গুৱাহাটী ২৮ জুলাইঃ
উচ্চ শিক্ষাৰে নিজৰ জীৱন আৰু ভৱিষ্যত সুৰক্ষিত
কৰা বাবে সকলো ছাত্ৰ-ছাত্ৰীয়ে ভাল এখন বিশ্ববিদ্যালয়ত
উচ্চ শিক্ষা লাভ কৰাৰ সপোন দেখে৷ পিছে সেই বিশ্ববিদ্যালয়ে যদি শিক্ষাৰ্থী সকলৰ
জীৱনক লৈ হেথালী খেলিবলৈ আৰম্ভ কৰে তেন্তে তাতকৈ দুৰ্ভাগ্যজনক কথা আৰু কি হ’ব পাৰে৷ অসমৰ চিকিৎসা বিজ্ঞান শিক্ষাৰ একমাত্ৰ তথা আগশাৰী বিশ্ববিদ্যালয় ‘‘শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰচিটি অব হেল্থ ছায়েনছ্, অসম’’ৰ অধীনস্থ অধ্যয়নৰত বিএচছি নাৰ্ছিংৰ শিক্ষাৰ্থী সকলে চৰম উৎকন্ঠাত পৰিছে৷
বিশেষ সূত্ৰত পৰা জানিব পৰা মতে বিশ্ববিদ্যালয়ৰ অন্তৰ্গত তিনিখন মহাবিদ্যালয়ৰ
প্ৰায় দুইশতাধিক শিক্ষাৰ্থীৰ চুৰান্ত বৰ্ষৰ পৰীক্ষা ইতিমধ্যে যোৱা জুন মাহতেই
সমাপ্ত হ’ব লাগিছিল কিন্তু দুৰ্ভাগ্যজনক ভাবে এতিয়ালৈকে
পৰীক্ষা অনুষ্ঠিত হোৱাতো দুৰৰে কথা বিশ্ববিদ্যালয় কৰ্ত্তৃপক্ষই পৰীক্ষাৰ সময়সূচীয়ে
প্ৰকাশ কৰা নাই৷ বিশ্ববিদ্যালয়ৰ এনে কাৰ্যত বিএচছি নাৰ্ছিংৰ শিক্ষাৰ্থী সকলে চৰম
উৎকন্ঠাত দিন পাৰ কৰিবলগীয়া হৈছে৷
শিক্ষাৰ্থীয়ে জনোৱা তথ্যমতে বিশ্ববিদ্যালয় ‘একাডেমিক কেলেন্ডাৰ’ মতে জুন মাহৰ শেষৰ ফালে অথবা
জুলাই প্ৰথমভাগত চুৰান্ত বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত হ’ব
লাগিছিল৷ শিক্ষাৰ্থীয়ে বিশ্ববিদ্যালয় কৰ্ত্তৃপক্ষৰ লগত পোন পোটীয়াকৈ যোগাযোগ কৰাত
চুৰান্ত বৰ্ষৰ পৰীক্ষা আগষ্ট মাহত হোৱাৰ সম্ভৱনা আছে বুলি জানিবলৈ দিছে৷ যি সময়ত
অসম তথা ভাৰতবৰ্ষৰ প্ৰায়ভাগ বিশ্ববিদ্যালয়ে সকলো বিভাগৰে চুৰান্ত বৰ্ষৰ পৰীক্ষা
অনুষ্ঠিত কৰি ছাত্ৰ-ছাত্ৰী সকলক উচ্চ শিক্ষাৰ বাট মুকলি কৰি
দি আছে ঠিক সেই সময়ত অসমৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰচিটি অব হেল্থ ছায়েনছ্ৰ এনে কাৰ্য
ৰহস্যজনক৷ বিশ্ববিদ্যালয়খনে যদি আগষ্ট মাহত চুৰান্ত বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত কৰে
তেন্তে ফলাফল ঘোষনা কৰালৈকে এই সকল শিক্ষাৰ্থীৰ উচ্চ শিক্ষা গ্ৰহণৰ বাবে অসম তথা
ভাৰতবৰ্ষৰ কোনো এখন বিশ্ববিদ্যালয়তে নামভৰ্ত্তীৰ সময় নাথাকিব৷ ইয়াৰ দ্বাৰা এটা কথা
স্পষ্ট যে বিশ্ববিদ্যালয় কৰ্ত্তৃপক্ষৰ এনে হেমাহীৰ বাবে শিক্ষাৰ্থী সকলৰ এটা বছৰ
নষ্ট হোৱাটো নিশ্চিত৷
এই ক্ষেত্ৰত অসমৰ মাননীয় শিক্ষামন্ত্ৰী হিমন্ত
বিশ্ব শৰ্মাই বিশেষ গুৰুত্ব প্ৰদান কৰি অতিশীঘ্ৰে বিশ্ববিদ্যালয় কৰ্ত্তৃপক্ষক
নিৰ্দেশনা জাৰি কৰি পৰীক্ষা তথা ফলাফল ঘোষনাৰে শিক্ষাৰ্থী সকলৰ গুৰুত্বপূৰ্ণ এটা
বছৰ নষ্ট হোৱাৰ পৰা ৰক্ষা কৰিবলৈ শিক্ষাৰ্থী সকলে দাবী জনাইছে৷
facebook
twitter
google+
fb share