এটা সময়ত হেৰুওৱা বিভাগ পুনৰ লাভৰ পিছতে তৎপৰতা দেখুৱাইছে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ বিজেপি দলৰ সহায়ক হোৱাকৈ মন্ত্ৰীজনে বিদ্যালয়সমূহৰ পৰিচালনা সমিতি ভংগ কৰাৰ নিৰ্দেশ দিয়াৰ পিছত এইবাৰ কলেজৰ অধ্যাপকৰ ওপৰত কলম ঘূৰাইছে৷ উচ্চ শিক্ষা বিভাগে জাৰি কৰা এক নিৰ্দেশে ইয়াৰেই ইংগিত দিছে৷ হিমন্ত বিশ্ব শৰ্মাৰ এনে কামক লৈ এতিয়া অধ্যাপকসকল ক্ষুব্ধ হৈ পৰিছে৷উচ্চ শিক্ষা বিভাগৰ সূত্ৰই জানিবলৈ দিয়া মতে ২০ জুনত বিভাগে এক নিৰ্দেশ (নং PC/HE/Misc/36/2016/2)যোগে সকলো চৰকাৰী আৰু প্ৰাদেশীকৃত কলেজক বায়’মেট্ৰিক বা পাঞ্চিং মেচিন স্থাপন কৰাটো নিশ্চিত কৰিবলৈ কয়৷ গ্ৰীষ্মৰ বন্ধৰ পিছত পাঠদান হোৱা প্ৰথম দিনটোৰপৰা উক্ত মেচিনে কাম কৰিব লাগিব৷ অৰ্থাৎ অধ্যাপকসকলে বায়’মেট্ৰিক বা পাঞ্চিং মেচিনৰ জৰিয়তে উপস্থিতিৰ তথ্য দিহে পাঠদান আৰম্ভ কৰিব পাৰিব৷ কেৱল অধ্যাপকেই নহয়, শিক্ষামন্ত্ৰীৰ এই নীতিৰপৰা কলেজৰ আন কৰ্মচাৰীসকলো সাৰি যোৱা নাই৷ শ্ৰেণীত যাতে অধ্যাপকে ফাঁকি দিব নোৱাৰে তাৰবাবেই হিমন্ত বিশ্ব শৰ্মাই এনে সিদ্ধান্ত লোৱা বুলি বিভাগীয় সূত্ৰত প্ৰকাশ৷ উপস্থিতি নিশ্চিত কৰাৰ বাবে বায়’মেট্ৰিক বা পাঞ্চিং মেচিন ব্যৱহাৰতে সীমাবদ্ধ নাথাকি আন এক গুৰুত্বপূৰ্ণ নিৰ্দেশ জাৰি কৰিছে৷ সেই অনুসৰি প্ৰতিজন অধ্যক্ষই অধ্যাপক আৰু কৰ্মচাৰীৰ প্ৰতিদিনৰ উপস্থিতিৰ তালিকা সন্ধিয়া ছয় বজাৰ ভিতৰত শিক্ষা বিভাগৰ প্ৰধান সচিবলৈ ই-মেইল কৰিব লাগিব৷ আনহাতে কোনো কলেজৰ বায়’মেট্ৰিক বা পাঞ্চিং মেচিন যদি বিকল হৈ আছে তেন্তে তেনে মেচিন ভাল কৰাৰ ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া অধ্যক্ষসকলে উচ্চ শিক্ষা সঞ্চালকক ১৫ দিনৰ ভিতৰত জনাব লাগিব বুলি নিৰ্দেশটোত লগতে উল্লেখ কৰা হৈছে৷ অৱশ্যে বিভাগীয় এই নিৰ্দেশ অধ্যক্ষ তথা অধ্যাপকসকলে কি দৰে পালন কৰে সেয়া লক্ষণীয় হ’ব৷
শিক্ষামন্ত্ৰীৰ কঠোৰ পদক্ষেপ পাঞ্চিং মেচিনত উপস্থিতি দিব লাগিব কলেজ শিক্ষকে

facebook
twitter
google+
fb share