
ৱেব ডেস্ক, ৩১ আগষ্ট, ২০১৬ঃ
দেশী-বিদেশী পর্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু মাজুলীক বৃহত্তম নদীদ্বীপৰ স্বীকৃতি দিছে ‘গীনিজ বুক অৱ ৱল্ড ৰেকৰ্ডছ’-এ। বিশ্ব ঐতিহাক্ষেত্ৰৰ মর্যাদা লাভৰ পৰা বাৰম্বাৰ বঞ্চিত হৈ অহাৰ পাছত মহাপুৰুষীয়া সত্ৰ সংস্কৃতিৰ পীঠস্থানস্বৰূপ মাজুলীয়ে “গীনিজ বুক’ত স্থান লাভ কৰাটো নিশ্চিতভাৱে অসমবাসীৰ বাবে শুভসংবাদ হিচাপে বিবেচিত হৈছে। ‘গীনিজ বুক’ কতৃপক্ষই এই সন্দৰ্ভত নিজস্ব ৱেবছাইট www.guinnessworldrecords.com মাজুলীক বৃহত্তম নদীদ্বীপ হিচাপে উল্লেখ কৰি এইদৰে কোৱা হৈছে— ‘উত্তৰ-পূব ভাৰতৰ ব্ৰহ্মপুত্ৰত থকা মাজুলীয়ে প্রায় ৮৮০ বর্গকিলোমিটাৰ (৩৪০ বর্গমাইল) এলেকা আগুৰি আছে। ব্ৰহ্মপুত্ৰৰ তীব্র সোঁতৰ ফলত মাজুলী সন্মুখীন হ’বলগীয়া হৈছে ব্যাপক গৰাখহনীয়াৰ। বিগত ৩০-৪০ বছৰৰ ভিতৰত নদীদ্বীপটোৱে ইয়াৰ মুঠ মাটিকালিৰ এক তৃতীয়াংশ হেৰুৱাইছে। প্রায় ১,৬০,০০০ লোকৰ বাসস্থান মাজুলী।” উল্লেখ্য যে প্রতিবছৰে হােৱা খহনীয়াৰ ফলত মাজুলীৰ পৰিসৰ ক্ৰমশঃ হ্রাস পাই আহিছে। ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্য অনুসৰি ১৯৫১ চনত নদীদ্বীপটােৰ মাটিকালি আছিল ৯,৩০,৭১২ বিঘা ৩ কঠা ৪ লেচা। কিন্তু বর্তমান এই পৰিমাণ ৫,২৫,৭১২ বিঘা ৩ কঠা ৪ লেচা। অর্থাৎ মাত্র ৬৫ বছৰৰ ব্যৱধানতে মাজুলীৰ মাটিকালি ৪,০৫,০০০ বিঘা হ্রাস পাইছে। আটাইতকৈ গুৰুত্বপূর্ণ কথাটাে হ’ল ২০০১ চনৰ পৰা বর্তমানলৈকে মাজুলীৰ ১৩,৪৪০ বিঘা ২ কঠা ১৫ লেচা মাটি খহনীয়াত জাহ গৈছে। এই সময়ছোৱাৰ ভিতৰত ২০০৪ চনত সৰ্বাধিক ৫,০০৩ বিঘা ৪ কঠা ভূমি নিশ্চিহ্ন হয়। সেইদৰে ২০০২ চনত ১,৫০১ বিঘা ৪ কঠা ১ লেচা, ২০০৫ চনত ১,৯৩৩ বিঘা, ২০০৬ চনত ৭০৫ বিঘা, ২০০৭ চনত ১,৬১৩ বিঘা ২ কঠা ১২ লেচা, ২০০৮ চনত ৩২০ বিঘা, ২০১০ চনত ৩৪০ বিঘা, ২০১২ চনত ৩২৫ বিঘা আৰু ২০১৫ চনত ৩৭৩ বিঘা ২ কঠা ১৫ লেচা মাটি খহনীয়াত জাহ যোৱাৰ কথা বিশেষভাৱে উল্লেখ কৰিব পাৰি। সম্প্রতি অসম বিধানসভাৰ মজিয়াত মাজুলীক প্রতিনিধিত্ব কৰি আছে স্বয়ং মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে। গীনিজ বুক'-এ বৃহত্তম নদীদ্বীপ ৰূপে স্বীকৃতি দিয়া মাজুলীক এই ভয়াৱহ খহনীয়াৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্রী সোণোৱাল আৰু তেওঁৰ নেতৃত্বাধীন চৰকাৰখনে তাৎক্ষণিকভাৱে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে, তাৰ ওপৰত ৰাজ্যবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে।
facebook
twitter
google+
fb share