বাজেটত সংখ্যালঘু আৰু চৰ-চাপৰিক বঞ্চনা : ৰাজ্যজুৰি আমছুৰ প্ৰতিবাদ

ৱেব ডেস্ক, ২৮ জুলাই, ২০১৬ :
যোৱা ২৬ জুলাইত বিধানসভাৰ বাজেট অধিৱেশনত বিত্তমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰা বাজেটত সংখ্যালঘু আৰু চৰ-চাপৰিক বঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰি সমগ্ৰ অসমতেই প্ৰতিবাদত সাব্যস্ত কৰে সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন চমুকৈ আমছুৱে।


ৰাজ্যৰ ভিন্ন স্থানত সংগঠনটোৰ কর্মকর্তাসকলে বাজেটৰ প্রতিলিপি দাহ কৰি সাব্যস্ত কৰে প্রতিবাদ। সমান্তৰালভাৱে প্রতিবাদকাৰীসকলে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্রী হিমন্তবিশ্ব শৰ্মাৰ প্রতিকৃতি দাহ কৰি ৰাজ্যৰ ৰাজপথ উত্তপ্ত কৰি তোলে। সংখ্যালঘু লোকসকলক বঞ্চনা কৰা কার্য কোনো কাৰণতে মানি লোৱা নহ’ব বুলি হুংকাৰ দি প্রতিবাদকাৰীসকলে চৰকাৰবিৰোধী বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলে পৰিস্থিতি। আমছুৰ নেতা-কর্মীসকলে সংখ্যালঘু ৰাইজক বঞ্চিত কৰাৰ ষড়যন্ত্র বন্ধ কৰক, সংখ্যালঘুক লৈ ৰাজনীতি নকৰিব, সংখ্যালঘুৰ উন্নয়ন কৰিবই লাগিব, হিমন্তবিশ্ব শৰ্মা মুদাবাদ, সর্বানন্দ সোণোৱাল হায় হায় আদি শ্ল’গানেৰে প্রতিবাদ সাব্যস্ত কৰে। ৰাজ্যৰ প্রায় প্রতিখন জিলা সদৰ আৰু মহকুমা সদৰত প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আমছুৰ কর্মকর্তাসকলে। বিশেষকৈ লখিমপুৰ, ধুবুৰী, ডিব্ৰুগড়, শিৱসাগৰ, তেজপুৰ, বিশ্বনাথ চাৰিআলি, যোৰহাট, গোলাঘাট, দেৰগাঁও, বৰপেটাৰ হাউলী, মঙলদৈ, ওৰাং, ওদালগুৰি, বঙাইগাঁও, উত্তৰ শালমাৰা, গোৱালপাৰা, নগাঁও, মৰিগাঁও, জাগীৰোড, কৰিমগঞ্জ, বাক্সা, বিজনী, চিৰাং, কোকৰাঝাৰ, দৰং, নলবাৰী আদি স্থানত প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে।


এই সন্দর্ভত আমছুৰ কেন্দ্রীয় সমিতিৰ সভাপতি আজিজুৰ ৰহমানে কয় যে ৰাজ্যৰ মুঠ জনসংখ্যাৰ এক তৃতীয়াংশ লোক সংখ্যালঘুসকল। কিন্তু ৰাজ্যৰ এই বৃহত্সংখ্যক জনগণৰ কল্যাণৰ বাবে অসম চৰকাৰে এইবাৰৰ বাজেটত কোনো পদক্ষেপ গ্রহণ নকৰিলে। মাত্র সংখ্যালঘুসকলৰ বাবে বাজেটত বহু আঁচনি গ্রহণ কৰা হৈছে বুলি উল্লেখ কৰিয়েই বাজেট ভাষণত দায়িত্ব সামৰে বিত্ত মন্ত্রী হিমন্তবিশ্ব শৰ্মাই। মুঠ ৪ ঘণ্টা ১৫ মিনিটজোৰা বাজেট ভাষণত বিত্ত মন্ত্ৰীয়ে সংখ্যালঘুসকলক লৈ মাত্র এটা বাক্য কৈয়ে দায়িত্ব সামৰা কার্য চৰম দুর্ভাগ্যজনক বুলি মন্তব্য কৰে আমছুৰ সভাপতিজনে। ইয়াৰ উপৰি সংখ্যালঘু ৰাইজৰ কল্যাণৰ বাবে ৰাজ্য চৰকাৰে বাজেটত নতুন আঁচনি গ্রহণ কৰিব দূৰৰ কথা, সংখ্যালঘু উন্নয়ন পৰিষদ আৰু চৰ উন্নয়ন বিভাগৰ পুঁজি কর্তনহে কৰিছে বিজেপি নেতৃত্বাধীন চৰকাৰখনে। এই সন্দর্ভত তথ্য দাঙি ধৰি সভাপতি ৰহমানে কয় যে যোৱা বছৰ বাজেটত সংখ্যালঘু উন্নয়ন পৰিষদৰ বাবে ২২.৫ কোটি টকা আবণ্টন দিয়া হৈছিল। কিন্তু এইবাৰ মাত্র ১০ কোটি টকাহে আবণ্টন দিয়া হৈছে বাজেটত। লক্ষণীয়ভাৱে পৰিষদখনে যোৱা বছৰৰ ১২ কোটি টকা হিতাধিকাৰীসকলক দিবলগীয়া হৈ আছে। ইয়াৰ উপৰি চৰ উন্নয়ন বিভাগক এইবাৰ আবণ্টন দিয়া হৈছে ১৯ কোটি টকা। বিগত বছৰত এই পৰিমাণ আছিল ২৫ কোটি টকা। লক্ষণীয়ভাৱে এইবাৰ আবণ্টিত ১৯ কোটি টকাৰ ১৮ কোটি টকা বিভাগটোৱে বিভিন্ন মহলত দিবলগীয়া হৈ আছে। আমছুৰ সভাপতিজনৰ মতে হিমন্তবিশ্ব শৰ্মাই পৰিকল্পিতভাৱে সংখ্যালঘুক ভাতে মৰাৰ ষড়যন্ত্রত লিপ্ত হৈছে। বিত্ত মন্ত্ৰীয়ে ইচ্ছাকৃতভাৱে সখ্যালঘুৰ বিকাশৰ বাবে কোনো পৰিকল্পনা গ্রহণ নকৰিলে।



"সবকা সাথ, সবকো বিকাশ’ৰ শ্ল’গান দিয়া বিজেপি নেতৃত্বাধীন চৰকাৰে ৰাজ্যৰ এক বৃহত্ অংশৰ ৰাইজক বঞ্চিত কৰি কিদৰে উন্নয়ন বিচাৰিছে বুলি প্রশ্ন কৰে সংগঠনটোৱে। ইফালে ৰাজ্যৰ অন্যান্য প্রান্তৰ লগতে গুৱাহাটী মহানগৰীতো ৰূপায়িত হয় প্রতিবাদী কার্যসূচী। গুৱাহাটীৰ হাতীগাওঁস্থিত ৰাজধানী মছজিদৰ সন্মুখৰ পথত দিনৰ প্রায় ১২ বজাত প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আমছুরে। সংগঠনটোৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ উদ্যোগত ৰূপায়িত প্রতিবাদী কাৰ্যসূচীত বাজেটৰ প্রতিলিপিৰ লগতে মুখ্যমন্ত্ৰী আৰু বিত্ত মন্ত্ৰীৰ প্রতিকৃতিও দাহ কৰা হয়। প্রতিবাদী কাৰ্যসূচীত সংগঠনটোৰ কেন্দ্রীয় সমিতিৰ সভাপতি আজিজুৰ ৰহমান, গুৱাহাটী মহানগৰ জিলা সমিতিৰ সভাপতি মিন্নাতুল ইছলাম, সাধাৰণ সম্পাদক ইমৰান আহমেদ, দিলবৰ ৰহমানকে ধৰি ভালেকেইজন ছাত্র নেতাই প্রতিবাদী কাৰ্যসূচীটোত অংশগ্রহণ কৰে।


About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment