গুৱাহাটী, ২৪ জুলাই, ২০১৬ :

অসমক ২০ লাখ হিন্দু বাংলাদেশী জাপি দিবলৈ কেন্দ্রই চলোৱা তত্পৰতাৰ বিৰুদ্ধে ২৫ জুলাইৰ পৰা আমৰণ অনশনত বহিব কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মী-সমৰ্থকসকলে। গুৱাহাটীৰ দীঘলীপুখুৰীপাৰত সংগঠনটোৱে অনশনৰ জৰিয়তে কেন্দ্রীয় চৰকাৰৰ অসমবিৰোধী সিদ্ধান্তক বিৰোধিতা কৰিব। এই সন্দৰ্ভত ২৪ জুলাইত সংগঠনটোৰ উপদেষ্টা অখিল গগৈয়ে কয় যে বিজেপিয়ে শাসনলৈ অহাৰ পিচত এটাৰ পিচত এটাকৈ অসম বিৰোধী সিদ্ধান্ত গ্রহণ কৰি আহিছে। অসমৰ অস্তিত্বৰ প্রতি ভাবুকি কঢ়িয়াই আনিব পৰা হিন্দু বাংলাদেশীক ৰাজ্যখনত জাপি দিয়া কার্য কেতিয়াও মানি লোৱা নহ’ব। ইয়াৰ বিৰোধিতা কৰি ২৫ জুলাইৰ পুৱা ১০ বজাৰ পৰা দীঘলীপুখুৰীপাৰত আমৰণ অনশনৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আগবঢ়া হৈছে যদিও প্রশাসনে নিশাৰ ভাগত অনশন কৰিবলৈ অনুমতি দিয়া নাই। সেয়ে প্রশাসনক গণতান্ত্রিক প্রতিবাদ এটাক বাধা নিদিবলৈ আহ্বান জনায় কৃষক নেতাজনে।


facebook
twitter
google+
fb share