বিশেষ ৰাজ্যৰ মর্যাদা : হিমন্তক মিথ্যাচাৰী আখ্যা অখিলৰ

গুৱাহাটী, ২৪ জুলাই, ২০১৬ : 

অসমৰ বিশেষ ৰাজ্যৰ মর্যাদাক লৈ শাসক-বিৰোধীয়ে সাধাৰণ ৰাইজৰ মাজত চৰম বিভ্রান্তিৰ সৃষ্টি কৰি অহাৰ সময়তে বিষয়টোত সৰৱ ভূমিকা পালন কৰিছে কৃষক নেতা অখিল গগৈয়ে। কৃষক নেতাজনে আজি তথ্যসহকাৰে অসমৰ বিশেষ ৰাজ্যৰ মর্যাদা কৰ্তন কৰিছে বুলি দাবী কৰিছে। চতুর্দশ বিত্তীয় আয়োগৰ পৰামৰ্শৰ ভিত্তিত অসমে বিশেষ শ্রেণীৰ ৰাজ্য হিচাপে পাই অহা সা-সুবিধাৰ পৰা বঞ্চিত কৰিছে কেন্দ্রীয় চৰকাৰে। এই সন্দৰ্ভত সবিশেষ তথ্য দাঙি ধৰি এখন সংবাদমেলত অখিল গগৈয়ে অভিযোগ কৰে যে চৰকাৰে অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদাক লৈ চৰম মিথ্যাচাৰেৰে অসমবাসীক আভুৱা ভাৰি আহিছে। কিয়নো ৰাজ্যৰ বিত্ত মন্ত্রী হিমন্তবিশ্ব শৰ্মাই অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কর্তন হোৱা নাই বুলি দাবী কৰিছে। আনকি এখোজ আগুৱাই গৈ বিত্ত মন্ত্ৰীজনে বিশেষ ৰাজ্যৰ মৰ্যাদা কর্তন হোৱা বুলি প্রমাণ কৰি দেখুৱাবলৈ বিৰোধীক প্রত্যাহ্বান জনাইছে। লগতে সাহস আছে যদি বিশেষাধিকাৰ ভংগৰ প্রস্তাৱ আনিবলৈও প্রত্যাহান জনায় বিত্ত মন্ত্ৰীজনে। কিন্তু বিৰোধী কংগ্রেছ নাইবা এ আই ইউ ডি এফে হিমন্তবিশ্ব শৰ্মাৰ এই প্রত্যাহানৰ প্রত্যুত্তৰ নিদিয়াত ক্ষুব্ধ হৈ পৰিছে কৃষক নেতাজন।



বিধানসভাত যোগ্য প্রতিনিধি নাই বাবে হিমন্তবিশ্বই দপদপাই থাকিব পাৰিছে বুলি উল্লেখ কৰি অখিল গগৈয়ে বিধানসভাৰ বিৰোধী পক্ষৰ বিধায়কসকলক সমালোচনাৰে থকা-সৰকা কৰে। আনকি অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কর্তন হোৱা নাই বুলি প্রমাণ কৰি দেখুৱাবলৈ ৰাজ্যৰ বিত্ত মন্ত্রীক প্রত্যাহ্বান জনায় কৃষক নেতাজনে। তথ্য দাঙি ধৰি তেওঁ কয় যে কেৱল ৯০:১০ কেন্দ্রীয় পুজিয়েই বিশেষ ৰাজ্যৰ মৰ্যাদাক নুবুজায়। বিশেষ ৰাজ্য হিচাপে অসমে ব্লক গ্রান্টৰ আঁচনিবোৰৰ সুবিধা লাভ কৰি আহিছিল। কিন্তু ব্লক গ্রান্টৰ অন্তর্ভুক্ত নিয়মীয়া কেন্দ্রীয় সাহায্য, বিশেষ পৰিকল্পনা সাহায্যৰ নামত বিগত বছৰবোৰত আহি থকা সমুদায় ধন সম্প্রতি কর্তন কৰা হৈছে। ফলত অসমে বছৰি কমেও ৭,৫০০ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈ আহিছে। এই সন্দৰ্ভত সবিশেষ তথ্য দাঙি ধৰি কৃষক নেতাজনে কয় যে ১৯৬৯ চনৰ পৰা অসম তথা দেশৰ মুঠ ১১ খন ৰাজ্যই বিশেষ ৰাজ্যৰ মর্যাদা লাভ কৰি আহিছিল। হিমন্তবিশ্ব শৰ্মাই কৈ অহা এই আঁচনিসমূহত সম্প্রতি ৯০ঃ১০ অনুপাততহে কেন্দ্রীয় অনুদান লাভ কৰিছে অসমে। আন কেইবাখনো আঁচনিত পূৰ্বৰ ১০০ শতাংশ কেন্দ্রীয় সাহায্যৰ বিপৰীতে সম্প্রতি ৮০৪২০ শতাংশ কেন্দ্রীয় অনুদানহে লাভ কৰিছে ৰাজ্যখনে। অখিল গগৈৰ মতে প্রকৃততে কেন্দ্ৰৰ এই পদক্ষেপৰ বাবে অসমে ভীষণভাৱে ক্ষতিৰ সন্মুখীন হ’ব যদিও এইবোৰ প্ৰকৃততে বিশেষ ৰাজ্যৰ মূল সুবিধা নহয়। বিশেষ ৰাজ্যৰ বাবে পাবলগা ব্লক গ্রাউণ্টৰ সমুদায় ধন মোড়ী চৰকাৰে কর্তন কৰিছে। যাৰ ফলত ভয়াৱহ ক্ষতি হৈছে ৰাজ্যখনৰ। কিয়নো ২০১৩-১৪ চনত বিশেষ পৰিকল্পনা সাহায্যৰ অধীনত অসমে পাইছিল ৩২০ কোটি টকা। বিশেষ কেন্দ্রীয় সাহায্যৰ অধীনত সেই বছৰ অসমত ৭৩০ কোটি টকা প্রদান কৰা হৈছিল। তদুপৰি নিয়মীয়া কেন্দ্রীয় সাহায্যৰ নামত বিশেষ ৫৬.২৫ শতাংশ ধন লাভ কৰে। ২০১৩-১৪ চনত এই আঁচনিৰ অধীনত ৩,০৩৪.৭২ কোটি টকা লাভ কৰিছে অসমে। তদুপৰি অতিৰিক্ত কেন্দ্রীয় সাহায্য ২০১৩-১৪ চনত লাভ কৰিছিল ৩,৫৪০.৬৩ কোটি টকা। এই হিচাপত ২০১৩-১৪ চনত বিশেষ ৰাজ্যৰ মৰ্যাদা হিচাপে অসমে লাভ কৰিছিল মুঠ ৭,৬২৯.৩৫ কোটি টকা। ২০১৪-১৫ আৰু ২০১৫-১৬ চনত এই ধন লাভৰ পৰা বঞ্চিত হৈছে অসম। কেৱল সেয়ে নহয়, বৈদেশিক সাহায্য প্রকল্পৰ ৯০৪১০ অনুপাতত অসম লাভান্বিত হৈছিল। কিন্তু ২০১৫ৰ অক্টোবৰ মাহৰ পৰা এই সকলোবোৰ সাহায্য কর্তন কৰি দিয়া হ’ল। অখিল গগৈৰ মতে বিশেষ ৰাজ্যৰ মর্যাদা কর্তন হ’লে অসম শেষ হৈ যাব। তেওঁ কয় যে সর্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে যিয়েই নকওক কিয়, প্রকৃততে কেন্দ্রই অসমক যে বঞ্ছনা কৰিছে সেয়া এশ শতাংশই সত্য। ইয়াৰ জৰিয়তে কেন্দ্রই অসমবাসীক ডাঙৰ ক্ষতি কৰিলে। স্বাধীনতাৰ পিচত বিগত দুবছৰত মোড়ী চৰকাৰে অসমক আটাইতকৈ বেছি ক্ষতি কৰা বুলি উল্লেখ কৰি কৃষক নেতাজনে কয় যে ইয়াৰ বিৰুদ্ধে অসমৰ বিৰোধী বিধায়কসকলে মাত মাতিব লাগে। কেন্দ্ৰৰ বিভিন্ন আঁচনিৰ ১০০ শতাংশ আৰু ৯০ঃ১০ শতাংশ কেন্দ্রীয় পুজিৰ সুবিধা লাভ কৰিছিল ৰাজ্যকেইখনে। কিন্তু ২০১৫ চনৰ ২৪ ফেব্রুৱাৰীত চতুর্দশ বিত্তীয় আয়োগৰ অনুমোদন আৰু প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে গঠন কৰা নিটি আয়োগৰ সিদ্ধান্ত মর্মে এই সুবিধাসমূহ কৰ্তনৰ ব্যৱস্থা কৰা হয়। কেন্দ্রীয় চৰকাৰে বিশেষ ৰাজ্যৰ মর্যাদা কর্তন কৰা হৈছে বুলি আনুষ্ঠানিক ঘোষণা নকৰিলেও চতুর্দশ বিত্ত আয়োগৰ প্রতিবেদনত স্পষ্টভাৱে কোৱা হৈছে যে বিশেষ আৰু সাধাৰণ শ্রেণীৰ মাজত নিয়ম আৰু অনুমোদন নিৰ্ধাৰণ কৰোতে কোনো পার্থক্য ৰখা হোৱা নাই। এই পৰামৰ্শৰ ভিত্তিতেই কেন্দ্রীয় পৃষ্ঠপোষকতাৰ আঁচনিত কেন্দ্ৰ আৰু ৰাজ্যৰ অংশীদাৰিত্বসকলে ৰাজ্যৰ বাবে একে হ’ব বুলি নিৰ্ধাৰণ কৰা হয়।



লগতে বিশেষ ৰাজ্যৰ মৰ্যাদা পাই থকা ৰাজ্যসমূহক উত্তৰপূর্বাঞ্চলীয় ৰাজ্য আৰু হিমালয়ান ৰাজ্য হিচাপে নামকৰণ কৰা হয়। ফলত পূর্বে এশ শতাংশ কেন্দ্রীয় অনুদান পাই থকা ৫ খন আঁচনি এতিয়া ৯০৪১০ অনুপাত, অন্য তিনিখনত ৮০৪২০ অনুপাতত পুঁজি লাভ কৰিছে। পূর্বে ৯০ঃ১০ অনুপাতত পুজি লাভ কৰা ৮ খন আঁচনিত এতিয়া ৮০৪২০ অনুপাতত পুজি লাভ কৰিছে। সেয়ে ৰাজ্যৰ বিত্ত মন্ত্রী হিমন্তবিশ্ব শৰ্মাই ৯০ঃ১০ অনুপাতত কেন্দ্রীয় আঁচনিৰ ধন পাই থকা কথাটোও অর্ধসত্য বুলি মন্তব্য কৰে অখিল গগৈয়ে। তেওঁৰ মতে হিমন্তবিশ্বই কোৱা ৯০৪১০ৰ কেন্দ্রীয় ধনসমূহ পূর্বে ১০০ শতাংশই লাভ কৰিছিল অসমে। কৃষক নেতাজনৰ মতে হিমন্তবিশ্ব শৰ্মাই অসমৰ বিশেষ ৰাজ্যৰ ক্ষেত্রত এশ শতাংশই বিশেষাধিকাৰ উলংঘা কৰিছে। ব্লক গ্রান্টৰ আঁচনিবোৰ এশ শতাংশ বন্ধ কৰি নিদিয়া বুলি বিত্ত মন্ত্ৰীজনক প্রমাণ কৰিবলৈও তেওঁ প্রত্যাহ্বান জনায়। তদুপৰি ড’নাৰ মন্ত্র্যালয়ৰ ধনক লৈও প্রশ্ন উত্থাপন কৰে অখিলে। তথ্য দাঙি ধৰি তেওঁ কয় যে কেন্দ্রই উত্তৰপূর্বাঞ্চলে লাভ কৰা বাজেটৰ নিৰ্ধাৰিত পুজিও ব্যাপক হাৰত হাস কৰিছে। ২০১৪-১৫ বিত্তীয় বৰ্ষত ননলেপচেবল পুজিলৈ আবণ্টিত ধনৰ পৰিমাণ আছিল ৫৪,০০৫.৭৩ কোটি টকা। কিন্তু ২০১৫-১৬ বিত্তীয় বৰ্ষত ২৯,০৮৭.৯৩ কোটি টকা আৰু ২০১৬-১৭ বৰ্ষত ৩৩,০৯৭.০২ কোটি টকালৈ হাস কৰে। এই দুবছৰত কেন্দ্রই ড’নাৰ মন্ত্র্যালয়ক দিয়া ধন কমেও ২০ হেজাৰ কোটি টকা কর্তন কৰিছে।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment