গুৱাহাটী:
ৰাজ্যৰ ৬,৯২৫গৰাকী ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া কৰিবৰ বাবে পূৰ্বৰ কংগ্ৰেছ চৰকাৰে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও চৰকাৰৰ সেই সিদ্ধান্তক বাতিল কৰিছে বৰ্তমানৰ বিজেপি চৰকাৰখনে৷ দেওবাৰে এক সংবাদমেল অনুষ্ঠিত কৰি শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে পূৰ্বৰ চৰকাৰে শিক্ষাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়া কৰিবৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও চৰকাৰে সেই সিদ্ধান্ত কাৰ্যকৰী কৰিব নোৱাৰে৷ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি কোনো ৰাজ্য চৰকাৰে কাৰোৰে পদ নিয়মীয়া কৰিব নোৱাৰে৷ ইয়াৰ বাবে সাক্ষাৎকাৰৰ প্ৰয়োজন হ’ব৷ সাক্ষাৎকাৰৰ জৰিয়তে যদি এই ঠিকাভিত্তিক শিক্ষকসকলে চৰকাৰী চাকৰি পায় তেনেহ’লে ক’বলগীয়া একো নাই৷ কিন্তু ৰাজ্য চৰকাৰে সাক্ষাৎকাৰ অনুষ্ঠিত নকৰাকৈ এইসকল ঠিকাভিত্তিক শিক্ষকৰ চাকৰি কোনো কাৰণতে নিয়মীয়া কৰিব নোৱাৰে৷ উল্লেখ্য যে ২০০৯ চনত সেই সময়ৰ শিক্ষামন্ত্ৰী গৌতম বৰাই ৰাজ্যখনত এই ৬,৯২৫গৰাকী শিক্ষকক ঠিকাভিত্তিক নিযুক্তি দিছিল৷ এই শিক্ষকসকলক নিৰ্বাচিত কৰিছিল বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিয়ে৷ এতিয়া ৰাজ্য চৰকাৰে এই সমিতিসমূহো ভংগ কৰি নতুনকৈ গঠনৰ সিদ্ধান্ত লৈছে৷ সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাই কয় যে বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতি চমুকৈ এছ এম ডি চিসমূহ ২৪ জুনৰপৰা কাৰ্যকৰী হোৱাকৈ ভংগ কৰা হৈছে৷ ৰাজ্য চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগৰ অধীনৰ চৰকাৰী আৰু প্ৰাদেশীকৃত উচ্চতৰ মাধ্যমিক বিদ্যালয়, কনিষ্ঠ মহাবিদ্যালয়, মাধ্যমিক বিদ্যালয় আৰু হাইমাদ্ৰাছাসমূহৰ যি বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতি আছিল সেইসমূহ ভংগ কৰা হৈছে৷ ২৫ জুনৰ ভিতৰত এই সমিতিসমূহ নতুনকৈ গঠন কৰা হ’ব৷ বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি আৰু উপ-সভাপতি নিৰ্বাচনৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰে গাইডলাইন বান্ধি দিছে৷ এই সমিতিৰ সভাপতি আৰু উপ-সভাপতিগৰাকী ৬৫ বছৰৰ অধিক হ’ব নোৱাৰিব৷ তেওঁলোক ন্যূনতম শিক্ষাগত অৰ্হতা স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব আৰু কোনো ৰাজনৈতিক দলৰ সদস্য হ’ব নোৱাৰিব৷ সভাপতি আৰু উপ-সভাপতিগৰাকী এনে ব্যক্তি হ’ব লাগিব যে তেওঁ ২০ বছৰ ধৰি পঞ্চায়ত, টাউন সমিতি, বিধানসভা বা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নাই৷ ৰাজ্যৰ চাৰি হাজাৰ এনে বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতি ভংগ কৰা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে নতুন সমিতি গঠন হোৱাৰ পিছতহে ৰাজ্যত খালী থকা অধ্যক্ষ পদসমূহ পূৰণ কৰা হ’ব৷ আনহাতে এই সমিতিখনে পৰৱৰ্তী সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱককো জড়িত কৰি আন এখন সমিতি গঠন কৰিব৷ কাইলৈ ৰাজ্যত ৭,২৩৪গৰাকী টেট শিক্ষকক নিযুক্তি দিয়া হ’ব বুলি উল্লেখ কৰি সংবাদমেলত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে যদি এই নিযুক্তি প্ৰক্রিয়াত কিবা বিসংগতি থকা বুলি প্ৰাৰ্থীসকলে সন্দেহ কৰে তেনেহ’লে তেওঁলোকে লিখিত অথবা ই-মেইলৰ জৰিয়তে শিক্ষামন্ত্ৰীক জনাব পাৰিব৷ তথ্যসহ প্ৰমাণ হ’লে এনে বিসংগতিবোৰ চৰকাৰে দূৰ কৰিব৷ ইফালে ২৮ জুনত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে চাংসাৰিত নিৰ্মাণ হ’বলগীয়া এইমছৰ বাবে কেন্দ্ৰীয় চৰকাৰক প্ৰায় চাৰিশ বিঘা মাটি চমজাই দিব বুলি উল্লেখ কৰি মন্ত্ৰীজনে কয় যে এই প্ৰকল্পৰ বাবে ৰাজ্য চৰকাৰৰ ফালৰপৰা ৪৫ কোটি টকা ব্যয় হ’ব৷ তিনি বছৰৰ ভিতৰত নিৰ্মাণ হৈ উঠিব এইমছ৷ আজি সংবাদমেলতে মন্ত্ৰীগৰাকীয়ে কয় যে গুৱাহাটী পৌৰ নিগম, অইল আৰু এন আৰ এলৰ লগত বুজাবুজি চুক্তি স্বাক্ষৰিত হ’ব৷ অইল আৰু এন আৰ এলে তেওঁলোকৰ চি এছ আৰ পুঁজিৰ অধীনত গুৱাহাটীত প্লাষ্টিকৰপৰা তেল উৎপাদনৰ বাবে এক প্ৰকল্প স্থাপন কৰিব৷ গুৱাহাটী পৌৰ নিগমে পেলনীয়া প্লাষ্টিকজাতীয় সামগ্ৰীসমূহ অইল আৰু এন আৰ এলত জমা দিব আৰু ইয়াৰপৰা তেওঁলোকে তেল প্ৰস্তুত কৰিব৷ ইয়াৰ বাবে ৰাজ্য চৰকাৰে ১০ বিঘা মাটি আবণ্টন দিব৷ উল্লেখ্য যে এইদৰে প্লাষ্টিকৰপৰা ইতিমধ্যে তেল উৎপাদন কৰিছে চেন্নাই আৰু মুম্বাইত৷ গুৱাহাটী হ’ব প্লাষ্টিকৰপৰা তেল উৎপাদন কৰা দেশৰ তৃতীয়খন চহৰ৷

facebook
twitter
google+
fb share