গঁড়ৰ খৰ্গসহ চুঙাজানত গ্ৰেপ্তাৰ মোডী

ৱেব ডেস্ক, ২২ জুলাই, ২০১৬ : 
গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অসম-নাগালেণ্ড সীমান্তৰ চুঙাজান আৰক্ষী আৰু কোব্রা চি আৰ পি এফে অভিযান চলাই দুটা গড়ৰ খৰ্গ আৰু মাৰণাস্তু সৰবৰাহকাৰীক যোৱা নিশা গ্রেপ্তাৰ কৰে।

ধূত সৰবৰাহকাৰীদ্বয়ৰ পৰা আৰক্ষীয়ে ৯.৫২ গ্রাম ওজনৰ এটা খৰ্গৰ সৈতে এটা ৯ এম এম পিষ্টল জব্দ কৰে। জানিব পৰামতে ধনশিৰি মহকুমাৰ চুঙাজান থানাৰ অন্তর্গত দুই নং দগাঁৱৰ অমৃত মোডী নামৰ এজন যুৱকে দীর্ঘদিনৰ পৰা বিভিন্ন অপৰাধী চক্ৰ আৰু উগ্রপন্থী সংগঠনক অস্তু যোগান ধৰা বুলি আৰক্ষীয়ে খবৰ লাভ কৰে। সেই খবৰ অনুসৰিয়ে যোৱা নিশা প্রায় এঘাৰ বজাত চুঙাজান আৰক্ষী আৰু কোব্রা চি আৰ পি এফৰ দলে অভিযান চলাই অস্তু সৰবৰাহকাৰী অমৃত মোডীক এটা ৯ এম এম পিষ্টলসহ দুই নং দগাঁৱৰ নিজ গৃহৰ পৰা গ্রেপ্তাৰ কৰে। ইয়াৰ পিচত চুঙাজান আৰক্ষীৰ জেৰাত অমৃত মোডী অস্ত্র সৰবৰাহৰ লগতে গঁড়ৰ খৰ্গৰ ব্যৱসায়ৰ লগত জড়িত থকাৰ বহু তথ্য পোহৰলৈ আহে। অমৃতৰ স্বীকাৰোক্তিৰ ভিত্তিতে নিশা চুঙাজান আৰক্ষীয়ে অভিযান চলাই অমৃতক সতীর্থ মহেশ ভূঞাৰ (তেওঁৰ ঘৰ এক নং দগাঁৱত) ঘৰৰ পৰা এটা গড়ৰ খগ আৰক্ষীয়ে জব্দ কৰে। আৰক্ষীয়ে জব্দ কৰা খৰ্গটো ধৃত অমৃতে নাগালেণ্ডৰ কোনো খর্গ ব্যৱসায়ীক পঞ্চাশ লাখ টকাত বিক্ৰীৰ যোজা চলাইছিল বুলি জানিব পৰা গৈছে।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment