বানক লৈ উদ্বিগ্ন নহয় প্ৰধান মন্ত্ৰী নিৰ্বাচনৰ পূৰ্বে ভিৰ কৰিছিল কেন্দ্ৰীয় মন্ত্ৰীয়ে এতিয়া ফোন কৰি সমবেদনা জনাবলৈও নাই আহৰি


 গুৱাহাটী, ২৮জুলাই :

অসমৰ বান-গৰাখহনীয়াক লৈ মুঠেই উদ্বিগ্ন নহয় দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ দামোদৰ ভাই মোদী৷ আজি বিজেপিৰ গুৱাহাটীৰ সাংসদ বিজয়া চক্রৱৰ্তীয়ে প্ৰধান মন্ত্ৰীজনক সাক্ষাৎ কৰি ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত সবিশেষ অৱগত কৰে যদিও প্ৰধান মন্ত্ৰীজনে কোনোধৰণৰ অনুকম্পা দেখুওৱা পৰিলক্ষিত নহ’ল৷ ইয়াৰ বিপৰীতে গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ লগত কথা পাতিবলৈহে পৰামৰ্শ দিলে প্ৰধান মন্ত্ৰীয়ে৷ লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে সঘনে অসম ভ্ৰমণ কৰা প্ৰধান মন্ত্ৰী মোদী তথা অন্যান্য মন্ত্ৰীসকলে এতিয়া বিপদৰ সময়ত অসমলৈ নহাটো অত্যন্ত পৰিতাপৰ বিষয় বুলি পৰিগণিত হৈছে৷ 
মাজুলীৰ অৱস্থা অবৰ্ণনীয় হৈ পৰিছে৷ এই বলিয়া বানত এতিয়ালৈকে ১২জন লোকৰ প্ৰাণহানি হোৱা বুলি স্বয়ং মুখ্য মন্ত্ৰীয়ে ঘোষণা কৰিছে আৰু ১৯খন জিলাৰ লাখ লাখ লোক ক্ষতিগ্ৰস্ত হোৱা বুলি সৰ্বানন্দ সোণোৱালে সংবাদ মাধ্যমৰ আগত ঘোষণা কৰিছে৷ ১২জন লোকৰ মৃত্যুৱেও প্ৰধান মন্ত্ৰীৰ গা তলাব পৰা নাই৷ নিৰ্বাচনী প্ৰচাৰ সভালৈ আহি মাজুলীৰ ৰাইজৰ সন্মুখত আৱেগৰ ঢৌ তুলি মাজুলীৰ দায়িত্ব এতিয়া কেন্দ্ৰই ল’ব বুলি ঘোষণা কৰি ভোট সংগ্ৰহ কৰাৰ পিছত বৰ্তমান ফোন এটা কৰিবলৈ আজৰি পোৱা নাই প্ৰধান মন্ত্ৰীজনে৷ বিদেশ ভ্ৰমণত ব্যস্ত থকা মোদীয়ে মাজুলীৰ ৰাইজৰ দুখ-দুৰ্দশাৰ সমভাগী হ’বলৈ অসমলৈ অহা কথাতো ভবা নায়েই, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ফোন এটাও কৰা নাই৷ ইয়াৰ বিপৰীতে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙেহে সৰ্বানন্দ সোণোৱালক ফোন কৰি খবৰ লোৱা বুলি জানিব পৰা গৈছে৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিধানসভা নিৰ্বাচনৰ সময়ত প্ৰায় ১৪বাৰ অসম ভ্ৰমণ কৰিছিল আৰু সকলো কেন্দ্ৰীয় মন্ত্ৰীক অসমলৈ প্ৰেৰণ কৰিছিল৷ কিন্তু বিপদৰ সময়ত মাতষাৰ দিবলৈ এতিয়া মোদীয়ে সৌজন্যবোধ কৰা নাই৷ পৰিৱৰ্তন বিচৰা ৰাইজে পানীত কক্‌বকাই থকাৰ সময়ত কেন্দ্ৰই সকলো ধৰণৰ পুঁজি অসমৰপৰা কৰ্তন কৰিছে৷ অকল সেয়াই নহয়, অতিৰিক্তভাৱে কৰ-কাটলো লগাইছে৷ কিন্তু সাধাৰণ মানুহক সকাহ দিবলৈ কোনোধৰণৰ ব্যৱস্থাই গ্ৰহণ কৰা নাই৷ পৰিৱৰ্তনৰ নামত মানুহক আভুৱা-ভাঁৰি গঠন কৰা বাজেটখন পৰ্যালোচনা কৰিলেই ওলাই পৰে কেনেদৰে ভাষণৰ ফুলজাৰিৰে অসমৰ ৰাইজক ললীপপ দিয়াৰ চেষ্টা চলোৱা হৈছে আৰু কেন্দ্ৰীয় আঁচনিৰ শ শ কোটি টকাৰপৰা বঞ্চিত কৰা হৈছে৷ 

বানৰ বুজ ল’বলৈ চলিত সপ্তাহত অসম ভ্ৰমণ কৰিব ৰাজনাথ সিঙে মন্ত্ৰী সোণোৱালে মঙলবাৰে কেন্দ্ৰীয় গহমন্ত্ৰী ৰাজনাথ সিঙৰ সৈতেও ৰাজ্যৰ বান পৰিস্থিতিক লৈ টেলিফোনত আলোচনা কৰিছিল৷ ইপিনে আজি লোকসভাৰ শূন্যকালত অসমকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত উদ্ভূত বান পৰিস্থিতিক লৈ কেবাজনো সাংসদে উদ্বিগ্নতা ব্যক্ত কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ দৃষ্টি আকৰ্ষণ কৰে৷ বিজপিৰ ৰেখা বাৰ্মা, গণেশ সিং, কংগ্ৰেছৰ গৌৰৱ গগৈ, নিনং এৰিং জন অধিকাৰ মৰ্চাৰ ৰাজেশ ৰঞ্জন আৰু এন পি পিৰ চি কে চাংমায়ে বিষয়টো উত্থাপন কৰি তুৰন্তে কেন্দ্ৰীয় সাহায্য আগ বঢ়াবলৈ দাবী জনায়৷ সাংসদ গৌৰৱ গগৈয়ে আনকি ৰাজ্যৰ বান পৰিস্থিতিক লৈ সদনত চমু আলোচনাৰো দাবী উত্থাপন কৰে৷ তেওঁ কয় যে অসমৰ বান পৰিস্থিতি অত্যন্ত উদ্বেগজনক হৈ আছে৷ বান পৰিস্থিতিৰ কেনেদৰে মোকাবিলা কৰিব পাৰি তাৰ বাবে সদনত আলোচনা হোৱাটো জৰুৰী বুলি গগৈয়ে উল্লেখ কৰে৷ চি কে চাংমায়ে বান পৰিস্থিতিৰ বুজ ল’বলৈ গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণৰো দাবী জনায়৷ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে যিমান শীঘ্ৰে সম্ভৱ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰাও যে অত্যন্ত জৰুৰী সেই কথাও চাংমায়ে দাঙি ধৰে৷ এৰিঙে অৰুণাচল প্ৰদেশৰ বান পৰিস্থিতিৰ কথা সদনৰ মজিয়াত উত্থাপন কৰে৷

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment