ৱেব ডেস্ক, ১২ জুলাই, ২০১৬ :
শদিয়াৰ ২নং বুঢ়াবুঢ়ী গাঁও নিবাসী এছ কে ৰায়ৰ পুত্র তথা ১/৩ গোৰ্খা ৰাইফলছৰ নায়ক অৰুণ কুমাৰ ৰায় জম্মু আৰু কাশ্মীৰৰ কুপৱাৰাৰ কেৰেন ছেক্টৰত পাকিস্তানী উগ্রপন্থীৰে হোৱা সংঘৰ্ষত ছহিদ হয়। ১০ জুলাইৰ নিশা ১১ বজাত আন তিনিজন সেনা জোৱানৰ সৈতে পেট্রলিং ডিউটিত থকা বীৰ জোৱান অৰুণ কুমাৰ ৰায় পাকিস্তানী উগ্রপন্থীৰে সৈতে মুখামুখি হয় আৰু সন্মুখ সমৰত লিপ্ত হয়। এই গুলীয়াগুলিত অসমৰ বীৰ জোৱান অৰুণ কুমাৰ ৰায়ৰ বুকু ভেদি যায়। বহু সময় বীৰত্বৰে যুঁজ কৰি অৱশেষত বীৰ জোৱান অৰুণ কুমাৰ ৰায় মাটিত ঢলি পৰে। শদিয়াৰ বীৰ জোৱান অৰুণ কুমাৰ ৰায়ৰ পাকিস্তানী সীমান্তত মৃত্যু হোৱাৰ খবৰ পৰিয়ালৰ লোকে কালি আবেলি লাভ কৰে। সৰবৰহী জোৱানজনৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে নিজ গাঁও তথা সমগ্র অঞ্চলটোতে শোকৰ ছাঁ পৰে। ছহিদ অৰুণ কুমাৰ ৰায়ে মৃত্যুৰ সময়ত পত্নী, পিতৃ-মাতৃ, ভাতৃ আৰু ভগ্নীক এৰি থৈ গৈছে। বীৰ ছহিদজনৰ মৃতদেহ ১৩ জুলাইত দুপৰীয়া ১ বজাত শদিয়াৰ নিজ বাসগৃহত আহি পাব বুলি জানিব পৰা গৈছে। মৃতদেহ আহি পোৱাৰ লগে লগে বীৰ ছহিদজনক সম্পূর্ণ সামৰিক মর্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ'ব বুলি সূত্ৰত প্ৰকাশ।
facebook
twitter
google+
fb share