গুৱাহাটী:
যোৱা দুদিন আগতে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে অসমৰ ১২খনকৈ তৈলক্ষেত্ৰ ব্যক্তিগতকৰণ কৰাৰ সিদ্ধান্ত ঘোষনা কৰে৷ উক্ত সিদ্ধান্ত ঘোষণা কৰাৰ পিছৰে অসমৰ বিভিন্ন দল সংগঠনে বিৰোধীতা কৰি সৰৱ হৈ উঠাৰ লগতে বিভিন্ন ধৰণৰ আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ ধৰাৰ মূহূৰ্ততে আজি অসম গণ পৰিষদ দলৰ সাধাৰণ সম্পাদক ডা: কমলা কলিতাই বিজেপি চৰকাৰৰ এই সিদ্ধান্তক বিৰোধীতা কৰি সৰৱ হৈ উঠে৷ ডা: কলিতাই কয় যে, ‘‘ আমি ৰাজ্যৰ যিকোনো তৈলক্ষেত্ৰ ব্যক্তিগতকৰণ কৰাৰ বিৰোধীতা কৰো৷ এই সিদ্ধান্ত অসমৰ ৰাইজৰ বিৰুদ্ধে যোৱা এক সিদ্ধান্ত যিসকল জনসাধাৰণে মাত্ৰ ২ মাহ আগত আমাক ভোট প্ৰদান কৰি চৰকাৰ গঠন কৰাৰ সুযোগ দিছে সেইজনসাধাৰ বিৰুদ্ধে গ্ৰহণ কৰা সিদ্ধান্তৰ পুনবিবেচনা কৰাৰ বাবে বিজেপি মিত্ৰযোটৰ চৰকাৰক আহ্বান জনায়৷
facebook
twitter
google+
fb share