এফডিআই নীতি ২০১৬ৰ সৰলীকৰণত অনুমোদন মোদী কেবিনেটৰ
প্ৰতিৰক্ষা-পশুপালন, ব্রডকাষ্টিঙত ১০০% এফডিআইত অনুমোদন, ১০ কোটি টকাৰ পুঁজি বিনিয়োগ কৰিলে স্থায়ী বাসিন্দাৰ মৰ্যাদা, সম্পত্তি ক্ৰয়ৰ অধিকাৰ

ৱেব ডেস্ক, ৩১ আগষ্ট, ২০১৬ঃ
দেশৰ অৰ্থনৈতিক সংস্কাৰৰ বৃহৎ পদক্ষেপ হিচাপে প্রায় আঢ়ৈটা দশক পূর্বে আৰম্ভ কৰা অৰ্থনৈতিক উদাৰীকৰণক আজি নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে নতুন মৰ্যাদা প্ৰদান কৰিলে৷ প্ৰত্যক্ষ বিনিয়োগ অধিক ত্বৰান্বিত কৰি আজি কেন্দ্রীয় কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈ দেশলৈ সূচল আগমন আৰু বিনিয়োগ নিশ্চিত কৰিলে অধিক বিদেশী পুজিৰ৷ দেশত বিনিয়োগ কৰাৰ বাবে বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰিবলৈ প্ৰত্যক্ষ বিদেশী বিনিয়োগ নীতিৰ সৰলীকৰণ আৰু উদাৰীকৰণত আজি অনুমোদন জনায় কেন্দ্রীয় কেবিনেটে। চলিত বৰ্ষৰ ২০ জুনত চৰকাৰে এফ ডি আই নীতিৰ সৰলীকৰণ আৰু উদাৰীকৰণ কৰিব বুলি কৰা ঘোষণাক আজি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত আনুষ্ঠানিকভাৱে অনুমোদন জনায়।
বিভিন্ন ক্ষেত্ৰত অনুমােদিত এফ ডি আই নীতিৰ পৰিপ্ৰেক্ষিতত বিদেশী পুঁজিৰ বিনিয়োগ বৃদ্ধিৰ জৰিয়তে দেশত উপার্জন আৰু নিয়োগ বৃদ্ধি পোৱাটাে নিশ্চিত কৰাৰ বাবে কেবিনেটে আজি এই গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰি বিদেশী বিনিয়ােগকাৰীলৈ ৰঙা দলিচা আগবঢ়ায়। কেন্দ্রীয় কেবিনেটে এফ ডি আই নীতিত অনুমোদন জনােৱাৰ পাছত বিদেশী বিনিয়ােগকাৰীয়ে অতি কমেও ১০ কোটি টকাৰ বিনিয়ােগ কৰিলে দেশত স্থায়ী বাসিন্দাৰ মর্যাদা, ভিছা আৰু পৰিয়ালৰ লোকে নিযুক্তিৰ সুবিধা লাভ কৰিব। বিত্তমন্ত্রী অৰুণ জেটলিয়ে নতুন দিল্লীত সদৰী কৰা মতে, কোনো লোকে ভাৰতবৰ্ষত অতি কমেও ১০ কোটি টকা বিনিয়োগ কৰিলে তেওঁলোকে ভিছা সহজতে লাভ কৰিব, সম্পত্তি ক্রয় কৰাৰ অধিকাৰ পাব, পৰিয়ালৰ লোকে নিযুক্তিৰ সুবিধা পাব। দেশত বিদেশী বিনিয়ােগক উৎসাহিত কৰা আৰু মেক ইন ইণ্ডিয়া কাৰ্যসূচীক সুবিধা প্রদান কৰাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এফ ডিআই নীতিত বিদেশী বিনিয়ােগকাৰীক বিশেষ সুবিধাসমূহ প্রদান কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে বুলি বিত্তমন্ত্রীগৰাকীয়ে সদৰী কৰিছে। চৰকাৰী বিবৃতিত প্রকাশ কৰা মতে, স্থায়ী বাসিন্দাৰ মর্যাদা ১০ বছৰৰ কাৰণে প্রদান কৰাৰ লগতে মাল্টিপ’ল এণ্ট ভিছাৰ সুবিধা থাকিব আৰু ১০ বছৰৰ পাছত সেই বাসিন্দাৰ যদি কোনাে অভিযোগ পোৱা নাযায়, পুনৰ ১০ বছৰৰ কাৰণে মর্যাদা প্ৰসাৰণ কৰা হ'ব। লক্ষণীয় যে বিদেশী বিনিয়োগকাৰীয়ে প্রথম ১৮ মাহৰ ভিতৰত অতি কমেও ১০ কোটি টকা বিনিয়োগ কৰাৰ পাছত পৰৱৰ্তী ৩৬ মাহৰ ভিতৰত ইয়াক ২৫ কোটিলৈ বৃদ্ধি কৰিব লাগিব। ইয়াৰ উপৰি খাদ্য-সামগ্ৰী নির্মাণ, প্ৰতিৰক্ষা খণ্ড, ফার্মাচিউটিকেল, ব্রডকাষ্টিং কেৰিজ ছাৰ্ভিচ, অসামৰিক পৰিবহণ খণ্ড, ব্যক্তিগত নিৰাপত্তা