অসমৰ বাসিন্ধাইহে পাব টেটৰ চাকৰি

বিত্ত মন্ত্রীৰ ঘোষণা ২৬ জুলাইত দাখিল হ’ব বাজেট
গুৱাহাটী, ১২ জুলাই, ২০১৬
বিজেপি মিত্রজোটৰ চৰকাৰৰ দুমাহ নৌহওঁতেই ভেট বৃদ্ধিৰ জৰিয়তে সর্বসাধাৰণ ৰাইজক মাধমাৰ শোধোৱাক লৈ সমগ্ৰৰাজ্যত প্রতিবাদ অব্যাহত থকাৰ সময়তে বিত্ত মন্ত্রী হিমন্তবিশ্ব শৰ্মাই আজি দিছপুৰত এখন সংবাদমেল পাতি দাবী কৰে যে এক শতাংশ ভেট বৃদ্ধিৰ ফলত যোৱা এটা সপ্তাহত ঔষধকে ধৰি কোনো সা-সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱা নাই। মন্ত্ৰীগৰাকীৰ মতে যোৱা মাহৰ তুলনাত চলিত মাহত কেন্সাৰকে ধৰি বিভিন্ন ৰোগৰ ঔষধৰ মূল্য হ্রাস পাইছে। মন্ত্ৰীগৰাকীয়ে দাখিল কৰা তথ্য অনুসৰি যোৱা ৩০ জুনত চি এফ এল বালু, বাইচাইকেল, চেনিটাৰী নেপকিন, ফ্ৰইট ড্রিংক, পেন্সিল, জাম, আচাৰ, কাগজ, মিঠাতেল, বহী, জ্যামিতি বক্স, জোতা, চেণ্ডেল আদিকে ধৰি বিভিন্ন সামগ্ৰীৰ এম আৰ পি যিমান আছিল যোৱা ১১ জুলাইপর্যন্ত একেই আছে। এইক্ষেত্ৰত ৰাজ্য চৰকাৰে চোকা নজৰ ৰাখিছে। মন্ত্ৰীগৰাকীয়ে কয় যে ভেট বৃদ্ধিৰ বিৰুদ্ধে কোনো ব্যৱসায়িক গোষ্ঠী বা সংগঠনে ৰাজ্য চৰকাৰক স্মাৰকপত্ৰ দিয়া নাই। ৰাষ্ট্ৰীয় কৰ গাঁথনিৰ হাৰৰ ওপৰত ভিত্তি কৰিহে ব্যৱসায়ীয়ে কোনো সামগ্ৰীৰ এম আৰ পি নির্ধাৰিত কৰে আৰু সেই ফালৰ পৰা অসম চৰকাৰে এক শতাংশ ভেট বৃদ্ধি কৰিলে মূল্যবৃদ্ধিত কোনো প্রভাৱ নপৰে বুলি তেওঁ কয়। ইফালে কিবা কাৰণত যদি সামগ্ৰীৰ দাম বাঢ়ে তেন্তে ৰাজ্য চৰকাৰে আগত বাজেটৰ জৰিয়তে ব্যৱস্থা ল’ব বুলিও মন্ত্ৰীগৰাকীয়ে প্রকাশ কৰে। এক শতাংশ ভেট বৃদ্ধিৰে সংগৃহীত পুজি ৰাজ্য চৰকাৰে কৰ্মচাৰীৰ দাদৰমহা তথা ৰাইজৰ অন্যান্য সেৱাত ব্যৱহাৰ কৰিব বিচাৰিছে বুলি উল্লেখ কৰি কেতবোৰ দল-সংগঠনে তাকে লৈ চৰকাৰখনৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে বুলি মন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে৷ মন্ত্ৰীগৰাকীৰ মতে আগত বাজেটৰ জৰিয়তে ৰাজ্য চৰকাৰে কেতবোৰ হস্তক্ষেপ আৰোপ কৰিব আৰু ইয়াৰ ফলত ঔষধকে ধৰি আন সা-সামগ্ৰীৰ মূল্য হ্রাস পাব। উল্লেখযোগ্য যে আগত বাজেট প্রস্তুতৰ ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে সর্বসাধাৰণ ৰাইজৰো সুপৰামর্শ বিচাৰিছে। এই প্রথমবাৰৰ বাবে বাজেট প্রস্তুতত ৰাইজৰ মতামত লোৱাৰ ব্যৱস্থা কৰা হৈছে। অহা বছৰ বাজেট প্রস্তুতৰ ক্ষেত্ৰত জিলা পর্যায়ত ছেমিনাৰ পাতি ৰাইজৰ দিহাপৰামর্শ লোৱা হ’ব। অহা ২৬ জুলাইত ৰাজ্য চৰকাৰে আগত বাজেট দাখিল কৰিব।উল্লেখযোগ্য যে প্রশান্ত ফুকনৰ নেতৃত্বত একাংশ বিধায়কে কালি বিধায়কৰ ভ্ৰমণ বানচ বৃদ্ধিৰ বাবে বিধানসভাৰ অধ্যক্ষৰ ওচৰত দাবী জনোৱাৰ ঘটনা সন্দর্ভত মন্ত্ৰীগৰাকীয়ে কয় যে একমাত্র মন্ত্রী-বিধায়কৰ সা-সুবিধা বৃদ্ধিৰ তেওঁ পক্ষপাতী নহয়। ৰাজ্যিক কৰ্মচাৰীসকলৰ দা-দৰমহা বৃদ্ধিৰ সমান্তৰালভাৱেহে মন্ত্রী-বিধায়কৰো সুবিধা বৃদ্ধি হোৱা ভাল। আনহাতে তিনি বছৰ পূর্বে ৰাজ্য চৰকাৰে প্রৱর্তন কৰা গুটখাবিৰোধী আইনখন সঠিকভাৱে কাৰ্যকৰী নোহোৱা বাবে পূৰ্বৰ মুখ্যমন্ত্রী তৰুণ গগৈক কটাক্ষ কৰি মন্ত্রী শৰ্মাই কয় যে যোৱা দুটা বছৰ এই সন্দর্ভত সকলো মৌন হৈ থাকিল। আইনখন সঠিকভাৱে কাৰ্যকৰী হোৱা হ’লে যোৱা দুটা বছৰত কেন্সাৰ ৰোগীৰ সংখ্যা হাস পালেহেঁতেন। স্বাস্থ্য মন্ত্রী হিচাপে তেওঁ এই বিষয়টো গুৰুত্বসহকাৰে লোৱা বুলি প্রকাশ কৰি মন্ত্রী শৰ্মাই গুটখাৰ প্ৰসংগত সুকীয়া এখন সংবাদমেল আয়োজনৰ কথা ঘোষণা কৰে। ইপিনে অনলাইনযোগ টেট পৰীক্ষাৰ আবেদনপত্র লোৱাৰ ব্যৱস্থা কৰাৰ ফলত ৰাজস্থান, বিহাৰ আদি ৰাজ্যৰ পৰীক্ষার্থীয়েও অসমত শিক্ষকৰ চাকৰি পোৱাৰ বাট মুকলি হোৱা বুলি উত্থাপিত অভিযোগ সন্দর্ভত শিক্ষা বিভাগৰো দায়িত্বত থকা মন্ত্রী হিমন্তবিশ্ব শৰ্মাই আজি কয় যে বাহিৰৰ ৰাজ্যৰ পৰীক্ষার্থীয়ে টেটত অৱতীর্ণ হ’লেও চাকৰি নাপায়। কাৰণ প্রার্থীজন অসমৰ স্থায়ী বাসিন্দা হোৱাৰ উপৰি আন কেতবোৰ চৰ্ত আৰোপ কৰা হৈছে। মন্ত্ৰীগৰাকীৰ মতে ৰাজ্যখনৰ বাংলা মাধ্যমৰ বিদ্যালয়ত চাকৰি ল’বলৈ হ’লে টেট উত্তীর্ণজনৰ মেট্রিকত এটা বিষয় বাংলা ভাষা হ’ব লাগিব। একেদৰে বড়ো মাধ্যমৰ বিদ্যালয়ৰ ক্ষেত্ৰত প্রার্থীজনৰ মেট্রিকত এটা বিষয় বড়ো হ’ব লাগিব আৰু অসমীয়া মাধ্যমৰ বিদ্যালয়ত চাকৰি পাবলৈ হ’লে প্রার্থীজনৰ মেট্রিকত এটা বিষয় অসমীয়া হোৱাটাে বাধ্যতামূলক কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্রকাশ কৰে। উল্লেখনীয় যে শিক্ষিত নিবনুৱাৰ সমস্যাই ভয়াৱহ ৰূপ লোৱা অসমত বিদ্যালয়ৰ শিক্ষকৰ দৰে চাকৰিতো বহিৰাগত লোকৰ আগ্রাসন প্রতিহত কৰাৰ স্বার্থতে বাছনি প্রক্রিয়াটোত প্রার্থীসকলৰ নির্ধাৰিত বিষয়ৰ লগতে অসমীয়া, বড়ো আদি আঞ্চলিক ভাষা সলসলিয়াকৈ পঢ়িব আৰু লিখিব পৰা অৰ্হতাৰো পৰীক্ষা কৰাটো জৰুৰী হৈ পৰিছে বুলিও যুক্তি আগবঢ়ায় তেওঁ।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment