জেহাদী সন্দেহত বৰপেটাৰ চাৰিজনক আটক


গুৱাহাটী, ১২ জুলাই, ২০১৬ :

জেহাদীৰ প্ৰসংগই অসমত তীৱ চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰিছে বাংলাদেশৰ কুখ্যাত সন্ত্রাসবাদী সংগঠন জামাতুল মুজাহিদিন। ৫ গৰাকী জেহাদী সদস্য অসমত প্ৰৱেশ কৰা বুলি ইতিমধ্যে নিয়াই প্রকাশ কৰিছে। নিয়াই প্রকাশ কৰা তালিকা অনুসৰি কুখ্যাত জেহাদী’ বুলি অভিহিত শহিদুল ইছলামৰ জন্ম গাঁও বৰপেটাৰ ৰৌমাৰী পথাৰত এতিয়া আৰক্ষীৰ তীক্ষ নজৰত পৰিছে। ইয়াৰ মাজতে ভাৰতীয় সেনাৰ নলবাৰী শিবিৰৰ পৰা অহা এটা দলে দৌলাশাল আৰক্ষীৰ সহযোগত গাঁওখনত যোৱা নিশা তীব্র অভিযান চলাই চাৰিগৰাকীকৈ যুৱকক জেহাদী কাৰ্যৰ লগত জড়িত থকাৰ সন্দেহত আটক কৰি লৈ যোৱাত গাঁওখনত চেপা উত্তেজনাইবিৰাজ কৰিছে। ৰৌমাৰী পথাৰৰ নতুব আলীৰ দুই পুত্র আক্রাম আলী (৩০) আৰু মজিবৰ আলী (৩৫)। আনহাতে একেখনগাঁৱৰে মঙলা আলীৰ দুই পুত্র কছিমউদ্দিন (৩৫) আৰু জহুৰুদিন (৩২)ক সেনাই আটক কৰে। সেনাই অভিযান চলাই কছিমউদিনৰ ঘৰৰ পৰা কেইবাখনো হাদীছৰ কিতাপ জব্দ কৰে। 
অসমকে ধৰি চুবুৰীয়া পশ্চিমবংগত ইতিমধ্যে বাংলাদেশৰ নৃশংস সন্ত্রাসবাদী সংগঠন জামাতুল মুজাহিদীনে ঘাটি স্থাপন কৰাৰ অভিযোগ উঠিছে। ২০১৪ চনৰ অক্টোবৰত পশ্চিমবংগৰ বর্ধমানত সংঘটিত বিস্ফোৰণৰ ঘটনাৰ পিছতে দেশত জে এম বিৰ তত্পৰতা ধৰা পৰিছিল। পৰৱৰ্তী সময়ত ‘নিয়াৰ অনুসন্ধানত ওলাই পৰে যে পশ্চিমবংগৰ পৰা অসমলৈ উক্ত দুৰ্বত্ত দলৰ নেটৱক বিস্তাৰিত হৈছে। শেহতীয়াকৈ নিয়াই ৫গৰাকী কুখ্যাত জেহাদীৰ তথ্য প্রকাশ কৰাত বৰপেটা জিলাত এক আতংকৰ সৃষ্টি হৈছে। নিয়াৰ তালিকাত থকা মষ্ট ৱান্টেড জেহাদী শ্বহিদুল ইছলামৰ ঘৰ বৰপেটা জিলাৰ তাৰাবাৰী থানাৰ অন্তর্গত ৰৌমাৰী পথাৰত। এতিয়া প্রায়েই শ্বহিদুল ইছলামৰ ঘৰত আৰক্ষীৰ অভিযান দেখা গৈছে। ২০১১ চনত দৌলাশাল হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হৈ শ্বহিদুল ইছলামে কলকতালৈ মাদ্রাছা শিক্ষাৰ বাবে যায়। কলকতাৰ আমবাগান খৰিজি মাদ্ৰাছাত পঢ়িবলৈ যোৱা এইগৰাকী শ্বহিদুল ইছলামে সম্প্রতি অভিহিত হৈছে কুখ্যাত জেহাদী। এইগৰাকী মধ্যম ধৰণৰ ছাত্রই হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ২১৭ নম্বৰেৰে তৃতীয় বিভাগত উত্তীর্ণ হয়। শহিদুল ইছলামে অসমীয়া বিষয়ত ৪১, ইংৰাজীত ৩২, সাধাৰণ বিজ্ঞানত ৪০, সাধাৰণ গণিতত ৩২, সমাজবিজ্ঞানত ৩১ আৰু আৰবীত ৪১ নম্বৰ লাভ কৰে। ছেবাৰ অধীনস্থ মেট্ৰিক পৰীক্ষাত শহিদুল ইছলামৰ ৰোল বি-১১, নং-৭৯ আছিল। শহিদুল ইছলামে অধ্যয়ন কৰা নলবাৰী জিলাৰ দৌলাশাল হাইস্কুলৰ ভাৰপ্রাপ্ত প্রধান শিক্ষক ভবেন কুমাৰ কলিতা, সহঃ শিক্ষক গুৰুচৰণ পাঠকৰ লগতে উপস্থিত শিক্ষক শিক্ষয়িত্ৰীয়ে শহিদুল ইছলামক আত্মসমপণ কৰি মূলসুঁতিলৈ ঘূৰি অহাৰ আহবান জনায়। আনহাতে, শ্বহিদুল ইছলামৰ জন্ম গাঁৱৰ স্থানীয় ৰাইজেও আত্মসমৰ্পণ কৰিবলৈ শহিদুল ইছলামক আহবান জনায়।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment