: এইবাৰ ভাৰতীয় মুছলমানক ছিয়া-ছুন্নিৰ নামত
ভাগ ভাগ কৰি হত্যা কৰাৰ ব্লু’প্ৰিন্ট,
অখ্যাত হুছেইনী টাইগাৰ্ছৰ মুৰব্বীৰ দ্বাৰা পুৰস্কাৰ ঘোষণা :

ৱেব ডেস্ক, ১৩ জুলাই ২০১৬ : বিতর্কৰ আৱর্তত সোমাই পৰা ইছলাম ধর্মৰ জনপ্ৰিয় প্ৰবক্তা জাকিৰ নায়কক হত্যা কৰাৰ বাবে হুছেইনী টাইগাৰ্ছ নামৰ অখ্যাত তথাকথিত ছিয়া গোট এটাই পোন্ধৰ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে। তথাকথিত গোটটোৰ নেতা চৈয়দ লালবে হুছেইন নাকভিয়ে এই পুৰস্কাৰ ঘোষণা কৰি কয় জাকিৰ নায়কক এজন খলনায়ক বুলি আখ্যা দিয়াৰ লগতে তেওঁ নবী হজৰত মহম্মদ (ছঃ)ক অপমান কৰা বুলি অভিযোগ উত্থাপন কৰিছে। নায়কক কাফেৰ বুলি অভিহিত কৰি যিজনে তেওঁক হত্যা কৰিব, তেৱেই সংগঠনটোৰ পৰা পোন্ধৰ লাখ টকা লাভ কৰিব বুলিও ঘোষণা কৰে । উল্লেখ্য যে নাকভি হ’ল অল ইণ্ডিয়া মুছলিম পাৰ্ছনেল ল' ব’ৰ্ডৰ জ্যেষ্ঠ উপ-সভাপতি তথা প্রখ্যাত মৌলবী চৈয়দ কালবে জাকিৰৰ পুত্র। যোৱা ১ জুলাইত বাংলাদেশৰ ঢাকাত এখন বিলাসী ৰেস্তোৰাত ২২ গৰাকী লোক উগ্ৰপন্থীৰ হাতত নিহত হোৱাৰ পিছত বাংলাদেশ চৰকাৰে জাকিৰ নায়কৰ পীচ টিভি'ৰ সম্প্রচাৰ দেশখনত বন্ধ কৰিছিল যদিও শেহতীয়াকৈ লাভ কৰা বাতৰি অনুসৰি দেশখনত পিচ টিভিৰ সম্প্ৰচাৰ পুনৰায় আৰম্ভ কৰে৷ ইফালে জাকিৰৰ বিৰুদ্ধে তদন্ত কৰি ভাৰতীয় নটাকৈ তদন্তকাৰী দলে কোনো আপত্তিজনক তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ লক্ষণীয় ভাবে পশ্চিমীয়া ইছলামিক দেশ সমূহত ছিয়া-ছুন্নিৰ নামেৰে মুছলমানসকলৰ মাজত ভাতৃঘাতী সংঘাতৰ সৃষ্টি কৰাই মুছলমানসকলক ক্ৰমশঃ নিঃশেষ কৰিব বিচৰা কাৰ্য ইতিমধ্যে কৃতকাৰ্যতাৰ দিশে আগবঢ়াৰ সময়তে ভাৰতৰ মুছলমানৰ মাজতো ছিয়া-ছুন্নিৰ বিভাজন অনাৰ বাবে ন্যাস্ত স্বাৰ্থ মহলে অপচেষ্টা অব্যাহত ৰাখিছে বুলি ইছলামীয় সচেতন মহলে দাবী কৰিছে৷ সচেতন মহলে ভাৰতত ছিয়া-ছুন্নিৰ ফৰমূলাই কাম নকৰে বুলি মত ব্যক্ত কৰা দেখা যায়৷

ইফালে Zee News. ৰ এক বাতৰি মতে বিজেপি নেত্ৰী ছাদ্ভী প্ৰাচীয়ে জাকিৰ নায়াকৰ মূৰৰ দাম ৫০ লাখ টকা ঘোষণা কৰিছে৷ বিতৰ্কিত নেত্ৰী গৰাকীয়ে আইন হাতত তুলি লৈ যিকোনো ব্যক্তিয়ে জাকিৰ নায়াকৰ মূৰ কাটি আনি দিব পাৰিলে তেওঁক ৫০ লাখ টকা উপহাৰ দিয়া হ’ব বুলি সদম্বে ঘোষণা কৰিছে৷ এই ঘোষণাবোৰৰ অন্তৰালত প্ৰকৃততে দেশখনত সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰাৰ প্ৰয়াস চলোৱা বুলি সচেতন মহলে দাবী কৰিছে৷
facebook
twitter
google+
fb share