পৰিবহন ব্যয় আদায় নিদিয়াত ক্ষুন্ন সুলভ মূল্যৰ ব্যৱসায়ী সন্থা

ৱেব ডেস্ক, ৩০ আগষ্ট, ২০১৬ঃ
সমবায় সমিতিসমূহক দিবলগীয়া পৰিবহণ ব্যয় আৰু সুলভ মূল্যৰ দােকানক আদায় দিবলগীয়া কমিছনৰ ধন আদায় নিদিয়াৰ পৰিপ্ৰেক্ষিতত অহা ছেপ্টেম্বৰ মাহৰ পৰাই ৰাজ্যখনত খাদ্য সুৰক্ষাৰ চাউল বিতৰণ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে সদৌ অসম সুলভ মূল্য ব্যৱসায়ী সন্থাই। সস্থাৰ সভাপতি সঞ্জীৱ কুমাৰ ডেকাই আজি এই সিদ্ধান্তৰ বিষয়ে সদৰী কৰে। উল্লেখ্য যে যোৱা বছৰৰ ডিচেম্বৰ মাহৰ পৰাই খাদ্য সুৰক্ষাৰ চাউল বিতৰণৰ নামত সমবায় সমিতিয়ে লাভ কৰিবলগীয়া পৰিবহণ ব্যয় আৰু সুলভ মূল্যৰ দােকানীয়ে পাবলগীয়া কমিছনৰ ধন আজি ৯ মাহে লাভ কৰা নাই। প্রতিমাহে খাদ্য সুৰক্ষাৰ চাউল বিতৰণৰ ক্ষেত্ৰত পৰিবহণ ব্যয় আৰু কমিছন মিলি ৩১ কোটি টকা ব্যয় হয়। সেই অনুসৰি, যোৱা বছৰৰ ডিচেম্বৰৰ পৰা চলিত বছৰৰ আগষ্ট মাহলৈ পৰিবহণ ব্যয় আৰু কমিছন মিলি সমবায় সমিতি আৰু সুলভ মূল্যৰ দােকানীয়ে চৰকাৰৰ পৰা মুঠ ২৭৯ কোটি টকা আদায় পাবলৈ বাকী আছে। কিন্তু এই পুঁজি আদায়ৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰে কৃপণালি প্রদর্শন কৰি আছে। এই সন্দৰ্ভত সদৌ অসম সুলভ মূল্য ব্যৱসায়ী সস্থাৰ সভাপতি সঞ্জীৱ কুমাৰ ডেকাই কয় যে সমবায় সমিতি আৰু সুলভ মূল্যৰ দােকানীক পৰিবহণ ব্যয় আৰু কমিছন হিচাপে আদায় দিবলগীয়া ২৭৯ কোটি টকাৰ ভিতৰত শেহতীয়াকৈ চৰকাৰে মাত্র ৬০ কোটি টকা মোকলাই দিয়াৰহে পদক্ষেপ লৈছে। যোৱা ডিচেম্বৰ মাহৰ পৰা মার্চ মাহলৈ পৰিবহণ ব্যয় আৰু কমিছন হিচাপে কেন্দ্ৰৰ পৰা আদায় পাবলগীয়া ৯৪ কোটি টকাৰ ভিতৰত মাত্র ৪৫ কোটি টকাহে মোকলাই দিছে। সেইদৰে ৰাজ্য চৰকাৰে নিজৰ অংশ হিচাপে ১৫ কোটি টকা মোকলাই দি মুঠ ৬০ কোটি টকা আদায় দিব বিচাৰিছে। অথচ, প্রতিমাহে হােৱা ৩১ কোটি টকা ব্যয় হিচাপে যোৱা ডিচেম্বৰ মাহৰ পৰা মার্চ মাহলৈ প্ৰকৃততে আদায় পাব লাগে ১২৪ কোটি টকা। অর্থাৎ, চৰকাৰে এতিয়া মাত্র দুমাহৰহে পৰিবহণ ব্যয় আৰু কমিছনৰ ধন মোকলাই দিব বিচাৰিছে। মাত্র দুমাহৰ পৰিবহণ ব্যয় আৰু কমিছনৰ ধন মোকলাই দিয়াটাে সস্থাই কোনো পৰিস্থিতিতে মানি নলয় বুলি উল্লেখ কৰি সভাপতি ডেকাই কয় যে ইতিমধ্যে তেওঁলোকে ছেপ্টেম্বৰ মাহৰ পৰা খাদ্য সুৰক্ষাৰ চাউল বিতৰণ নকৰাৰ যি সিদ্ধান্ত লৈছিল সেই সিদ্ধান্ত বাহাল থাকিব।
কোনো পৰিস্থিতিতে তেওঁলোকে মাত্র ৬০ কোটি টকাৰ পৰিবহণ ব্যয় আদায়ৰ বিনিময়ত চাউল বিতৰণ নকৰে। সভাপতি ডেকাই লগতে অভিযোগ কৰি কয় যে প্রকৃততে চৰকাৰে বিশেষকৈ কেন্দ্রীয় চৰকাৰে খাদ্য সুৰক্ষা আইনৰ অধীনত চাউল বিতৰণৰ আঁচনিখন বন্ধ হােৱাটাে বিচাৰিছে। যাৰ বাবে পৰিবহণ ব্যয় আদায়ৰ ক্ষেত্ৰত হেমাহি তথা উদাসীনতা প্রদর্শন কৰি আহিছে। ইপিনে, নতুন দিল্লীত বাহৰ পাতি থকা ৰাজ্যৰ যোগানমন্ত্রী ৰিহণ দৈমাৰীয়ে সুলভ মূল্যৰ ব্যৱসায়ী সন্থাক খাদ্য সুৰক্ষাৰ চাউল বিতৰণৰ পৰা বিৰত নাথাকিবলৈ আহ্বান জনাই কয় যে ৰাজ্য চৰকাৰে ইতিমধ্যে এই সম্পৰ্কত বিত্ত বিভাগৰ সৈতে যোগাযোগ কৰিছে। বিত্ত বিভাগে পুঁজি মোকলাই দিলেই সমবায় সমিতি আৰু সুলভ মূল্যৰ দােকানীসকলে পাবলগীয়া পৰিবহণ ব্যয় আৰু কমিছনৰ ধন আদায় দিয়া হ’ব। ৰাজ্যিক বাজেট যিহেতু মাত্ৰ কেইদিনমান পূর্বে গৃহীত হৈছে, সেয়ে এই পুঁজি আদায়ত কিছু সময়ৰ প্রয়োজন হৈছে বুলি উল্লেখ কৰি মন্ত্রী দৈমাৰীয়ে সুলভ মূল্যৰ ব্যৱসায়ী সস্থাক খাদ্য সুৰক্ষাৰ চাউল বিতৰণ অব্যাহত ৰাখিবলৈ আহ্বান জনায়। সেইদৰে, যোগান বিভাগৰ আয়ুক্ত সচিব ৰাজেশ প্রসাদে দুই-এদিনতে সমবায় সমিতি আৰু সুলভ দোকানীসকলে পৰিবহণ ব্যয় আৰু কমিছনৰ ধন হিচাপে ৬০ কোটি টকা লাভ কৰিব বুলি এই প্রতিনিধিক দিয়ে। আয়ুক্ত সচিব প্ৰসাদৰ মতে, ইতিমধ্যে বিত্ত বিভাগে সেই পুঁজিত অনুমোদন দিছে। আনহাতে, খাদ্য সুৰক্ষাৰ চাউল বিতৰণৰ নামত পৰিবহণ ব্যয় আৰু কমিছন হিচাপে লাভ কৰিবলগীয়া ২৭৯ কোটি টকাৰ বিপৰীতে চৰকাৰে মাত্র ৬০ কোটি টকাহে মোকলাই দিয়াৰ ব্যৱস্থা কৰাত স্বাভাৱিকতে জাঙুৰ খাই উঠিছে। সদৌ অসম সুলভ মূল্য ব্যৱসায়ী সন্থা। কাইলৈ সন্থাই এই সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰাৰ বাবে কাৰ্যনির্বাহক বৈঠকৰাে আহ্বান কৰিছে। জানিব পৰা মতে, ছেপ্টেম্বৰৰ পৰা খাদ্য সুৰক্ষাৰ চাউল বিতৰণৰ পৰা সমবায় সমিতি আৰু সুলভ মূল্যৰ দােকানীসকল সর্বাত্মকভাৱে বিৰত থকা সন্দৰ্ভত কাইলৈৰ কাৰ্যনির্বাহক বৈঠকত আলোচনা কৰিব। মন কৰিবলগীয়া এয়ে যে খাদ্য সুৰক্ষাৰ চাউল বিতৰণত হােৱা পৰিবহণ ব্যয় আৰু কমিছনৰ ধন আদায়ৰ ক্ষেত্ৰত ৭৫ শতাংশ কেন্দ্রীয় চৰকাৰে আৰু ২৫ শতাংশ ৰাজ্য চৰকাৰে বহন কৰিব লাগে। কিন্তু কেন্দ্রীয় পুঁজিৰ অংশ ৰাজ্য চৰকাৰে সঠিকভাৱে লাভ নকৰাৰ পৰিপ্ৰেক্ষিততে এই সমস্যাই ভয়ানক ৰূপ ধাৰণ কৰিছে।
facebook
twitter
google+
fb share