চি আৰ পি এফৰ বৰ্বৰতা, আহত ৪ প্ৰতিবাদী আমছু কৰ্মী

গুৱাহাটী, ১৩ জুলাই, ২০১৬ : আজি নীলবাগান বিদ্যুত্ নিয়ন্ত্ৰকৰ কাৰ্যালয়ত আমছুৰ প্রতিবাদকাৰীৰ ওপৰত চি আৰ পি এফে লাঠিচালনা কৰাত চাৰিজন প্রতিবাদকাৰীৰ লগতে ঠেলা-হেঁচাত দুজন আৰক্ষী আহত হয়। ঘটনাৰ বিৱৰণীমতে বিগত কেইবামাহ ধৰি সমগ্র হোজাই জিলাত বিদ্যুতৰ অনিয়মীয়া যোগান আৰু বিদ্যুত্ বিতৰণত বৈষম্য কৰাৰ অভিযোগত আজি
আমছুৱে হোজাই জিলাৰ অধীনৰ নীলবাগান বিদ্যুত্ নিয়ন্ত্রক কক্ষৰ সন্মুখত এক প্রতিবাদী কাৰ্যসূচী গ্রহণ কৰে। আগতীয়া অনুমতি লৈ দিনৰ দহ বজাত আৰম্ভ কৰা ধর্ণা আৰু প্রতিবাদ প্রায় দুঘণ্টা ধৰি অব্যাহত থাকে। কিন্তু দিনৰ বাৰ বজালৈকে হোজাই জিলা প্রশাসনৰ কোনো লোক প্রতিবাদকাৰীৰ দাবী শুনিবলৈ বা স্মাৰকপত্র গ্রহণ কৰিবলৈ অহা নাছিল। ইফালে প্রখৰ ৰ'দত প্রতিবাদ কৰি থকাত প্রতিবাদস্থলীত এজন আমছু কর্মী অচেনত হৈ ঢলি পৰে। ইয়াৰ লগে লগে প্রতিবাদকাৰীসকল উগ্র হৈ পৰে আৰু তেওঁলোকে বিদ্যুত্ নিয়ন্ত্রক কক্ষত আক্রমণ কৰি আচবাবপত্র লণ্ডভণ্ড কৰিবলৈ ধৰে। আনহাতে প্রতিবাদকাৰী উগ্র হোৱাৰ আগলৈকে ঘটনাস্থলীত আগতীয়াকৈ চি আৰ পি এফৰ দলসহ হোজাই সহকাৰী আৰক্ষী অধীক্ষক তাপস চক্ৰৱৰ্তী উপস্থিত থকা সত্ত্বেও কোনো ব্যৱস্থা গ্রহণ কৰা নাছিল। কিন্তু প্রতিবাদকাৰী উগ্র হোৱাৰ লগে লগে চি আৰ পি এফৰ জোৱানে কোনো প্রতিৰোধ ব্যৱস্থা নকৰি বা তেওঁলোকক বুজনি দিয়াৰ পৰিবর্তে জপিয়াই পৰে প্রতিবাদকাৰীৰ ওপৰত। সেই সময়ত দণ্ডাধীশ পর্যায়ৰ কোনো বিষয়া উপস্থিত নাছিল যদিও সহকাৰী আৰক্ষী অধীক্ষক উপস্থিত আছিল। কিন্তু এগৰাকী ডি এছ পি উপস্থিত থকাৰ পিচতো তেওঁৰ বিনা অনুমতিত চি আৰ পি এফৰ জোৱানে প্রতিবাদকাৰীক লাঠিচালনা কৰা বুলি অভিযোগ কৰে প্রতিবাদকাৰীসকলে। অৱশ্যে এই কথা ডি এছ পিগৰাকীয়েও স্বীকাৰ কৰে। এনেদৰে আচম্বিতে লাঠিচালনা কৰাৰ পিচত পৰিস্থিতি ভয়ংকৰ হৈ পৰে। আৰক্ষীৰ লাঠিচালনাত আমছুৰ কেন্দ্রীয় সম্পাদক মনোৱাৰ হুছেইনসহ আন তিনিজন আমছু কর্মী আহত হয়। কেন্দ্রীয় সম্পাদক মনোৱাৰ হুছেইন ওৰফে বকুলৰ মূৰত চি আৰ পি এফৰ জোৱানে বেয়াকৈ প্ৰহাৰ কৰাৰ লগে লগে লোকজন মাটিত বাগৰি পৰে। পিছত প্রতিবাদকাৰীয়ে আৰক্ষীৰ ওপৰত শিলগুটিৰে আক্রমণ কৰাত মোৰাঝাৰ থানাৰ অ’চিসহ দুজন আৰক্ষীৰ লোকো সামান্য পৰিমাণে আহত হয়। উক্ত ঘটনাৰ প্রায় এঘণ্টা পিচতে নীলাবাগানলৈ আহি এগৰাকী সহকাৰী আয়ুক্তই পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ সক্ষম হয়। ইফালে হোজাই জিলাৰ সহকাৰী আৰক্ষী অধীক্ষকে আৰক্ষী অধীক্ষকৰ লগত আলোচনা কৰি দোষী চি আৰ পি এফৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিব বুলিও প্রতিবাদকাৰীক আশ্বাস দিয়ে।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment