নদী সংযোগকৰণ : আছু আমছুৰ কেন্দ্রক সকীয়নি

ৱেব ডেস্ক, ২৩ জুলাই, ২০১৬ :


নদী সংযোগকৰণৰ বাবে কেন্দ্রীয় চৰকাৰে গ্ৰহণ কৰা আঁচনি পুনৰ বিবেচনা কৰাৰ আহ্বান জনালে আমছুয়ে। সংগঠনটোৰ সভাপতি আজিজুৰ ৰহমানে তৈলখণ্ড আৰু খনিজ সম্পদসমূহ কেন্দ্রী চৰকাৰে লুণ্ঠন কৰাৰ পিছতে এইবাৰ পানীৰ ওপৰত থকা অসমৰ ৰাইজৰ অধিকাৰ কাঢ়িব নিব বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰে৷ অসমৰ সম্পদৰ ওপৰত অসমবাসীৰ অধিকাৰ সাব্যস্ত হবই লাগিব বুলি মন্তব্য কৰি সভাপতি ৰহমানে কয়, অসমৰ সম্পদৰ ওপৰত পোনপ্ৰথমে অসমীয়াৰ অধিকাৰ সাব্যস্ত হোৱাটো বিচাৰো। কিন্তু কেন্দ্রীয় চৰকাৰে তৈল সম্পদসমূহ ব্যক্তিগতকৰণৰ বাবে যি পদক্ষেপ গ্রহণ কৰিছে সেয়া জনস্বার্থবিৰোধী সিদ্ধান্ত। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্ত বাতিল নহ’লে তীব্র আন্দোলনৰ কাৰ্যসুচী গ্রহণ কৰিব বুলি কয় সভাপতি ৰহমানে। 


ইফালে নদী সংযোগকৰণৰ ক্ষেত্ৰত আছুয়ে তীব্র বিৰোধিতা কৰে৷ অসমৰ পানী উলিয়াই নি কেন্দ্রীয় চৰকাৰে নদী সংযোগকৰণ আঁচনি বাস্তৱায়িত কৰিবলৈ তত্পৰতা চলোৱা কার্যক কঠোৰভাৱে সকীয়াই দিছে সদৌ অসম ছাত্র সস্থাই। এক প্রেছ বিবৃতিত ছাত্র সস্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়ে কয়, অসমৰ পানী উলিয়াই নিবলৈ দিয়া নহ’ব।'সংসদৰ মজিয়াত কেন্দ্রীয় জলসম্পদ মন্ত্রী উমা ভাৰতীয়ে নদী সংযোগকৰণ আঁচনি আৰম্ভ কৰিবলৈ কেন্দ্রীয় চৰকাৰ ক্ষিপ্ৰ গতিত আগবঢ়া বুলি কৰা মন্তব্যত সন্দৰ্ভত ছাত্র সস্থাৰ নেতৃত্বই কয়, দিল্লীয়ে অসমৰ প্রতি কৰি অহা ৰাজনৈতিক অবিচাৰ আৰু অর্থনৈতিক শোষণৰ ৰাজত্ব বন্ধ কৰক। অসমৰ অর্থনৈতিক ভেটি ভাঙি চূৰমাৰ কৰি পেলোৱা অসমৰ বান আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে সমাধান কৰাত গুৰুত্ব দিয়ক। অসমৰ নতুন চৰকাৰকো নদী সংযোগকৰণ আঁচনিৰে অসমৰ পানী উলিয়াই নিয়া কার্য বন্ধ কৰাৰ ফলপ্রসূ ব্যৱস্থা লবলৈ ছাত্র সন্থাৰ নেতৃত্বই দাবী জনায়। বিবৃতিটোত ছাত্র নেতাদ্বয়ে কয়, কেন্দ্রীয় চৰকাৰৰ নদী সংযোগীকৰণ আঁচনিক সদৌ অসম ছাত্র সন্থাই পূৰ্বৰপৰাই বিৰোধিতা কৰি আহিছে। ২০০৩ চনত ইয়াৰ বিৰোধিতাত মানাহ নৈৰ পাৰত আমি মানৱ শৃংখল গঢ়ি প্রতিবাদ কৰিছিলো। এন ডি এ চৰকাৰ শাসনলৈ অহাৰ পিছত জলসম্পদ মন্ত্রী উমা ভাৰতীক সাক্ষাত্ কৰি ছাত্র সন্থাই নদী সংযোগকৰণ আঁচনিৰ বিৰোধিতা কৰিছিল। বিবৃতিটােত কোৱা হয়, ছাত্র সস্থাই নদী সংযোগকৰণৰ বিৰোধিতা কৰাৰ যুক্তি আছে। কেন্দ্রীয় চৰকাৰে কৈছে অসমৰ অতিৰিক্ত পানী উলিয়াই নিয়া হব। ইও এক দিল্লীৰ বিভ্রান্তি সৃষ্টিৰ অপচেষ্টা।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment