ডি ভোটাৰ সজাবলৈও নালাগে প্ৰমাণ

সাজাহান আলী আহমেদ, বৰপেটাৰোড, ২৪ জুলাই, ২০১৬ :

         ডি ভোটাৰৰ নামত সংখ্যালঘুসকলক যে হাৰাশাস্তি কৰা হৈ আছে সেই কথা ইতিমধে স্পষ্ট হৈ পৰিছে৷ বিদেশী ন্যায়াধীকৰণৰ আদালতলৈ যোৱা প্ৰায় এশ শতাংশ গোচৰত অভিযুক্তই ভাৰতীয় বুলি ৰায় লাভ কৰিছে৷

ডি ভোটাৰ হাবেজ আলীৰ লগত সাজাহান আলী আহমেদ৷ ফটোঃ আলিমুল ইছলাম

আনকি ৷ তথাকথিত আন্দোলনৰ দোহাই দি আৰু অসমক বিদেশী মুক্ত কৰাৰ শ্ল’গানলৈ ১৯৯৭ চনত এই ডি ভোটাৰৰ জন্ম দিছিল তদানিন্তন অগপ নেতৃত্বাধীন অসম চৰকাৰে৷ তাৰ পৰিণাম ভোগ কৰি আছে ভাষিক আৰু ধৰ্মীয় সংখ্যালঘুসকলে৷ তথাকথিত জাতীয়তাবাদীৰ হাতোৰাৰ পৰা ঠেলাৱালা, ৰিক্সাৱালা, শ্ৰমিক, মজদুৰসকলে যিদৰে ৰেহাই পোৱা নাই সেইদৰে চৰকাৰী চাকৰিয়ালো ৰেহাই পোৱা নাই৷ সম্পূৰ্ণ ইচ্ছাকৃত আৰু সম্পূৰ্ণ তথ্য বিহীন ভাবে এই সংখ্যালঘু লোকসকলৰ ভোটাৰ তালিকাত নামৰ আগত ডি আখৰ বহুৱাই উপহাৰ দিয়া হৈছে এক অভিসপ্ত জীৱন৷ 
     চৰকাৰী চাকৰি(শিক্ষকতা) কৰি ছেনচাচৰ পৰা আৰম্ভ কৰি নিৰ্বাচনী বিষয়া পৰ্যন্ত হোৱা গোৱালপাৰা জিলাৰ আব্দুল গফুৰ ডি ভোটাৰ হিচাপে চিহ্নিত হৈছে৷ চাকৰিৰ পৰা অব্যাহতি লৈ বিগত দহ বছৰে চৰকাৰী পেঞ্চন পাই থকা আব্দুল গফুৰক আজি চৰ-চাপৰি সাহিত্য পৰিষদৰ সভাপতি ডঃ হাফিজ আহমেদৰ নেতৃত্বত যোৱা এটা সজাতি দলে সাক্ষাত্কাত কৰে৷ উল্লেখ্য যে ১৯৫১ চনৰ NRC আৰু ১৯৬৬ চনৰ ভোটাৰ তালিকাত আব্দুল গফুৰ নাম স্পষ্ট বাবে উল্লেখ থকা বুলি সজাতি দলটোৱে তথ্য লাভ কৰিছে।
     ইফালে এই লেখকে সাক্ষ্য গ্ৰহণ কৰা বাক্সা জিলাৰ গোৱৰ্ধনাত হাবেজ আলী নামৰ লোকজনৰ ক্ষেত্ৰতো প্ৰায় একেই৷ হাবেজ আলী ৰাজমিস্ত্ৰিৰ কাম কৰে৷ তেওঁৰ দেউতাকৰ নামতো ১৯৫১ চনৰ NRC আছে আৰু ১৯৫৮ চনত পঞ্জীয়ন কৰা মাটিৰ পট্টা আছে৷ তাৰ পিছতো হাবেজ আলী ১৯৯৭ চনৰ পৰা বি ভোটাৰ৷ তেওঁৰ আৰু তেওঁৰ দেউতাকৰ সকলো তথ্যপাতি তন্নতন্ন কৈ চোৱা হৈছে৷ (এই সম্পৰ্কে বিস্তাৰিত লেখা অচিৰেই প্ৰকাশ পাব—লেখক)


ডি ভোটাৰ (প্ৰাক্তন শিক্ষক) আব্দুল গফুৰৰ লগত ডঃ হাফিজ আহমেদ৷ ফটো-শ্বাহানুৰ ইছলাম

      এই দুটা উদাহৰণৰ পৰাই বুজা গ’ল যে যিদৰে  একেদৰে ডি ভোটাৰ সজাবলৈও নালাগে প্ৰমাণ৷

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment