্রতিবাদকাৰীসকলে সংহত শিশু বিকাশ আঁচনি চমুকৈ #ICDS ৰ বাজেট বৃদ্ধি কৰা, কর্মী-সহায়কসকলক মাননিৰ সলনি মজুৰি আদায় দিয়া, সহায়িকাক অৱসৰকালীন সুবিধা প্রদান কৰা, #BTAD অঞ্চলতো সকলো সুবিধা সমানে আদায় দিয়াৰ দাবী জনোৱাৰ লগতে কেন্দ্রীয় বাজেটত শিশু আৰু মহিলা কল্যাণৰ পুঁজি কর্তন কৰাৰ প্রতিবাদত সৰৱ হৈ ‘মোড়ী চৰকাৰ হায় হায় ধ্বনি দিয়ে। এই সমদল যাত্ৰাৰ পূর্বে দিনৰ ১১ বজাত দীঘলীপুখুৰী পাৰত অনুষ্ঠিত হয় এখন প্রতিবাদী সভা। সন্থাৰ সভানেত্রী নীৰদা ললিত কলিতাৰ লগতে চিটুৰ বিষয়ববীয়া তপন শৰ্মা, মদন তালুকদাৰকে ধৰি কেইবাগৰাকী বিষয়ববীয়াই সভাত দিয়া ভাষণত সংহত শিশু কল্যাণ আঁচনি সন্দৰ্ভত কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ ভূমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰে। এই প্রতিবাদী সভাৰ পিচতে প্রতিবাদকাৰীসকলে সমদল কৰি গৈ উজান বজাৰৰ সমাজ কল্যাণ সঞ্চালকালয়ত উপস্থিত হয়। তাত প্রতিবাদকাৰীসকলে বিক্ষোভ প্রদর্শন কৰি সঞ্চালক কুমুদ চন্দ্র কলিতাৰ জৰিয়তে কেন্দ্রীয় শিশু আৰু সমাজ কল্যাণ মন্ত্রী মানেকা গান্ধীলৈ সম্বোধন কৰি যুগুত কৰা সন্থাৰ ৭ দফীয়া দাবী সম্বলিত এখন স্মাৰকপত্র প্রদান কৰে। স্মাৰকপত্র গ্রহণ কৰি সঞ্চালকগৰাকীয়ে সংশ্লিষ্ট দাবীসমূহ যুক্তিসংগত বুলি মন্তব্য আগবঢ়ায়। প্রতিবাদকাৰীসকলে অংগনৱাড়ী কর্মী আৰু সহায়িকাসকলক নিয়মীয়া কৰ্মচাৰীৰ মর্যাদা প্রদান কৰা, নূ্ন্যতম মাহিলি মজুৰি ১৮ হেজাৰ টকা ধার্য কৰা, ই এছ আই সুবিধা প্রদান কৰাৰো দাবী জনায়। উল্লেখ্য, অংগনৱাড়ী কেন্দ্রত কর্মী আৰু সহায়িকাই সম্প্রতি প্রায় ৮ ঘণ্টা পৰিশ্রম কৰি আছে। তাৰ বিনিময়ত কেন্দ্রীয় চৰকাৰৰ পৰা কৰ্মীয়ে ৩০০০ টকা আৰু সহায়িকাই ১৫০০ টকাহে মাননি হিচাপে পায়। মিনি অংগনৱাড়ী কর্মীয়ে সহায়িকাৰ সম হাৰৰ মাননি লৈ অকলে কেন্দ্র চলাবলগীয়া হৈ আছে। এইসকলৰ কামৰ বোজা পূর্বতকৈ বৃদ্ধিও হৈছে। ছটা সেৱা আগবঢ়োৱাৰ উপৰি সবলা আঁচনি, জি এম এছ ৱাই আঁচনি, এন আৰ চি, বি এল অ' আদি চৰকাৰী কামতো নিয়োগ কৰি থকা হয়। পিচে এইসকলৰ বেমাৰ-আজাৰ হ’লে কোনো চিকিত্সা সাহায্য নাপায়। শেহতীয়াভাৱে চৰকাৰে অংগনৱাড়ী কর্মী আৰু সহায়িকাসকলক অৱসৰ লোৱাৰ বাবে হেঁচা প্রয়োগ কৰি আছে, কিন্তু কোনোধৰণৰ অৱসৰকালীন সাহায্য প্রদানৰ ঘোষণা হোৱা নাই অর্থাত্ ৬০ বছৰ বয়স হোৱা কর্মী আৰু সহায়িকাই খালী হাতে অৱসৰ গ্ৰহণ কৰিব লাগিব।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment