ৱেব ডেস্ক, ২৪ জুলাই, ২০১৬ :
প্রাক্তন প্রধানমন্ত্রী মনমোহন সিঙৰ জোঁৱায়েক তথা জ্যেষ্ঠ আই পি এছ বিষয়া অশোক পাটনায়কক দেশৰ অন্যতম গুৰুত্বপূর্ণ চোৰাংচোৱা বিভাগ নেচনেল ইণ্টেলিজেন্স গ্ৰীডৰ (নেট গ্রীড) মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি দিয়ে কেন্দ্ৰৰ নৰেন্দ্র মোডী চৰকাৰে।

নেট গ্ৰীডৰ প্রথমগৰাকী মুখ্য কাৰ্যবাহী বিষয়া ৰঘু ৰমণৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পিচৰে পৰা এই পদ খালী হৈ আছিল। মোডী চৰকাৰে ৰমণৰ কাৰ্যকাল বৃদ্ধি কৰিব বিচৰা নাই। সেইকাৰণেই চলিত বছৰৰ জানুৱাৰী মাহৰ পৰা কেন্দ্ৰৰ বিশেষ সচিব অশোক প্রসাদক অস্থায়ীভাৱে এই দায়িত্ব অপর্ণ কৰা হৈছিল। এতিয়া সেই শূন্য পদত মনমোহন সিঙৰ উল্লেখ্য যে পাটনায়কে ১৯৯১ চনত মনমোহন সিঙৰ জীয়েক দামন সিঙৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। ১৯৮৩ চনৰ বেটচৰ গুজৰাট কেডাৰৰ ইন্টেলিজেন্স বুৰৰ অতিৰিক্ত সঞ্চালক হিচাপে দায়িত্ব পালন কৰি আছে। তেওঁ ২০১৮ চনৰ ৩১ ডিচেম্বৰলৈকে নেট গ্ৰীডৰ মুৰৰী হিচাপে দায়িত্ব পালন কৰিব। উল্লেখ্য যে সন্ত্রাসবাদীক দমনৰ লক্ষ্যৰেই নেট গ্রীড গঠন কৰা হৈছে।
facebook
twitter
google+
fb share