সংস্থা, পশুপালন, ছিংগল ব্ৰেণ্ড ৰিটেল ব্যৱসায় আদিত কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্তত অনুমোদন জনায় কেবিনেটে। চৰকাৰী বিবৃতিত প্রকাশ কৰা মতে, খাদ্য-সামগ্ৰী নির্মাণৰ প্ৰচাৰৰ বাবে ভাৰতত ১০০ শতাংশ এফ ডি আইক অনুমোদন জনোৱা হয়। এফ ডি আইৰ অধীনত ব্যৱসায়ৰ কাৰণে ই-কমাৰ্চক অন্তর্ভুক্ত কৰি স্বয়ংক্রিয় পথেৰে ১০০ শতাংশ বিদেশী বিনিয়ােগক সুবিধা প্রদান কৰা হৈছে। তদুপৰি পূৰ্বতে প্ৰতিৰক্ষা ক্ষেত্ৰত ৪৯ শতাংশ এফ ডি আইৰ অনুমােদন বৃদ্ধি কৰি ১০০ শতাংশ কৰা হৈছে। ব্রডকাষ্টিং কেৰিজ ছাৰ্ভিচ খণ্ডৰ টেলেপ'ৰ্টছ, ডি টি এইচ, কেবল নেটৱৰ্ক, ম’বাইল টিভি, এইচ আই টি এছ আদিত স্বয়ংক্রিয়ভাৱে ১০০ শতাংশ প্রত্যক্ষ বিদেশী বিনিয়োগত অনুমোদন জনােৱা হয়। ফার্মাচিউটিকেল খণ্ডৰ স্বয়ংক্রিয় পথেৰে ১০০ শতাংশ এফ ডি আইৰ অনুমোদন জনােৱা হয়। ঠিক তেনেদৰে অসামৰিক পৰিবহণ খণ্ডতো স্বয়ংক্রিয় পথেৰে ১০০ শতাংশ এফ ডি আইত অনুমােদন জনােৱা হয়। অৱশ্যে এইক্ষেত্ৰত খণ্ডটােৰ বিভিন্ন শিতানত বিশেষ বিশেষ চর্ত জড়িত হৈ থাকিব। ব্যক্তিগত নিৰাপত্তা সংস্থাত থকা পূৰ্বৰ ৪৯ শতাংশ পৰা বৃদ্ধি কৰি ৭৪ শতাংশ কৰা হৈছে। ইয়াতাে বিশেষ বিশেষ চর্ত সন্নিৱিষ্ট হৈ আছে। আনহাতে প্ৰতিৰক্ষা, টেলিকম, ব্যক্তিগত নিৰাপত্তা আৰু তথ্য আৰু প্ৰচাৰৰ শাখা কার্যালয়, লায়েচন কার্যালয় অথবা প্রকল্প কার্যালয় স্থাপনৰ ক্ষেত্ৰতো কেইবাটাও চৰ্ত আৰোপ কৰা হৈছে। নিয়ন্ত্রিত চৰ্তৰ অধীনত স্বয়ংক্রিয় পথেৰে পশুপালনত ১০০ শতাংশ এফ ডি আইত অনুমোদন জনোৱাৰ লগতে ছিংগল ব্ৰেণ্ড ৰিটেল ট্রেডিং নীতি-নিয়ম কিছু শিথিল কৰা হৈছে।
মেক ইন ইণ্ডিয়াৰ প্ৰভাৱ, পূৰ্বৰ ১৯টা স্থান আগুৱাই বিশ্ববেংকৰ এলপিআইৰ তালিকাত ৩৫সংখ্যক স্থান লাভ ভাৰতৰ
বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ মেক ইন ইণ্ডিয়া কাৰ্যসূচীৰ ইতিবাচক প্ৰভাৱৰ বাবে বিশ্ববেংকৰ লজিষ্টিক পাৰফৰমেনছ ইনডেক্স, চমুকৈ এল পি আই তালিকাত ভাৰতে পূৰ্বকৈ ১৯টা স্থান আগুৱাই আহি ৩৫সংখ্যক স্থান লাভ কৰিছে। দুবছৰৰ মূৰে মূৰে বিশ্ববেংকে প্রকাশ কৰা এই তালিকাত বিশ্বৰ ১৬০খন দেশৰ ভিতৰত ভাৰতে ৩৫সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হােৱাত সন্তুষ্টি ব্যক্ত কৰিছে কেন্দ্রীয় চৰকাৰে। এল পি আইত (ব্যৱস্থাপনা প্রদর্শন সূচাংক) ৩৫সংখ্যক স্থান লাভ কৰাৰ বিপৰীতে ভাৰতে কষ্টমছত ৩৮, আন্তঃগাঁথনিত ৩৬, আন্তর্জাতিক পৰিবহণত ৩৯, ব্যৱস্থাপনা মান আৰু প্ৰতিদ্বন্দ্বিতাত ৩২, ট্রেকিং আৰু ট্রেচিঙত ৩৩সংখ্যক স্থান লাভ কৰাৰ বিপৰীতে টাইমলাইনেছত ৪২সংখ্যক স্থান লাভ কৰিছে ভাৰতে। ইপিনে এল পি আইৰ তালিকাত জার্মানীয়ে শীর্ষস্থান লাভ কৰাৰ বিপৰীতে ছিংগাপুৰে কাষ্টমছত শীর্ষস্থান লাভ কৰিছে। উল্লেখ্য যে দেশ এখনে প্রত্যাহ্বান আৰু সুযোগৰ জৰিয়তে বাণিজ্য ব্যৱস্থাপনা আৰু প্রদর্শন উন্নত কৰাৰ ভিত্তিক লৈ বিশ্ববেংকে এল পি আইৰ তালিকা প্রস্তুত কৰে।
facebook
twitter
google+
fb share