যিকোনো মুহূৰ্তত মহাবাহুৱে গিলিব পাৰে ফাঁচীবজাৰ

গুৱাহাটী, ২৮ জুলাই : 
আদিজামালৰ পাতত সেই পুৰণি কাহিনী বাস্তৱত ৰূপায়ণ হ’ব নেকি? সুঁতি সলাই গুৱাহাটীক ধ্বংসস্তূপত পৰিণত কৰিব বুলি লিখি যোৱা কাহিনী বাস্তৱ হ’ব নেকি? কিয়নো ব্ৰহ্মপুত্ৰৰ জলৰাশিয়ে এতিয়া বাৰে বাৰে আঘাত কৰিছে ৰাজধানী চহৰ গুৱাহাটীক৷ গুৱাহাটীলৈ কঢ়িয়াই আনিছে অশনি সংকেত৷ পূৰ্বৰ দৰে এইবাৰো ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ফাঁচীবজাৰৰ কাষৰীয়া মহাত্মা গান্ধী পথৰ ফুটপাথ ভাঙি পেলায়৷ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ দ্ৰুতগতিত বৃদ্ধি হোৱালৈ চাই ই অধিক ভয়াৱহ ৰূপ লোৱাৰ আশংকা আছে৷ যিকোনো কাৰণতে বৰলুইতে ফাঁচীবজাৰৰ দিশে সুঁতি সলাই গুৱাহাটীক ধ্বংসস্তূপত পৰিণত কৰাৰ সম্ভাৱনা দেখা গৈছে৷ আদিজামালৰ পাতত লিপিবদ্ধ সেই পুৰণি কাহিনীমতেই এদিন গুৱাহাটীত বৰলুইতে সলাব গতি৷ গতি সলাই এদিন মহটিয়াই নিব ফাঁচীবজাৰ৷ ধ্বংসস্তূপত পৰিণত হ’ব সমগ্ৰ গুৱাহাটী৷ 

আদিজামালৰ সেই কাহিনী বাস্তৱত পৰিণত হ’ব নেকি? বৰলুইতৰ গতিলৈ চাই সেই আশংকাই ঘনীভূত হৈছে৷ ইপিনে, ৰাজ্যজুৰি সংহাৰী বানে অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তে বৰলুইতৰ বাঢ়নী পানীয়ে বিপদ আনিছে ৰাজধানী চহৰ গুৱাহাটীলৈ৷ ডিব্ৰুগড়, নিমাতীঘাট, তেজপুৰ, গোৱালপাৰা, ধুবুৰীৰ দৰে গুৱাহাটীতো ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠই বিপদসীমা অতিক্রম কৰাৰ লগে লগে এক ভয়ানক পৰিস্থিতিৰ উদ্ভৱ হৈছে গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত৷ বুধ্বাৰে দিনৰ ভাগত গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠই বিপদসীমা অতিক্রম ৫৫.৫৬ মিটাৰ উচ্চতাৰে ব’বলৈ আৰম্ভ কৰে৷ পানীয়ে মহাত্মা গান্ধী পথটোৰ শুক্রেশ্বৰ ঘাটৰ সমীপত ফুটপাথৰ এটা অংশ খহাই নিয়ে৷ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ আৰু অধিক বৃদ্ধি পালে সেই পানীয়ে মহাত্মা গান্ধী পথৰ লগতে পাণবজাৰ আৰু ফাঁচীবজাৰতো অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি কৰাৰ আশংকাই দেখা দিছে৷ কামৰূপ মহানগৰ জিলা প্ৰশাসনে পৰিস্থিতি জটিল দেখি ফুটপাথটো মেৰামতি কৰাৰ লগতে নিৰাপত্তাৰো ব্যৱস্থা কৰিছে৷ ইফালে পাণ্ডুৰ পাঁচ নং ক’লনীৰ কাষৰীয়া অঞ্চলসমূহ বৰলুইতৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে৷ অঞ্চলটোৰ বহু লোকৰ ঘৰ পানীয়ে বুৰাই পেলোৱাত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হৈছে চন্দ্ৰপুৰ, পানীখাইতী, বোন্দা এলেকাত৷ চন্দ্ৰপুৰৰ বহু লোক বানৰ কবলত পৰিছে৷ ইফালে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে উজান বজাৰ, খাৰঘুলি অঞ্চলো বুৰাই পেলোৱাৰ আশংকা কৰা হৈছে৷

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment