নাটক এৰি কোম্পানী মালিকক গ্ৰেপ্তাৰৰ দাবী কৃষক মুক্তিৰ

ৱেব ডেস্ক, ৩১ আগষ্ট, ২০১৬ঃ
চিমেণ্ট লবীৰ ওচৰত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল নতজানুহৈ পৰা বুলি মন্তব্য কৰিছে কৃষক মুক্তি সংগ্রাম সমিতিয়ে। ৰাজ্যৰ খোদ মুখ্যমন্ত্রীজনৰ কথা অমান্য কৰি চিমেণ্ট কোম্পানীসমূহে অংগুষ্ঠ দেখুওৱাৰ পিচতো সর্বানন্দ সোণোৱাল নতজানু হৈ পৰাটােক ৰহস্যজনক আখ্যা দিয়ে কৃষক সংগঠনটােৱে। এনে প্রেক্ষাপটত মুখ্যমন্ত্রী সোণোৱালক নাটক এৰি চিমেণ্ট কোম্পানীৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা ল’বলৈ দাবী জনাইছে গণ মুক্তি সংগ্রাম, অসমৰ আহ্বায়ক অখিল গগৈ, কৃষক মুক্তিৰ সভাপতি ৰাজু বৰা আৰু যুটীয়া সাধাৰণ সম্পাদক অনিল বড়ো আৰু ভাস্কো ডি শইকীয়াই। এক বিবৃতিত সংগঠন দুটাৰ নেতৃবৃন্দই কয়— মুখ্যমন্ত্রীৰ নির্দেশ অমান্য কৰি অসমত অবাধে মূল্যবৃদ্ধি ঘটােৱা চিমেণ্ট কোম্পানীসমূহৰ বিৰুদ্ধে কম্পিটিচন কমিছন অব ইণ্ডিয়াৰ ওচৰত নহয়, পুলিচ থানাত ফৌজদাৰী গোচৰহে তৰিব লাগে। কম্পিটিচন কমিছন হ’ল মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰা এটা নিয়ামক আয়োগহে। ই জৰিমনা বিহাৰ বাহিৰে কোম্পানীসমূহৰ বিৰুদ্ধে কোনাে শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰিব নোৱাৰে।
অসমত উৎপাদন কৰা চিমেণ্ট কম্পানীসমূহে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ৰাজসাহায্য লৈ চিমেণ্ট উৎপাদন কৰিছে আৰু সেই চিমেণ্ট অসমৰ বাহিৰে আন ৰাজ্যত কম দামত বিক্ৰী কৰিছে। ইয়াকে কয় চুকতে খাই বুকুতে গোৰ মৰা বুলি। এই চিমেণ্ট কোম্পানীসমূহে অসমৰ ৰাইজক বিশ্বাসঘাতকতা কৰি অবাধ মূল্যবৃদ্ধি কৰিছে। গতিকে এই কোম্পানীসমূহৰ গ্রেপ্তাৰ কৰিব লাগে৷ ইতিমধ্যে ২০০৮ চনত তামিলনাডু আৰু ২০১৫-১৬ চনত হিমাচল প্ৰদেশৰ ৰাজ্য চৰকাৰে সেই ৰাজ্যৰ কোম্পানীসমূহক চিমেণ্টৰ মূল্য হ্রাস কৰােৱাবলৈ বাধ্য কৰিছে বুলি বিবৃতিটােত উল্লেখ কৰা হয়। উল্লেখযোগ্য যে মুখ্যমন্ত্রী সোণোৱালীক কৃষক সংগঠনটােৱে এই কোম্পানীসমূহক দাম হ্রাস কৰোৱাবলৈ বাধ্য কৰিবলৈ দাবী জনাইছে। লগতে চিমেণ্ট কোম্পানীসমূহে ন্যায়সংগত মূল্য নল'লে অচিৰেই অসমত এই কোম্পানীসমূহৰ ব্যৱসায় বন্ধ কৰি দিয়াৰাে হুংকাৰ দিয়ে কৃষক মুক্তি সংগ্রাম সমিতিয়ে।
তিনিটকীয়া চাউল বন্ধ কৰিলে সৃষ্টি হব ভয়ংকৰ পৰিস্থিতি
ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ২০১৫ চনৰ ডিচেম্বৰ মাহৰ পৰা অসমৰ হিতাধিকাৰীসকলে পাই থকা তিনিটকীয়া চাউলৰ আঁচনি বন্ধ নকৰিবলৈ আজি অসম চৰকাৰক কঠোৰভাৱে সকীয়াই দিছে কৃষক মুক্তি সংগ্রাম সমিতিয়ে। কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে এই আঁচনিৰ চাউল বিতৰণ কৰা সুলভ মূল্যৰ দােকানী, সমবায় সমিতি বা এজেণ্টক তেওঁলোকৰ প্ৰাপ্য পৰিবহণ ব্যয় আৰু কমিছন আজিকোপতি নিদিয়াৰ বাবেই ভাৰত চৰকাৰৰ অত্যাৱশ্যকীয় এই আঁচনিখন বন্ধ কৰা হ’ব বুলি সংশ্লিষ্ট এজেণ্টসকলে ঘোষণা কৰিছে। কেন্দ্রীয় চৰকাৰে এই পৰিবহণ ব্যয় আৰু কমিছনৰ ৭৫ শতাংশ আৰু ৰাজ্য চৰকাৰে ২৫ শতাংশ যোগান ধৰিব লাগে। বিশেষ ৰাজ্যৰ মর্যাদা অক্ষুন্ন থকা হ’লে কেন্দ্ৰই এই খৰচৰ এশ শতাংশই যোগান ধৰিব লাগিলহেঁতেন। যোৱা ডিচেম্বৰ মাহৰ পৰা বর্তমানৰ ছেপ্টেম্বৰ মাহলৈকে প্রায় দহ মাহ কেন্দ্রীয় চৰকাৰে এই আঁচনিৰ ধন যোগান ধৰা নাই আৰু ৰাজ্য চৰকাৰেও সংশ্লিষ্ট এজেন্টসকলক এই ধন আদায় দিয়া নাই। শেহতীয়াকৈ তিনি মাহৰ বাবে অর্থাৎ ৩১ মার্চ পর্যন্ত কেন্দ্ৰই ৯৪,৯৪ কোটি টকা মুকলি কৰি দিলে যদিও ৰাজ্য চৰকাৰে নিজৰ অংশসহ এই সময়ৰ ধনখিনিও এজেণ্টসকলক আদায় দিয়া নাই। আনহাতে এপ্রিল মাহৰ পৰা ছেপ্টেম্বৰপর্যন্ত এটা ফুটাকড়িও কেন্দ্রীয় চৰকাৰে ৰাজ্য চৰকাৰক দিয়া নাই। তাৰ ফলত সমগ্র আচনিখন ৰূপায়ণত অচলাৱস্থাই দেখা দিছে। এই সুযোগ গ্রহণ কৰি সমবায় সমিতিসমূহে হিতাধিকাৰীসকলক নির্ধাৰিত পাঁচ কিলোগ্রাম চাউলৰ পৰিবর্তে তিনি বা চাৰি কিলোগ্রামহে চাউল দিছে আৰু মূল্য প্রতি কিলোগ্ৰামত তিনি টকাৰ পৰিবর্তে চাৰি টকা বা পাঁচ টকাকৈ আদায় কৰিছে। আজি এক বিবৃতিৰ জৰিয়তে কৃষক মুক্তিয়ে অন্ন সুৰক্ষা আঁচনিৰ এই কেলেংকাৰী বন্ধ কৰি যথোপযুক্ত ধৰণে আঁচনিখন ৰূপায়ণ কৰিবলৈ দাবী জনাইছে। নির্বাচনৰ পূর্বে মানুহৰ ঘৰে ঘৰে দুই টকা মূল্যত প্রতি কিলোগ্রাম চাউল বিতৰণ কৰা হ’ব বুলি ফিতাহি মৰা বিজেপি চৰকাৰে পৰিবহণ ব্যয় আৰু কমিছনৰ ধনখিনিকে যোগান নধৰি সমগ্ৰ অসমীয়া জাতিটােৰ প্ৰতি অক্ষমণীয় অপৰাধ কৰিছে। বিবৃতিটােত স্পষ্ট কৰি দিয়া হয় যে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ চাউল অসমত বন্ধ হ’লে বিজেপি চৰকাৰ ভয়ংকৰ পৰিণামৰ সন্মুখীন হ’ব লাগিব। গতিকে পলম নকৰাকৈ প্রয়ােজনীয় ব্যয় বহন কৰি অসমবাসীক তিনিটকীয়া চাউল যোগান ধৰিবলৈ কৃষক সংগঠনটােৱে চূড়ান্তভাৱে অসম চৰকাৰক সকীয়াই দিছে।
facebook
twitter
google+
fb share