বিধানসভাৰ অধ্যক্ষৰ আমন্ত্ৰণত মানাহলৈ আহিল বনমন্ত্রী

মানাহ ৰাষ্ট্ৰীয় উদ্যানক উপেক্ষা কৰাৰ অভিযোগ প্রকৃতিপ্রেমীৰ

বাক্সা, ২৮ জুলাই, ২০১৬ :
বেঁকী নদীৰ প্রবল গৰাখহনীয়াৰ কবলত পৰি মানাহ ৰাষ্ট্রীয় উদ্যানৰ আভ্যন্তৰীণ এলেকাৰ পাঁচমাইলত যোৱা ২৫ জুলাহত প্রায় ৬৫ বছৰীয়া পুৰণি মথাউৰি ছিগি ৰাষ্ট্ৰীয় উদ্যানখনলৈ বিভীষিকা নমাই অনাৰ লগতে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ ভৱিষ্যতৰ প্রতি তীব্র ভাবুকি কঢ়িয়াই আনিছে।


মাথো এয়াই নহয় ২৫ জুলাইৰ পিছত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ নাৰায়ণগুৰি আৰু তিনি মাইলত বেকীনদীৰ খহনীয়াই মথাউৰি উটুৱাই নিয়াৰ ফলত জলমগ্ন হৈ পৰিছে মানাহ ৰাষ্ট্ৰীয় উদ্যান। বহু জল্পনা-কল্পনাৰ অন্তত যুগক সাক্ষী কৰি ছিগা বেঁকীৰ পাঁচমাইলৰ বিধ্বস্ত অংশৰে ঘন্টাত প্রায় আশী-নব্বৈ কিল’মিটাৰ বেগত প্রবাহিত বিশাল জলপ্রপাতে নিমিষতে চূর্ণ-বিচূর্ণ কৰিছে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ আপুৰুগীয়া সম্পদ। কিন্তু তাৰ পিছতো অসম চৰকাৰৰ বনমন্ত্রী প্রমিলাৰাণী ব্ৰহ্মই লাভ কৰা নাছিল এই খবৰ। সেয়েহে আজি অসম বিধানসভাৰ অধ্যক্ষ তথা স্থানীয় বিধায়ক ৰঞ্জিত কুমাৰ দাসৰ আমন্ত্রণ মৰ্মে মানাহ পৰিদৰ্শন কৰিবলৈ আহিল বনমন্ত্রী গৰাকীয়ে। মানাহত উপস্থিত হৈ বনমন্ত্রী গৰাকীয়ে মানাহ প্রেমী ৰাইজক লজ্জানত কৰি সাংবাদিকৰ আগত প্রকাশ কৰিলে এই কথা। কাজিৰঙা বা আন আন ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰত বনবিভাগে গ্রহণ কৰা তত্পৰতা মানাহৰ ক্ষেত্ৰত কিয় দেখা যোৱা নাই বুলি সাংবাদিকে সোধা এক প্রশ্নৰ উত্তৰত বনমন্ত্রী গৰাকীয়ে কয়— মই মানাহৰ এই দুৰৱস্থাৰ কথা নাজানো, মোক মাননীয় অধ্যক্ষ মহোদয়ে ইয়ালৈ মাতি আনিছে। তেওঁ লগতে কয় যে কাজিৰঙাৰ তুলনাত মানাহৰ ক্ষয়-ক্ষতিৰ পৰিমান কম, এই ক্ষেত্ৰতো আমি গুৰুত্ব প্রদান কৰিম। উল্লেখ্য যে আজি দুপৰীয়াৰ ভাগত সৰভোগৰ বিধায়ক তথা বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস, বনমন্ত্রী প্রমিলাৰাণী ব্রহ্ম আৰু বিটিচিৰ উপ মুখ্য কাৰ্যবাহী তথা বনবিভাগৰো দায়িত্বত থকা খাম্পা বৰগয়াৰীয়ে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ নাৰায়ণগুৰিৰ ছিগা মথাউৰি পৰিদৰ্শন কৰিবলৈ আহে। স্থানীয় ৰাইজে যুদ্ধকালীন তত্পৰতাৰে মথাউৰি পুনৰ নিৰ্মানৰ কাম অব্যাহত ৰখিছে যদিও মানাহ ৰাষ্ট্রীয় উদ্যানখনৰ আভ্যন্তৰীণ এলেকাত বানৰ কবলত পৰা জীৱ-জন্তুৰ নিৰাপত্তাৰ বাবে কোনো বিশেষ ব্যৱস্থা হাতত লোৱা হোৱা নাই। ফলত মানাহৰ জীৱ-জন্তু জলবন্দী হোৱাৰ লগতে একাংশ জনাঞ্চললৈ ওলাই আহিব ধৰিছে। এই ক্ষেত্ৰত স্থানীয় ৰাইজে বন বিভাগৰ লগত পূর্ণ সহযোগিতা কৰি আছে বুলি বন বিষয়া তথা এচিএফ ধৰণীধৰ বড়োৱে জানিবলৈ দিছে। তেওঁ জানিবলৈ দিয়া মতে বানৰ ফলত মানাহৰ ভিতৰৰ কিছু অঞ্চলত যাতায়াতৰ অসুবিধা হোৱাৰ লগতে কেইবাটাও পহৰাচকী স্থানান্তৰ কৰিব লগা হৈছে। বিশ্ব ঐতিহ্য ক্ষেত্র তথা বৃহত্ ব্যঘ্ৰ প্রকল্প খ্যাত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ আপুৰুগীয়া জীৱ-জন্তু, গছ-গছনি আৰু স্থাবৰ-অস্থাবৰ যাৱতীয় সম্পত্তিৰ প্রতি তীব্র ভাবুকিৰ সৃষ্টি কৰাৰ পিছতো ৰাজ্য চৰকাৰৰ বনমন্ত্ৰীয়ে ইয়াৰ খবৰ নোপোৱা কার্যক তীব্র ভাষাৰে গৰিহণা দিছে বিভিন্ন দল-সংগঠনৰ লগতে প্রকৃতিপ্রেমীসকলে। বনমন্ত্রী গৰাকীয়ে উক্ত ভাষ্য প্রদান কৰাৰ পিছতেই সাংবাদিকৰ আগত আমছৰ শিক্ষা সম্পাদক সাজাহান আলী আহমেদে প্রতিক্রিয়া ব্যক্ত কৰি কয়— বনমন্ত্রী প্রমীলা ৰাণী ব্ৰহ্মৰ উক্ত বক্তব্য দুর্ভাগ্যজনক। এই বক্তব্যই প্রকৃততে ৰাজ্যখনৰ বনবিভাগৰ অৰাজকতাৰ স্বৰূপ উদঙাই দিছে আৰু মানাহৰ ঐতিহ্য ৰক্ষাৰ ক্ষেত্ৰত অসম চৰকাৰ সম্পূর্ণ ৰূপে ব্যর্থ হৈছে বুলি প্রমাণ কৰিলে। আমছুৰ নেতাগৰাকীয়ে লগতে বনবিভাগৰ হেমাহিৰ ফলত বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ বান-খহনীয়াই অমানিশা নমাই আনিব বুলিও আশংকা ব্যক্ত কৰে।উল্লেখ্য যে সৰভোগ বিধানসভা সমষ্টিৰ অন্তর্গত বিস্তীর্ণ অঞ্চল বেঁকীৰ গৰাখহনীয়াৰ কবলত পৰি হাজাৰ হাজাৰ পৰিয়ালে মাটি-ভেটি হেৰুৱাই আশ্রয় লোৱা ৰাজপথেৰে স্থানীয় বিধায়ক তথা বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস আৰু বনমন্ত্রী গৰাকীয়ে আহ-যাহ কৰে যদিও ভুক্তভোগী ৰাইজৰ খবৰ লোৱাৰ বাবে অলপো সময় নহ’ল মন্ত্রী-অধ্যক্ষৰ। এই লৈ খহনীয়াৰ কবলত পৰা লোকসকলৰ মাজত তীব্র অসন্তুষ্টিয়ে বিৰাজ কৰা দেখা গৈছে।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment