১১ জুলাই, গুৱাহাটীঃ
অসমৰ তপন কুমাৰ হাজৰিকাই ৰাষ্ট্ৰীয় কৃষি আৰু গ্রামোন্নয়ন বেংক (নাবাড)ৰ মুখ্য প্রবন্ধক হিচাপে নিযুক্ত হৈছে । মুম্বাই স্থিত নাবার্ডৰ মুখ্য কার্যালয়ত তেওঁ বেংকটোৰ অধীনস্থ সংস্থাসমূহ চোৱা-চিতা কৰাৰ বাবে থকা বিভাগৰ বিভাগীয় মুৰব্বী হিচাপে ইতিমধ্যে দায়িত্ব গ্রহণ কৰিছে। উল্লেখ্য যে পদোন্নতিৰ পূর্বে তেওঁ বেংকটোৰ ডেহৰাডুনস্থিত উত্তৰাখণ্ড আঞ্চলিক কার্যালয়ত মহাপ্রবন্ধক হিচাপে কাৰ্যৰত আছিল। দিল্লী স্কুল অব ইকনমিক্সৰ পৰা অর্থনীতিত স্নাতকোত্তৰ হাজৰিকাই ২০০৯ চনৰ পৰা ২০১৪ চনলৈ পাঁচ বছৰৰ বাবে নাবাৰ্ডৰ অধীনস্থ সংস্থা নাবার্ড কনচালটেন্সি ছাভিচেজৰ দিল্লীস্থ মাগুলিক কার্যালয়ৰ মুৰৰী হিচাপেও কার্যনির্বাহ কৰিছিল। শিৱসাগৰ জিলাৰ আমগুৰি নিবাসী তপন কুমাৰ হাজৰিকাই ইয়াৰ পূর্বে নাবাৰ্ডৰ গুৱাহাটী, চণ্ডীগড় আৰু জয়পুৰত থকা আঞ্চলিক কার্যালয়ত বিভিন্ন পদবীত কার্যনির্বাহ কৰিছে।
facebook
twitter
google+
fb share