তৈলক্ষেত্ৰৰ ব্যক্তিগতকৰণ আৰু অসমৰ স্বাৰ্থ / (১)


অসমৰ ১২ খন তৈলক্ষেত্ৰক নিলামৰ জৰিয়তে ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়াৰ যি যো-যা কেন্দ্ৰীয় চৰকাৰে কৰি আছে, তাৰ সপক্ষে যুক্তি আগবঢ়োৱা সকলৰ বক্তব্য মূলত এনে ধৰণৰ -

১) তৈলক্ষেত্ৰ সমূহ অসমৰ সম্পত্তি কাহানিও নাছিল, সংবিধানৰ সপ্তম অনুসূচী মতে পেট্ৰলিয়াম বা প্ৰাকৃতিক গেছৰ ক্ষেত্ৰ সমূহ মালিকানা কেন্দ্ৰীয় চৰকাৰৰ | গতিকে টেকনিকেলি কব গলে অসমৰ সম্পদ ব্যক্তিগত কোম্পানীৰ হাতলৈ নাযায়, কেন্দ্ৰীয় চৰকাৰৰ সম্পদ হে ব্যক্তিগত কোম্পানীৰ হাতলৈ গৈ আছে | গতিকে আমাৰ আবেগিক হোৱোটো অপ্ৰয়োজনীয় |

২) তৈল ক্ষেত্ৰ সমূহ বৰ্তমান ৰাজহুৱা খন্ডৰ ONGC আৰু OIL ৰ নিয়ন্ত্ৰণত আছে | গতিকে ব্যক্তিগত খন্ডৰ সলনি যদি ৰাজহুৱা খন্ডৰ কোম্পানী সমূহেই উক্ত ১২ খন তৈল খন্ডৰ পৰা তেল উতপাদন কৰে , তেতিয়াও অসম চৰকাৰে কেৱল ৰয়েল্টি হে পাব | ব্য়ক্তিগত কোম্পানীয়ে উতপাদন কৰিলেও সেই একে হাৰত ৰয়েল্টি পাব | অসমৰ কোনো ধৰণৰ অৰ্থনৈতিক ক্ষতি নহয় |

৩) যিহেতু উক্ত ১২ খন তৈল ক্ষেত্ৰ বহু বছৰৰ পৰা এনেই পৰি আছে আৰু ৰাজহুৱা কোম্পানী সমূহে তাৰ পৰা খাৰুৱা তেল উতপাদন কৰাটো economically viable নহয় বুলি হাত দাঙি দিছে আৰু অদূৰ ভৱিষ্যতত ৰাজহুৱা খন্ডৰ )NGC/OIL আদিয়ে এই তৈল ক্ষেত্ৰ সমূহৰ পৰা কোনো উতপাদন কৰাৰো সম্ভৱণা নাই | গতিকে এই ১২ খন তৈল ক্ষেত্ৰৰ পৰা অসমৰ কোনো লাভ নহয়, কিন্ত যদি ব্যক্তিগত খন্ডক দিয়া যায় তেন্তে কোনো বিনিয়োগ নকৰাকৈয়ে অসম চৰকাৰে বৃহত পৰিমাণৰ ৰয়েল্টিৰ টকা লাভ কৰিব | গতিকে এই তৈল ক্ষেত্ৰ সমূহ ব্যক্তিগত কোম্পানীক হস্তান্তৰ কৰাটো অসমৰ কাৰণে লাভজনক হে |

আপাতদৃষ্টিত অতি যুক্তিপূৰ্ণ যেন লাগিলেও এই ওপৰোক্ত তিনিটা যুক্তিয়ে যে ফোপলা, সেয়া অলপ গভীৰলৈ গলেও প্ৰমাণিত হৈ যাব | কিন্তু তাৰ বাবে আমি কেন্দ্ৰীয় চৰকাৰৰ পেট্ৰ’লিয়াম নীতিৰ বিষয়ে দু-এষাৰ কথা জানি লব লাগিব |

ভাৰতৰ সংবিধানৰ সপ্তম অনুসূচীৰ এন্ট্ৰি নম্বৰ ৫৩ মতে, পেট্ৰ’লিয়ামৰ তৈল ক্ষেত্ৰ সমূহৰ কেৱলমাত্ৰ 'Regulation' (নিয়ন্ত্ৰণ) আৰু 'Development' (উন্নয়ণ) ৰ অধিকাৰহে কেন্দ্ৰীয় চৰকাৰৰ | এই অধিকাৰৰ ওপৰত ভিত্তি কৰি ১৯৪৮ চনত সংসদত Oil Fields (Regulations and Development) Acts, 1948 (ORDA) নামক আইণ গৃহিত হয় | এই ORDA আইণৰ অধীণত আকৌ কেন্দ্ৰীয় চৰকাৰে The Patroleum and Natural Gas Rules, 1959 (P&NGR) নিয়ম কিছুমান গ্ৰহন কৰে , আৰু এই নিয়ম সমূহৰ অধীনতে খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ exploration lease আৰু mining license প্ৰদান কৰে |

আনহাতে, সংবিধানৰ ২৯৪-২৯৬ অনুচ্ছেদ মতে ৰাজ্য এখনৰ চাৰিসীমাৰ ভিতৰত যিমান মাটি আছে আৰু সেই মাটিৰ তলত যিমান খনিজ পদাৰ্থ আছে তাৰ মালিকানা স্বত্ব ৰাজ্য চৰকাৰৰ | ৰাজ্য চৰকাৰৰ এই সাংবিধানিক অধিকাৰৰ কাৰণেই কেন্দ্ৰীয় চৰকাৰে যেতিয়া তৈল-ক্ষেত্ৰ সমূহক অন্বেষণ (exploration) বা উতপাদনৰ কাৰণে কোনো ৰাজহুৱা বা ব্যক্তিগত খন্ডক হস্তান্তৰ কৰে, তেতিয়া উক্ত ৰাজহুৱা বা ব্যক্তিগত কোম্পানীয়ে ৰাজ্য চৰকাৰৰ পৰা অনুজ্ঞাপত্ৰ (licence) বা স্বত্ব-পট্টা (lease) গ্ৰহন কৰিব লাগিব | ORDA ৰ 6A অনুচ্ছেদ মতে, অনুজ্ঞাপত্ৰ বা খননৰ পট্টা পোৱা কোম্পানীয়ে ৰাজ্যচৰকাৰৰ উক্ত মাটিৰ পৰা উতপাদন বা সংগ্ৰহ কৰা খাৰুৱা তেলৰ বাবদ ৰাজ্য চৰকাৰক এক নিৰ্ধাৰিত হাৰত ’ৰেয়েল্টি’ দিব লাগিব |

গতিকে, তৈল ক্ষেত্ৰৰ ব্যক্তিগত কৰণৰ সমৰ্থক সকলৰ প্ৰথম যুক্তি যে, অসমৰ তৈল ক্ষেত্ৰ সমূহৰ মালিক অসম চৰকাৰ নহয়, কেন্দ্ৰীয় চৰকাৰ হে, সেয়া এক গোকাট মিছা কথা | অসমৰ মাটিকালিৰ ভিতৰত যিমান খাৰুৱা তেল বা প্ৰাকৃতিক গেছ আছে তাৰ মালিক অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰৰ অধিকাৰ কেৱল সেই খনিজ সম্পদৰ নিয়ন্ত্ৰণ আৰু উন্নয়ণৰ ওপৰত হে | এই কথা আৰু স্পষ্ট হব P&NGR ৰ Rule 14 (1) ৰ ওপৰত এবাৰ চকু ফুৰালে - "(1) (a) Notwithstanding anything in any agreement, a lessee shall (i) where the lease has been granted by the central government, pay to that Government (ii) where the lease has been granted by the state Government, pay to that government " | গতিকে এই কথা স্পষ্ট যে, off-shore area অৰ্থাত সাগৰৰ বুকুত যি পেট্ৰ’লিয়াম সম্পদ পোৱা যাব তাৰ মালিক কেন্দ্ৰীয় চৰকাৰ আৰু on-shore অৰ্থাত মাটিত যি পেট্ৰ’লিয়াম সম্পদ পোৱা যাব তাৰ মালিক সেই ৰাজ্যৰ চৰকাৰ | অসমৰ মাটিত যি খাৰুৱা তেল বা প্ৰাকৃতিক গেছ পোৱা যাব তাৰ একমাত্ৰ মালিক অসম চৰকাৰ |

গতিকে, অসমৰ মাটিত পোৱা খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ মালিকানা স্বত্ব, ইয়াৰ ভবিষ্যত আৰু সুষম উতপাদনক লৈ চিন্তিত হোৱাৰ, আবেগিক হোৱাৰ সম্পূৰ্ণ অধিকাৰ আছে |

ব্যক্তিগতকৰণৰ সমৰ্থনকাৰী সকলৰ দ্বিতীয় আৰু তৃতীয় যুক্তি প্ৰায় একে | মূল বক্তব্য হ’ল যে- ৰাজহুৱা হওঁক বা ব্যক্তিগত কোম্পানী হওক, অসমৰ প্ৰাপ্য ৰয়েল্টিৰ কোনো হ্ৰাস নহয় | তদুপৰি তৈল ক্ষেত্ৰ সমূহ এনেই পৰি আছে বহু বছৰৰ পৰা গতিকে এতিয়া ব্য়ক্তিগত কোম্পানীয়ে উতপাদন আৰম্ভ কৰিলে অসমৰ অৰ্থনৈতিক ভাবে লাভ হে হব | এই দাবী গোকাট মিছা নহলেও নিসন্দেহে অৰ্ধ-সত্য | প্ৰথম কথা হ’ল এই ১২ খন তৈলক্ষেত্ৰ বহু বছৰৰ পৰা এনেই পৰি আছে বুলি কোৱা কথাটো সম্পূৰ্ণ মিছা | ONGC/OIL আদি ৰাজহুৱা খন্ডৰ কোম্পানী সমূহে এই তৈল ক্ষেত্ৰ সমূহৰ আবিস্কাৰ, ছাৰ্ভে, টেষ্টিং, এক্সপ্ল’ৰেশ্বনৰ নামত ইতিমধ্যে বহু কোটি চৰকাৰী ৰাজহ ব্যয় কৰিছে | তৈল-ক্ষেত্ৰ এখন আবিস্কাৰ হোৱাৰ লগে লগে তাৰ পৰা তেল উতপাদন কৰা নহয় | তেল খননৰ খৰচৰ অনুপাতত উতপাদন হব নে নাই সেই কথাই বহু সিদ্ধান্ত নিৰ্ধাৰণ কৰে | খননৰ খৰচৰ অনুপাতত যদি লাভজনক উতপাদন হোৱাৰ সম্ভৱণা নাথাকে তেন্তে তেনেকুৱা তৈলক্ষেত্ৰক ’অৱজাৰ্ভেশ্বন’ ত ৰখা হয় | তেতিয়ালৈকে যেতিয়ালৈ লাভজনক উতপাদনৰ সম্ভৱনাৰ সৃষ্টি নহয় | ঘৰুৱা ভাষাত কব গলে তেনেকুৱা তৈলক্ষেত্ৰ সমূহত তেল জমা হবলৈ আচুতীয়াকৈ থৈ দিয়া হয় | আৰু এই ’পেলাই থৈ দিয়া’ কাম টো খনন-উতপাদনৰ সামগ্ৰিক ব্যৱস্থাটোৰ এটি গুৰুত্বপূৰ্ন অংশ | ইমান বছৰত অসমৰ উক্ত ১২ খন তৈল ক্ষেত্ৰত পৰ্যাপ্ত পৰিমাণৰ খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ নিশ্চিত ভাবে জমা হৈছে যাৰ বাবে খনন-উতপাদনৰ অনুজ্ঞাপত্ৰ নিলাম কৰি ব্যক্তিগত কোম্পানীক দিয়াৰ যো-যা কৰা হৈ আছে | মুনাফা অৰ্জনৰ সম্ভৱণা নাথাকিলে কোনো ব্যক্তিগত কোম্পানীয়ে নিলামত অংশ নলয় | গতিকে, অসমৰ তৈল ক্ষেত্ৰ সমূহ ’এনেই পৰি আছে’ , এইবোৰৰ কোনো মূল্য নাই , কেন্দ্ৰীয় চৰকাৰে দয়া কৰি অসমৰ তৈল ক্ষেত্ৰ সমূহৰ উন্নয়ণৰহে চেষ্টা কৰি আছে এনেকুৱা ধাৰণা কেৱল মিছায়ে নহয় , হাস্যকৰো | ব্যক্তিগত কোম্পানিক হস্তান্তৰ কৰিলে ইমান বছৰে এই তৈল ক্ষেত্ৰ সমূহৰ আৱিস্কাৰ, ছাৰ্ভে, মেইন্টেনেঞ্চ আদিত ONGC/OIL য়ে খৰচ কৰা কোটি কোটি ৰাইজৰ ধনৰ অপচয় হব |

হয়, ৰাজহুৱা হওক বা ব্যক্তিগত হওক যি কোম্পানীকে এই তৈল ক্ষেত্ৰ সমূহ হস্তান্তৰ কৰা হওক অসম চৰকাৰে নিজৰ প্ৰাপ্য ১২.৫% ৰয়েল্টি পাব লাগে | ( হয়, ঠিকেই পঢ়িছে অসমে কেৱল মাত্ৰ ১২.৫% হে ৰয়েল্টি পায় ) কিন্তু এই তৈল ক্ষেত্ৰ সমূহ নিলাম কৰাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে ’Discovered Small Field Policy' নামক যি নীতি ঘোষণা কৰিছে, তাত অতি চতুৰতাৰে এটি কথা উল্লেখ কৰিছে যে, চৰকাৰৰ লগত ব্যক্তিগত কোম্পানীৰ যি চুক্তি হব সেয়া বৰ্তমানৰ ’Commodity sharing' ৰ সলনি ’Revenue sharing' ৰ ভিত্তিত হব | অৰ্থাত যিমান খাৰুৱা তেল উতপাদন কৰিব সেয়া চৰকাৰৰ লগত ভগোৱাৰ প্ৰয়োজন নাই, চৰকাৰক 'Indian basket of Crude Oil' ৰ নিম্নতম মূল্যত টকা দিলেই হব | তাৰলগতে, অসমৰ তৈল ক্ষেত্ৰ সমূহৰ পৰা উতপাদিত খাৰুৱা তেল ভাৰতৰ যিকোনো ঠাইৰ গ্ৰাহকক বিক্ৰি কৰাৰ সম্পূৰ্ণ স্বাধীনতা কোম্পানী সমূহৰ থাকিব | গতিকে, অসমৰ ডিগবৈ, নুমলিগড় আদি শোধানাগাৰ খাৰুৱা তেলৰ যোগানৰ অভাৱত বন্ধ হোৱাৰ উপক্ৰম হৈছে আৰু সেই শোধানাগাৰ সমূহক বচাবলৈ এই তৈল ক্ষেত্ৰ সমূহ ব্যক্তিগতকৰণ কৰাৰ প্ৰয়োজন হৈছে বুলি এচাম বুদ্ধিজীৱীয়ে যি প্ৰচাৰ কৰি আছে সেয়া গোকাট মিছা কথা |

উল্লেখিত নিলামৰ নীতিৰ আন এটা উল্লেখযোগ্য দিশ হল, তৈল ক্ষেত্ৰ সমূহ ব্যক্তিগত খন্ডক ২০ বছৰৰ বাবে দিয়া হব, কিন্তু ২০ বছৰৰ পিছতো যদি কোম্পানীয়ে উক্ত তৈল ক্ষেত্ৰৰ 'lease period' বৃদ্ধি কৰিব বিচাৰে তেন্তে দুয়োপক্ষৰ আলোচনা মৰ্মে সেয়া কোম্পানীয়ে যেতিয়া লৈকে বিচাৰে তেতিয়ালৈকে বৃদ্ধি কৰি দিয়া হব | তাৰ মানে এবাৰ ব্যক্তিগত কোম্পানীৰ হাতলৈ গলে অসমৰ এই ১২ খন তৈলক্ষেত্ৰ আৰু জীৱনৰ কাৰণে কেতিয়াও চৰকাৰৰ অধীনত নাহে, যদিহে কোম্পানীয়ে নিবিচাৰে | তাতোকৈ ডাঙৰ কথা হ’ল এই ’লিজ পিৰিয়ড’ৰ ভিতৰত কোম্পানীয়ে যিমান ইচ্ছা সিমান উতপাদন কৰিব পাৰে | অৰ্থাত ভৱিষ্যতৰ সংৰক্ষণ, পৰিবেশৰ ওপৰত পৰা ঋণাত্মক প্ৰভাব আদিক ধোৱা চাঙত তুলি অসমৰ তৈল ক্ষেত্ৰ, অসমৰ সম্পদক চুহি খোৱাৰ এক মুকলি পাৰ্মিট দিয়াহে হব | ইমানতে চৰকাৰ যেন ক্ষান্ত নহয়, ইমানবোৰ সুবিধা দিয়াৰ পিচতো আকৌ কোৱা হৈছে যে, কোনো এটা কোম্পানীক যদি ধৰক খাৰুৱা তেলৰ উত্পাদনৰ অনুজ্ঞাপত্ৰ দিয়া হৈছে, কিন্তু তেওঁলোকে খাৰুৱা তেলৰ উত্পাদনৰ সময়ত তৈলক্ষেত্ৰ সমূহত আন ইন্ধন যেনে Shale Gas/Oil, Coal Bed Methane, Tight Gas, Gas Hydrate আদি আৱিস্কাৰ হ’ল , তেনেহলে সেই Unconventional Hydrocarbon ইন্ধন সমুহ কোম্পানীৰ বহীত স্বয়ংক্ৰিয় ভাবে গুছি যাব | তাৰ বাবে ব্যক্তিগত কোম্পানীবোৰৰ কোনো নতুন অনুজ্ঞাপত্ৰ লোৱাৰ প্ৰয়োজন নাই | গতিকে , এই নিলামৰ জৰিয়তে কেৱল মাত্ৰ অসমৰ বৰ্তমান সম্পদক ব্যক্তিগত কোম্পানীৰ হাতত গতাবলৈ যো-জা কৰা হোৱা নাই, অসমৰ ভৱিষ্যত সম্পদৰো হস্তান্তৰ কৰা হব |


গতিকে , ব্যক্তিগত কোম্পানীৰ হাতত এই সম্পদ তুলি দিয়াটো অসমৰ বৃহত্তৰ স্বাৰ্থত উচিত নহব | ৰাজহুৱা খন্ডৰ কোম্পানীৰ জৰিয়তে এই তৈলক্ষেত্ৰ সমূহৰ উন্নয়ণ আৰু উতপাদন কৰা হওক | ৰাজহুৱা কোম্পানীলৈ হস্তান্তৰিত হলে নিসন্দেহে কাৰো কোনো আপত্তি নাথাকে |

Source: 

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment