গুৱাহাটী, ২৮ জুনঃ
ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চমুকৈ এন আৰ চিত শেহতীয়াকৈ অসমৰ বিভিন্ন জিলাত ভূৱা প্ৰমাণপত্ৰ প্ৰদান কৰাৰ বাতৰি বিভিন্ন প্ৰচাৰ মাধ্যমত প্ৰকাশ পোৱাৰ পাছত ৰাজ্যজুৰি এক চাঞ্চল্যৰ সৃষ্টি হৈছে৷ অবৈধ বিদেশীৰ নাম এই এন আৰ চিৰ পৰা কৰ্তন কৰাৰ বাবে বিভিন্ন দল-সংগঠনে প্ৰতিবাদী কাৰ্য়সূচী ৰূপায়ন কৰি আহিছে৷ আজি (২৮জুন) গুৱাহাটীৰ ভাঙ্গাগড়স্থিত এন আৰ চিৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তিনিঘন্টীয়া অৱস্থান ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰি এনআৰচিত এজনো বিদেশীৰ নাম যাতে অন্তৰ্ভূক্ত নহয় সেই বাবে ৰাজ্য চৰকাৰৰ লগতে এনআৰচি কতৃপক্ষক সকীয়াই দিছে৷ সংগঠনটোৱে অভিযোগ কৰিছে যে — ‘পূৰ্বৰ চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ব আৰোপ নকৰা বাবেই চিনাক্ত বিদেশীসকলকো কৰায়ত্ব কৰিবলৈ ব্যৰ্থ হৈছিল আৰু এতিয়া তেওঁলোকে পুনৰ এন আৰ চিত নাম অন্তৰ্ভূক্ত কৰাৰ বাবে চেষ্টা কৰি আছে’৷
facebook
twitter
google+
fb share