দুনীতিৰ বিৰুদ্ধে গোৱৰ্ধনা উন্নয়ন খণ্ডৰ কাৰ্যালয় ঘেৰাও, খণ্ড উন্নয়ন বিষয়াক গ্রেপ্তাৰৰ দাবী আমছুৰ


৩১ আগষ্টঃ বৰপেটা আৰু বাক্সা জিলাৰ এক বিস্তৃর্ণ অঞ্চলৰ উন্নয়নৰ দায়িত্বত থকা গােৱৰ্ধনা উন্নয়ন খণ্ডত অব্যাহত থকা দুনীতিৰ ধাৰাবাহিকতাৰ বিৰুদ্ধে আজি বাক্সা জিলা আমছুৱে খণ্ড উন্নয়ন কার্যালয় ঘেৰাও কাৰ্যসূচী গ্রহণ কৰে।

উল্লেখ্য যে বাক্সা জিলাৰ শালবাৰী পৰিষদীয় সমষ্টিৰ ঢেকীয়াজনী আৰু বুনমাজাৰ ভিচিডিচিত সংঘটিত হােৱা দুনীতি আৰু কেলেংকাৰী বিগত সময়ত পোহৰলৈ আহিছিল যদিও সেইবােৰ গাপ দিয়াৰ চেষ্টা অদ্যপি অব্যাহত আছে। ঢেকীয়াজানি ভিচিডিচিৰ কয়েমাৰী গাঁৱৰ ইন্দিৰা আৱাস যোজনাৰ গৃহ আৱণ্টন আৰু এমজিএনৰেগা আঁচনি ৰূপায়ন কৰাৰ ক্ষেত্ৰত হিতাধিকাৰীৰ পৰা নগদ ধন সংগ্ৰহ কৰাৰ পৰা আৰম্ভ কৰি একেটা আইডিৰ জৰিয়তে দুইবাৰ গৃহ আৱণ্টন কৰা, জালিয়াতিৰে প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰা, মৃত ব্যক্তিৰ নামত গৃহ আৱণ্টন কৰা দেখুৱাই সমুদায় ধন আত্মাহাৎ কৰা, একেটা পথৰ নামত পৃথকে পৃথকে ধন মোকলাই অনা আৰু জৱকাৰ্ডৰ শ্রমিকৰ সলনি ট্রেক্টৰেৰে এমজিএনৰেগাৰ আঁচনিৰ কাম কৰাৰ লগতে জৱকার্ড জালিয়াতি কৰালৈকে অতি সহজ আৰু নিষ্কন্টক হৈ পৰাৰ সমান্তৰালকৈ মছজিদ আৰু মোক্তৱৰ নামতো আৱন্টিত ধন জালিয়াতিৰ সহায়ত আত্মসাৎ কৰাকে ধৰি পৰ্বতসম দুনীতি সংঘটিত কৰি আহিছে। ফলত গোৱৰ্ধনা উন্নয়ন খণ্ডত চলি থকা দুনীতিৰ মহানায়ক তথা খণ্ড উন্নয়ন বিষয়া মোজাম্মেল হুছেইনক গ্রেপ্তাৰৰ লগতে ইয়াৰ লগত জড়িত আন আন দােষী লোকসকলক কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবীত বাক্সা জিলা আমছৰ নেতৃত্বত আজি দিনৰ ১১ বজাৰ পৰা ২ বজালৈ তিনিঘণ্টীয়া খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় ঘেৰাও কার্যসূচী ৰূপায়ন কৰে কৰে। ঘেৰাও কার্যসূচীত অংশগ্রহণ কৰি আমন্থৰ কেন্দ্রীয় শিক্ষা সম্পাদক সাজাহান আলী আহমেদেৰ লগতে বৰপেটা জিলা আমছৰ উপ-সভাপতি মনিৰুজ জামানে নিজৰ নিজৰ ভাষণত খণ্ড উন্নয়ন বিষয়াক কঠোৰ ভাষাৰে সমালোচনা কৰি তেওঁ কয় বিগত কেইবাবছৰৰ পৰা উন্নয়ন খণ্ডটােৰ অধিনত ব্যাপক হাৰত দুনীতি সংঘটিত হােৱাৰ তথ্য সময়ে সময়ে ফাদিল হােৱাৰ পিছতো গা লৰা নাই সংশ্লিষ্ট বিভাগ অথবা কর্তৃপক্ষৰ। তথ্য জনাৰ অধিকাৰ আইন-২০০৫ ৰ জৰিয়তে ফাদলি হােৱা সমূহ দুনীতিৰ তদন্তৰ বাবে আৰু দুনীতিগ্রস্থ বিষয়া তথা ব্যক্তিক শাস্তি দিয়াৰ বাবে বিগত কেইবা বছৰৰ পৰা দাবী উত্থাপিত হােৱাৰ পিছতো সংশ্লিষ্টসকলে ৰহস্যজনক ভূমিকা গ্রহণ কৰা দেখা গৈছে। একেদৰে বাক্সা জিলা আমাছৰ সভাপতি মিনহাজুল ইমৰাণেও তথ্য সহকাৰে দিয়া নিজৰ ভাষণত এইবুলি উল্লেখ কৰে যে চলিত বৰ্ষৰ ২ জুন তাৰিখে পঞ্চােয়ত আৰু গ্রামোন্নয়ন বিভাগৰ পৰা তদন্ত কৰি বিটিচিৰ সচিব প্ৰধানলৈ বিহিত ব্যৱস্থা গ্রহণ কৰাৰ বাবে DRD-16/223/Baksa/14 নম্বৰৰ পত্র পঠোৱা বুলি জানিব পৰা গৈছে। যদিও এতিয়ালৈকে বিটিচি প্রশাসন নিৰৱ ভূমিকা গ্রহণ কৰি থকা পৰিলক্ষিত হৈছে। লক্ষণীয় ভাবে ইন্দিৰা আবাস যোজনাৰ গৃহ আৱণ্টৰ ক্ষেত্ৰত সংঘটিত হােৱা কেলেংকাৰীৰ নামমাত্র তদন্ত কৰা হৈছিল যদিও তাৰাে কোনাে ফলাফল লাভ কৰা নাই ভুক্তিভোগীসকলে। উল্লেখ্য যে ২৬১৪৫ নম্বৰ আইডিৰ গৰাকী কুলছুমা নেছাৰ নামত আৱন্টিত ইন্দিৰা আবাস যোজনাৰ গৃহ ফটাে জালিয়াতি আৰু ভূয়া চহীৰে Union Bank, Similaguri AC No. 422.10 একাউন্টৰ সহায়ত সমুদায় ধন আত্মাহাৎ কৰাত উক্ত দৰিদ্ৰ মহিলাগৰাকীয়ে যোৱা ১৩ জুন তাৰিখে শালবাৰী থানাত ৪৯/১৬ নম্বৰত এখন গোচৰ ৰুজু কৰে যদিও তদন্তকৰাৰ পৰা বিৰত থাকে। আৰক্ষী প্রশাসন। উপায়ন্তৰ হৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ দ্বাৰস্ত হােৱা উক্ত মহিলাগৰাকীৰ বাহিৰেও ঢেকীয়াজনীভিচিডিচিত বিগত সময়ছােৱাত প্রাক্তন অধ্যক্ষ আকতাৰ হুছেইন তালুকদাৰ, খণ্ড উন্নয়ন বিষয়া মোজাম্মেল হুছেইনকে আদি কৰি উন্নয়ন খণ্ডটােৰ একাংশ বিষয়াৰ সহযোগত প্রায় ৪৪ খন ইন্দিৰা আৱাস যোজনাৰ গৃহ কেলেংকাৰী আৰু এমজিএনৰেগাৰ প্ৰায় কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰিছে। ঢেকীয়াজনীভিটিডিচিত ইন্দিৰা আৱাস যোজনাৰ গৃহ আৱণ্টৰ ক্ষেত্ৰত সংঘটিত হােৱা জালিয়াতি সমূহ এনেধৰণৰ— ২৬৩৭৫ আইডিৰ গৰাকী আশেদ আলীৰ নামত আৱন্টিত গৃহ প্রাক্তন অধ্যক্ষ আকতাৰ হুছেইনৰ পিতৃৰ নামত জালিয়াতিৰে Union Bank, Similaguri AC No. 40541 নম্বৰত একাউন্ট খুলি সমুদায় ধন আত্মহাৎ কৰি পুনৰায় একেগৰাকী ব্যক্তিৰ নামত ২৬২৩৯ আই ডিৰ সহায়ত SBI, Barpeta Road, AC No. 34349989754 একাউন্টৰ জৰিয়তে প্রথম কিস্তি হিচাপে ১৮৭৫০ টকা মোকলাই আত্মসাৎ কৰিছে। দুৰ্ভাগ্যজনক কথাটাে হ’ল যে উক্ত ঢেকীয়াজনী ভিচিডিচিৰ কয়েমাৰী গাওঁখনত আশেদ আলী নামৰ দুগৰাকী দৰিদ্ৰ আইডিৰ গৰাকীৰ নামত আৱন্টিত ইন্দিৰা আবাস যোজনাৰ গৃহ দুনীতিৰ মাষ্টাৰমাইণ্ড তথা ভিচিডিচিটােৰ প্ৰাক্তন অধ্যক্ষ আকতাৰ হুছেইন তালুকদাৰৰ পিতৃৰ নামত মোকলাই অনাৰ সমান্তৰালকৈ ভানুতন বোওৱা নামৰ দৰিদ্ৰ মহিলা এগৰাকীৰ গৃহ তেওঁৰ মাকৰ নামত মোকলাই আনি আত্মসাৎ কৰিছিল। ইফালে বাক্সা জিলা আমাছ কোষাধ্যক্ষ আব্দুল হাইতালুকদাৰেও তথ্য সহকাৰে নিজৰ বক্তব্যত বাঁহবাৰী ভিচিডিচিৰ চাৰুবালা বৰ্মনৰ ২৭৫৩১ নম্বৰৰ আইডিৰ বিপৰীতে আকতাৰ হুছেইন তালুকদাৰৰ ভাতৃ লতিফ তালুকদাৰৰ নামত SBI, Barpeta Road, ACNo.34349990022 একাউন্টৰ জৰিয়তে প্রথম কিস্তি হিচাপে ১৮৭৫০ টকা মোকলাই আনে। ২৬০১৩ আইডিৰ গৰাকী আবু তালেবৰ সলনি ২০১৩ চনত আকতাৰ হুছেইন তালুকদাৰৰ ভাতৃ আবু তালেব তালুকদাৰক আৱণ্টন দিয়াৰ বিপৰীতে একে আইনম্বৰৰ জৰিয়তে এইবেলি পুনৰায় ইন্দিৰা আবাস যোজজনাৰ গৃহ আৱণ্টন কৰাৰ তথ্য লাভ কৰা হৈছে বুলি উল্লেখ কৰে। মন কৰিবলগীয়া যে খণ্ড উন্নয়ন বিষয়া মোজাম্মেল হুছেইনৰ লগতে ঢেকীয়াজনী ভিচিডিচিৰ প্ৰাক্তন অধ্যক্ষ আকতাৰ হুছেইন তালুকদাৰ, ভিচিডিচিটােৰ বৰ্তমানৰ অধ্যক্ষ হাশেম আলী খান, ভিচিডিচিৰ সদস্য নবীবৰ ৰহমান তালুকদাৰকে ধৰি গোৱৰ্ধনা উন্নয়ন খণ্ডত চলি থকা পর্বতসমত দুনীতিৰ লগত জড়িত থকা প্ৰতিগৰাকী লোকক গ্রেপ্তাৰৰ লগতে কঠোৰ শক্তি সংশ্লিষ্ট বিভাগে অতি শীঘ্ৰে গ্ৰহণ নকৰিলে আমডুৱে ইয়াতকৈ ভয়াৱহ আন্দােলন গঢ়ি তুলিব বুলি প্রতিবাদকাৰীসকলে সকীয়াই দিয়ে।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment