গুৱাহাটী, ২৭ জুলাই :
প্ৰলয়ংকৰী বানে ৰাজ্যত ব্যাপক ক্ষতি কৰাৰ পিছতো সাহায্য আগ বঢ়াবলৈ কেন্দ্ৰীয় চৰকাৰে প্ৰদৰ্শন কৰা উদাসীনতাক সমালোচনা কৰিছে বিৰোধী দল কংগ্ৰেছে৷ বন্যাক্রান্ত ৰাইজৰ সাহায্য আৰু উদ্ধাৰ অভিযান ক্ষিপ্ৰতৰ কৰি তোলাৰ বাবে অনতিপলমে ১০০০ কোটি টকা মুকলি কৰি দিবলৈ কেন্দ্ৰীয় চৰকাৰক কংগ্ৰেছে দাবী জনাইছে৷ বধানসভা অধিৱেশনৰ আজিৰ দিনটোৰ কাম-কাজ অন্ত হোৱাৰ পিছত কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়াই কয় যে জম্মু-কাশ্মীৰত বান হোৱাৰ সময়ত কেন্দ্ৰীয় চৰকাৰে তাৎক্ষণিকভাৱে এহাজাৰ কোটি টকা মোকলাই দিছিল৷ সেয়েহে অসমৰ ধন-জনৰ বিস্তৰ ক্ষতি কৰা বানৰ বাবেও এহাজাৰ কোটি কেন্দ্ৰই মোকলাই দিয়া উচিত বুলি শইকীয়াই মন্তব্য কৰে৷ উল্লেখ্য যে ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ বুজ লোৱাৰ বাবে যাতে জনপ্ৰতিনিধিসকল নিজৰ নিজৰ সমষ্টিলৈ যাব পাৰে তাৰ বাবে আজিৰেপৰা বিধানসভাৰ কাম চাৰি দিনৰ বাবে সম্পূৰ্ণৰূপে স্থগিত ৰখা হৈছে৷ প্ৰতিদিনে ন ন অঞ্চল প্লাৱিত কৰা বানে যাতে পৰৱৰ্তী সময়ত অধিক ভয়াৱহ ৰূপ ধাৰণ নকৰে তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনাই শইকীয়াই কয়, বান-গৰাখহনীয়াই ক্ষতিগ্ৰস্ত কৰা অঞ্চলসমূহৰ ৰাইজে পৰ্যাপ্ত পৰিমাণে বান সাহায্য নাই পোৱা বুলি অভিযোগ কৰিছে৷ ইউ পি এ চৰকাৰৰ দিনত বানে কৰা ক্ষয়-ক্ষতিৰ সঠিক হিচাপ নোলোৱাপৰ্যন্ত এক অন্তৰ্ৱৰ্তীকালীন পুঁজি মুকলি কৰি দিয়াৰ ব্যৱস্থা আছিল৷ যাতে ৰাজ্য চৰকাৰে তাৎক্ষণিকভাৱে বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পাৰে৷ কিন্তু বিগত দুটা বছৰত এন ডি এ চৰকাৰে তেনে কোনো পদক্ষেপ গ্ৰহণ কৰা আমাৰ পৰিলক্ষিত হোৱা নাই৷ ইয়াৰ পৰিৱৰ্তে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰপৰা বান সাহায্যৰপৰা পাবলগীয়া ৪৫০০ কোটি টকা মুকলি কৰি নিদিলে৷ কেৱল মানুহৰে নহয় বানত পশুধনৰ ব্যাপক ক্ষতি হৈছে বুলি মন্তব্য কৰি বিৰোধী দলপতিজনে কয় যে মানুহৰ লগতে পশুখাদ্য আৰু চিকিৎসা ব্যৱস্থা চৰকাৰে নিশ্চিত কৰা উচিত৷ কংগ্ৰেছ দলৰ বিধায়কসকলে বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল’ব বুলি একেখন সংবাদমেলতে সদৰী কৰে বিৰোধী দলৰ উপ-দলপতি তথা বিধায়ক ৰকিবুল হুছেইনে৷ আজিয়েই বিধায়কসকল নিজ নিজ সমষ্টিলৈ ৰাওনা হ’ব বুলি উল্লেখ কৰি বিধায়কজনে কয়, বন্যাক্রান্তৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে৷ চিকিৎসা, খাদ্য, বিশুদ্ধ খোৱাপানী ভালদৰে লাভ কৰা নাই বুলি ক্ষতিগ্ৰস্তসকলে অভিযোগ কৰিছে৷ সেয়েহে ১২৬টা সমষ্টিৰ প্ৰতিনিধি বিধানসভাত বিভিন্ন ক্ষেত্ৰৰ আলোচনাত ব্যস্ত হৈ থকাতকৈ নিজ নিজ সমষ্টিৰ বুজ লোৱা উচিত৷ যাৰ বাবে সদনৰ কাম-কাজ স্থগিত ৰাখিবলৈ বিৰোধীৰ দলপতিয়ে সদনত প্ৰস্তাৱ ৰাখিছিল৷ শাসকপক্ষৰ প্ৰতিনিধিসকলেও এইক্ষেত্ৰত সমৰ্থন আগ বঢ়াইছে৷ একে সময়তে বন্যাক্রান্তক পৰ্যাপ্ত সাহায্য আগ বঢ়োৱাৰ লগতে উদ্ধাৰ অভিযান ক্ষিপ্ৰতৰ কৰি তুলিবলৈ চৰকাৰক আহ্বান জনাই হুছেইনে কয়, কংগ্ৰেছ বানপীড়িত ৰাইজৰ ওচৰত থিয় দিব৷ নিজৰ সমষ্টিৰ বাহিৰেও ৰাজ্যৰ অন্যান্য বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ কংগ্ৰেছ বিধায়কসকলে পৰিভ্ৰমণ কৰিব৷
অসমক এহাজাৰ কোটি টকাৰ বান সাহায্য প্ৰদানৰ দাবী চিৰাজুদ্দিনৰ ভয়াৱহ বান পৰিস্থিতিয়ে গ্ৰাস কৰা অসমক সাহায্য আৰু উদ্ধাৰ অভিযান চলাবৰ বাবে এহাজাৰ কোটি টকাৰ বিশেষ সাহায্য প্ৰদানৰ দাবী সংসদত উত্থাপন কৰিছে চিৰাজুদ্দিন আজমলে৷ এই আই ইউ ডি এফৰ সাংসদগৰাকীয়ে অসমৰ বান পৰিস্থিতিৰ বিষয়টো সদনৰ দৃষ্টি আকৰ্ষণ কৰি কয় যে ভয়াৱহ বানে ৰাজ্যৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ কম-বেছি পৰিমাণে প্ৰায় আটাইকেইখন জিলাকে ক্ষতিগ্ৰস্ত কৰিছে৷ এইবাৰৰ বানত প্ৰায় বিশ লাখ লোক আক্রান্ত হোৱা বুলি উল্লেখ কৰি সাংসদগৰাকীয়ে কয় যে এইবাৰৰ বানৰ ভয়াৱহতাই পূৰ্বৰ বহুকেইটা বানক চেৰাই গৈছে৷ কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্য, পবিতৰা অভয়াৰণ্য আৰু মানাহ অভয়াৰণ্যকে ধৰি ৰাজ্যৰ প্ৰায় আটাইকেইখন অভয়াৰণ্য বানত ডুব যোৱাৰ ফলত বনৰীয়া জীৱ-জন্তুৰ দুখ কুলাই-পাচিয়ে নধৰা হৈছে৷ এনে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবৰ কাৰণে অসম চৰকাৰক এহাজাৰ কোটি টকাৰ বিশেষ সাহায্য পুঁজি প্ৰদান কৰিবলৈ সাংসদগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰ অনুৰোধ কৰে৷ আনহাতে আজি সদনৰ শূন্যকালীন ঘণ্টাত দাঙি ধৰা বক্তব্যত সাংসদগৰাকীয়ে কয় যে বানে সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিত ঘৰ-বাৰী বুৰাই পেলোৱাৰ ফলত চৰ-চাপৰি অঞ্চলৰ লোকসকলে ঘৰ-বাৰী এৰি প্ৰাণ লৈ পলাবলগীয়া হয়৷ ফলত তেওঁলোকে নিজৰ নাগৰিকত্বসহ অন্যান্য নথি-পত্ৰসমূহ উদ্ধাৰ কৰিব নোৱৰাৰ পৰিপ্ৰেক্ষিতত এনে বহু বন্যাক্রান্ত লোকৰ নথি-পত্ৰসমূহ নষ্ট হৈ যায়৷ পিছত এই লোকসকলক অবৈধ নাগৰিক বুলি সন্দেহ কৰা হয়৷ সেয়ে উপযুক্ত সময়ত এনে লোকসকলক নিজৰ জীৱন আৰু সম্পত্তিৰ লগতে নথি-পত্ৰৰ সংৰক্ষণৰ ব্যৱস্থাও চৰকাৰে কৰা উচিত৷ এন আৰ চি উন্নীতকৰণ চলি থকা হেতু বানত নাগৰিকত্বৰ নথি নষ্ট হ’লে এই লোকসকল ডাঙৰ সমস্যাত পৰিব৷ সেয়ে জম্মু-কাশ্মীৰ আৰু বিহাৰৰ বানৰ সময়ত কেন্দ্ৰীয় চৰকাৰে নিজাববীয়াকৈ উদ্ধাৰ আৰু সাহায্য অভিযান চলোৱাৰ দৰে অসমৰ এই বানৰ সময়তো কেন্দ্ৰীয় চৰকাৰে একেই ভূমিকা গ্ৰহণ কৰা উচিত বুলি সাংসদগৰাকীয়ে মত প্ৰকাশ কৰে৷
কেন্দ্ৰৰপৰা ২০০০ কোটি টকাৰ অনুদানৰ দাবী কৃষক মুক্তিৰ
নামনি অসমৰ বিভিন্ন অঞ্চল প্ৰবল বান আৰু বিধ্বস্ত হৈ পৰিছে৷ ভূটানৰ কুৰিশ্বু বান্ধৰ পানী এৰি দিয়াৰ ফলত ফেনেফোটোকাৰে বাঢ়িছে বেঁকী আৰু আই নৈ৷ ভূটানত অৱস্থিত ৬০ মেগাৱাট কুৰিশ্বু জলবিদ্যুৎ গেট খুলি দিয়াৰ ফলত ২০০৪ চনৰ মানাহ, নলজৰা আৰু সাঁকোৱা নৈত ব্যাপক বালি জমা হৈ নৈকেইখনৰ মুখবোৰ বন্ধ হৈ যায়৷ ফলত এই তিনিখন নৈৰ পানী তেতিয়াৰেপৰা বেঁকী নৈত পৰিবলৈ ধৰে৷ ফলত বেঁকী নৈৰ আকাৰ ব্যাপক বৃদ্ধি পায় আৰু বাৰিষা কালত ভয়ংকৰ হৈ পৰে৷ ২০ জুলাইৰপৰা বেঁকী নৈ ফেনেফোটোকাৰে ওফন্দি পৰে আৰু ইয়াৰ পানী ৮০-৯০ কিল’মিটাৰ বেগত ব’বলৈ আৰম্ভ কৰে৷ বেঁকী নৈৰ প্ৰবল সোঁতে বাগ্সা জিলাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰ নাৰায়ণগুৰি অঞ্চলটোত মথাউৰিয়ে ভাবুকিৰ সৃষ্টি কৰে৷ কালিয়েই নাৰায়ণপুৰ অঞ্চলত বেঁকী নৈয়ে মথাউৰি খহায়৷ কিন্তু স্থানীয় ৰাইজে দিনে-নিশাই কাম কৰি মথাউৰিৰ পানী যাতে পূব দিশলৈ বৈ যাব নোৱাৰে তাৰ বাবে অহোপুৰুষাৰ্থ কৰিছে৷ স্থানীয় মহকুমা প্ৰশাসনে ৰাইজক সহযোগিতা কৰিছে যদিও চৰকাৰৰ উদ্যোগ তেনেই সামান্য৷ বেঁকী নৈয়ে নাৰায়ণগুৰি মথাউৰি সম্পূৰ্ণ ছিঙিলে বাগ্সা আৰু বৰপেটা নিশ্চিহ্ন হৈ যাব৷ আজি অখিল গগৈৰ নেতৃত্বত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এটা প্ৰতিনিধি দলে বাগ্সা জিলাৰ নাৰায়ণগুৰি আৰু তিলাবড়ি অঞ্চল আৰু বৰপেটা জিলাৰ গমাৰিগুৰি অঞ্চলত বান আৰু গৰাখহনীয়াৰ বুজ লয়৷ প্ৰতিনিধি দলটোত ৰাজ্যিক সাংগঠনিক সম্পাদক ৰাতুল হুছেইন, মাণিক লস্কৰ, বৰপেটা মহকুমা সমিতিৰ সভাপতি আনোৱাৰ হুছেইন, বৰপেটা জিলা সমিতিৰ সাংগঠনিক সম্পাদক জাহিৰুল ইছলাম, চিৰাং জিলাৰ সভাপতি দিলবৰ হুছেইন আৰু সাধাৰণ সম্পাদক মিজানুৰ ৰহমান চৌধুৰী আদিয়ে বানবিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰে৷ প্ৰতিনিধি দলটোৱে চিৰাং জিলাৰ আই নৈয়ে ধোৱাই নিয়া গেদাবজাৰ অঞ্চলটো পৰিভ্ৰমণ কৰে৷ সেই অঞ্চলৰ ১নং ওদালগুৰি আৰু ২নং ওদালগুৰি গাঁও দুখনৰ বানপীড়িত ৰাইজক সাক্ষাৎ কৰে৷ এক প্ৰেছ বিজ্ঞপ্তিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ, সভাপতি ৰাজু বৰা আৰু যুটীয়া সাধাৰণ সম্পাদকদ্বয় অনিল বড়ো আৰু ভাস্কো ডি শইকীয়াই কয় যে সমগ্ৰ ৰাজ্যখনত বান আৰু গৰাখহনীয়াই তাণ্ডৱ চলোৱাৰ পিছতো অসম চৰকাৰে বানপীড়িতসকলৰ যথোপযুক্ত যত্ন লোৱা নাই৷ বান আৰু গৰাখহনীয়াৰপৰা ৰক্ষা কৰা ব্যৱস্থাতো নায়েই, আনকি বানপীড়িতসকলৰ সাহায্য প্ৰদানতো ব্যৰ্থ হৈছে বিজেপি নেতৃত্বৰ অসম চৰকাৰ৷ নিৰ্বাচনৰ সময়ত সঘনে অসমলৈ তাঁত-বাতি কৰা দিল্লীৰ কেন্দ্ৰীয় মন্ত্ৰীসকল এতিয়া ক’ত বুলি বিবৃতিটোত প্ৰ কৰা হয়৷ অতিশীঘ্ৰে অসমত বানপীড়িত আৰু গৰাখহনীয়াত আক্রান্তসকলৰ বাবে ২০০০ কোটি টকাৰ অনুদান আগ বঢ়াবলৈ দাবী জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীকো এই দুৰ্যোগৰ সময়ত অসমলৈ আহিবলৈ আহ্বান জনায় কৃষক সংগঠনটোৱে৷ আনহাতে প্ৰেছ বিবৃতিটোত কোৱা হয় ভূটানৰ ৬০ মেগাৱাট কুৰিশ্বু বান্ধে নামনিৰ তিনিখন জিলা বিধ্বস্ত কৰা ঘটনাই বৃহৎ নদীবান্ধৰ বিপদকেই প্ৰতীয়মান কৰিছে৷ সেইবাবে এই শিক্ষাৰে শিক্ষিত হৈ ভাৰত চৰকাৰক ব্ৰহ্মপুত্ৰৰ ওপৰত কোনো বৃহৎ নদীবান্ধ নবন্ধাবলৈ সকীয়াই দিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷
facebook
twitter
google+
fb share