গুৱাহাটী, ১৩ জুলাই :
‘মই মাদ্ৰাছাত পাঠদান কৰো। মাদ্ৰাছাৰ কণ কণ শিশুসকলৰ মাজত জ্ঞানৰ পোহৰ বিলাই ভৱিষ্যতে সুনাগৰিক কৰি গঢ়ি তোলাই মোৰ লক্ষ্য। মই এজন শিক্ষকহে, জেহাদী নহয়।’— আজি ধূলাত এনেদৰে ক’লে যোৱা দুটা দিন ধৰি অসমৰ একাংশ সংবাদ মাধ্যমত শিৰোনাম দখল কৰি অহা মৌলানা জয়নাল আব্দিনে। সংবাদ মাধ্যমত তেওঁৰ সন্দর্ভত একপ্ৰকাৰ উদ্দেশ্য প্ৰনোদিত বাতৰি প্রকাশৰ পিচত আজি দৰঙৰ ধূলাত অৱস্থিত ইছলামিক ইডুকেশ্বন বোৰ্ড অৱ ইণ্ডয়াৰ অধীনস্থ আশ্বাকা ফাতিহা ছুন্নিয়া ইছলামিক ষ্টাডি চেন্টাৰ নামৰ মাদ্ৰাছা চৌহদত সাংবাদিকৰ আগত এনেদৰে মুখ খোলে জয়নাল আদিন নামৰ মৌলবীগৰাকীয়ে। নিজৰ চাফাইত জয়নাল আদিনে আজি কয়— মাদ্রাছাৰ দুৱাৰ সকলোৰে বাবে খোলা আছে। ধূলালৈ আহি আমাৰ মাদ্রাছা আৰু মাদ্ৰাছাত শিক্ষা গ্রহণ কৰি থকা কণ কণ ছাত্র-ছাত্ৰীক কি শিক্ষা প্রদান কৰো তাৰ খবৰ লওক আৰু সত্যতা নিৰূপণ কৰি প্রকাশ কৰক। উল্লেখ্য যে এইগৰাকী জয়নাল আদিনে জিলাখনৰ চৰ অঞ্চলৰ ইছলামধর্মী যুৱকক জেহাদৰ বাবে উদ্বুদ্ধ কৰিবলৈ ধন-প্রলোভন আগবঢ়োৱাৰ কথা বাতৰিত প্রকাশ পোৱাৰ লগতে হোৱাটছ এপযোগে বিভিন্ন ছবিও প্ৰেৰণ কৰা বুলি অভিযোগ উঠিছিল। এনে বাতৰি প্ৰকাশৰ পিচতে জিলা আৰক্ষী প্রশাসনত এক হুৱা-দুৱাৰ পৰিস্থিতিৰ সৃষ্টি হয়। কালি দৰং জিলা আৰক্ষীয়ে জয়নাল আব্দিনক সোধা-পোছা কৰাৰ পিচত যাবলৈ দিয়ে। ইয়াৰ পৰাই সৰ্ব সাধাৰণ ৰাইজৰ মাজত অসমৰ সংবাদ মাধ্যমৰ ভূমিকাৰ প্ৰতি সন্দেহৰ বীজ ৰোপন হোৱা বুলিও ক’ব পাৰি৷ জনৈক ডেকা উপাধিৰ সাংবাদিক জনে জয়নাল আবেদিন নামৰ শিক্ষক বিৰুদ্ধে জেহাদী বুলি চলোৱা অপ প্ৰচাৰৰ ফলত চাঞ্চল্যৰ সৃষ্টি প্ৰমাণৰ অভাৱত আৰক্ষীয়ে মুকলি কৰি দিয়া যুৱকজনে সাংবাদিক জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে।
facebook
twitter
google+
fb share