২৮ জুন, বৰপেটাৰোডঃ
আজি কেইবাটাও বিষয়লৈ ৰাজ্যৰ আকাশ বতাহ মুখৰিত হৈ থকা দেখা যায়৷ অসমৰ ১২ টাকৈ তৈলক্ষেত্ৰ বিদেশী ব্যক্তিগত খণ্ডৰ কোম্পানীক গতাই দিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি আৰু চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তক প্ৰত্যাহ্বান জনাই আৰু সিদ্ধান্ত বাতিল কৰাৰ বাবে দাবী উত্থাপন কৰি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে সমগ্ৰ ৰাজ্যজুৰি ৰাজহুৱা স্থানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় প্ৰেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু অসমৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰীসকলে মোডী আৰু সোনোৱাল চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তক অচিৰেই বাতিল কৰাৰ বাবে দাবী উত্থাপন কৰাৰ লগতে এই সিদ্ধান্ত বাতিল নহ’লে ইয়াতকৈ তীব্ৰ গণ আন্দোলন গঢ়ি তোলাৰ ভাবুকি প্ৰদান কৰে৷ সংগঠনটোৱে লগতে মত ব্যক্ত কৰে যে দেশ আৰু মাটিৰ কথা কৈ অসমৰ সহজ-সৰল ৰাইজৰ ভোট লৈ এতিয়া অসম বিৰোধী কাৰ্যকলাপ কৰি থকা চৰকাৰে ইয়াৰ পৰিণাম ভূগিব লাগিব৷ অসম আন্দোলনৰ নেতাসকলেই আজি অসম চুক্তিৰ কথা পাহৰি যোৱা বুলিও কটাক্ষ কৰে সংগঠনটোৱে৷ ইয়াৰ সমান্তৰালকৈ চৰকাৰৰ মিত্ৰ অগপই চৰকাৰৰ উক্ত সিদ্ধান্তৰ বিৰোধীতা কৰে৷ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই সংবাদমেল অনুষ্ঠিত কৰি এই সিদ্ধান্ত অসমৰ ৰাইজৰ পৰিপন্থী গতিকে এই সিদ্ধান্ত বাতিল কৰাৰ বাবে বাবে চৰকাৰক দাবী জনায়৷ সমান্তৰাল ভাবে কংগ্ৰেছ দলৰ বিধায়ক আব্দুল খালেকে সংবাদমেল আয়োজন কৰি সোনোৱাল চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ তেওঁ সৰ্বানন্দ সোনোৱালৰ ৰাজ্যৰ প্ৰতি থকা দায়বদ্ধতাৰ বিষয়ে সোঁৱৰাই দিয়ে৷
ইফালে সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৱে আজি গুৱাহাটীৰ দীঘলীপুখুৰিৰ পাৰত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি ৰাজ্যজুৰি হৈ মূল্য বৃদ্ধি নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰ ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন কৰে৷ সংগঠনটোৱে অচিৰেই এই মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ বাবে দাবী উত্থাপন কৰে৷ উল্লোখ্য যে সোনোৱাল চৰকাৰে দায়িত্ব গ্ৰহণ কৰিয়েই ৰাজ্যৰ চেকগেটসমূহ বন্ধ কৰাৰ এক সিদ্ধান্তও গ্ৰহণ কৰিছিল মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ৷ এইক্ষেত্ৰত মূল্যবৃদ্ধিৰোধ নোহোৱাত আছুৱে ক্ষোভ প্ৰকাশ কৰে৷
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি গুৱাহাটীৰ ভাঙাগড়স্থিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অসম শাখাৰ মূল্য কাৰ্যালয়ৰ সন্মুখত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি #NRC ত বিদেশী নাগৰিকৰ নাম যাতে অন্তৰ্ভূক্ত নহয় তাৰ বাবে চৰকাৰক দাবী জনায়৷ এইখিনিতে উল্লেখ কৰিব লাগিব যে মহামান্য উচ্চত্ম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্বাবধানত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীত কৰণৰ কাম চলি থকাৰ সময়তে অসমৰ কেইবা স্থানত ভূৱা প্ৰমানপত্ৰ দাখিল কৰা প্ৰায় অৰ্ধ শত সন্দেহজনক লোক চিনাক্ত কৰিবলৈ সক্ষম হৈছে ৰাজ্যৰ আৰক্ষীয়ে৷ সংগঠনটোৱে সন্দেহ ব্যক্ত কৰিছে যে অবৈধ বিদেশীয়ে এই নাগৰিক পঞ্জীত নাম অন্তৰ্ভূক্ত কৰাৰ বাবে প্ৰপত্ৰ পূৰণ কৰিছে আৰু এইসকলে সুৰুঙা পালেই ভাৰতৰ নাগৰিকত্ব লাভ কৰি ভূমিপুত্ৰসকলৰ অধিকাৰ খৰ্ব কৰিব৷ এই ক্ষেত্ৰত সংগঠনটোৱে সদ্য বিদায়ী তৰুণ গগৈ নেতৃত্বধীন কংগ্ৰেছ চৰকাৰৰ বাংলাদেশী প্ৰীতি থকা বুলি অভিযোগ কৰি বিগত চৰকাৰটোৰ ভুলৰ ভয়াবহ পৰিনাম ৰাজ্যবাসীয়ে ভূগিব লাগিব বুলি উল্লেখ কৰে৷ অৱশ্যে হিন্দু বাংলাদেশীৰ বহু চৰ্চি নাগৰিকত্ব সম্পৰ্কে সংগঠনটোৱে স্পষ্ট মন্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকে৷
facebook
twitter
google+
fb share