মাননীয় মুখ্যমন্ত্ৰী মহোদয় অসমৰ ৰাইজে দিয়া জাতীয় নায়কৰ সন্মান ঘুৰাই দিয়ক

"মাননীয় মুখ্যমন্ত্ৰী মহোদয় অসমৰ ৰাইজে দিয়া
জাতীয় নায়কৰ সন্মান ঘুৰাই দিয়ক"

—ধ্ৰুৱজ্যোতি কলিতা (Dhruvajyoti Kalita)


 
এখন চিকিত্সালয় স্থাপনৰ দাৱী কৰা বাবে যদি আমি মৃত্যু বৰণ কৰিৱ লাগে । তাকো দুমহীয়া পানীকেচুৱা চৰকাৰ এখনৰ হাতত । ইয়াতকৈ জাতিটোৰ বাবে আৰু পৰিবৰ্তনৰ ডাঙৰ পুৰস্কাৰ কি হৱ পাৰে । 
শৰাইঘাট দ'লখন লুইতৰ ওপৰত বিচাৰি ছহিদ হৈছিল । অসমীয়া ভাষাক অসমত প্ৰতিষ্ঠা কৰিৱলৈ ছহিদ হৈছিল । খাদ্য বিচাৰি অসমীয়া ছহিদ হৈছিল । শোধানাগাৰ স্থানান্তৰ কৰিৱ নিদি নিৰ্যাতিত হৈছিল । বিদেশী খেদিম বুলি ছহিদ হৈছিল । বিদেশী বুলি হাজাৰোধিক মৰিছে । চিকিত্সালয় বিচাৰি ছহিদ হ'ল । দুই এদিনত তেলৰ বাবে যে নমৰিৱ তাৰ কি মানে আছে । 
অসমীয়া জাতিটোৰ ওপৰত এদিন আপোনালোকে গুপ্তহত্যা চলাই জাতিটোকে পংগু কৰি থৈছে । তাৰপিছতো প্ৰতিবাদী জনতাই কন্ঠ ৰুদ্ধ কৰি পৰিবৰ্তন(?) আহিৱ বুলি হিমন্ত বিশ্বৰ নিচিনা বাঘা বাঘা দুৰ্নীতি পৰায়ণ কংগ্ৰেছ কৰ্মীক আপোনালোকে সাৰথি কৰাৰ পিছতো অসমীয়াই আপোনাক চৰকাৰ গঠন কৰিৱলৈ সুবিধা কৰি দিছিল । মুখ্যমন্ত্ৰী মহোদয় হিমন্তৰ লগলাগি আপুনি খলনায়কত পৰিনত হ'ল । এতিয়া সকলো অসমীয়া মাৰি শেষ কৰি বানপানীত ডুবি থকা বোকাময় অসমত পদুম ফুলাৱলৈ আৰু বৃথা চেষ্টা নকৰিৱ । কাৰন জাতীয় নায়কৰ হাতত জীয়াই নেথাকিৱ বৰ্তমান ভাৰতীয় সংসদীয় ৰাজনীতিৰ গিনিপিক অসম তথা অসমীয়া । 
মহাশয় মৃতকৰ পৰিয়ালক পাঁচ লাখ টকা দিলে মৃত ব্যক্তি ঘুৰি নাহে । ইমান ডাঙৰ সমীকৰণ সমাধান নহয় । কাৰণ আদিম যুগতহে সমাজ বিনিময় প্ৰথাৰ মাধ্যমত চলিছিল । এতিয়া আৰু জীৱনৰ বিনিময়ত টকা নহয় । কাৰণ টকা ৰিজাৰ্ভ বেংকে তৈয়াৰ কৰে লৰা-ছোৱালী আই-পিতাই জনম দিয়ে । নোট এখন নষ্ট হ'লে পুনৰ একে নম্বৰৰে জন্ম দিৱ পাৰি । মানুহ এজন মাৰিলে পুনৰ তেওঁক জন্ম দিৱ নোৱাৰি । 
যদি সততা আছিল হিমন্তক ভয় নকৰাকৈ একেষাৰে ৰহাতে চিকিত্সালয়খন স্থাপন হৱ বুলি অসমৰ মুখ্যমন্ত্ৰী হিচাপে ঘোষনা নকৰিলে কিয় ? কাক আৰু কিহৰ ভয়ত জনতাক সান্তনা দিয়া নীতি ল'লে ?? আপুনি অসমৰ মুখ্যমন্ত্ৰী নহয় নেকি ???
নিৰ্বাচনৰ সময়ত ডাঙৰ ডাঙৰ বেনাৰত পঢ়িছিলো । "অসমৰ আনন্দ সৰ্বানন্দ" । এতিয়া দেখোন "অসমৰ সৰ্বনাশী কাণ্ড সৰ্বানন্দ" বুলিহে পঢ়িৱ লাগিৱ । অসমৰ মুখ্যমন্ত্ৰীৰ অধীনত বসবাস কৰা নাগৰিক হিচাপে কৱলৈ বাধ্য হ'লো । 
অসমৰ বুৰঞ্জীত দুমহীয়া চৰকাৰে অসমীয়াক হত্যা কৰা নজিৰ নাছিল । আপুনি জাতীয় নায়ক হৈ মুখ্যমন্ত্ৰী হোৱাৰ সৌভাগ্যত ইতিহাসৰ বুকু ফালি ৰজা কটা নগঞাৰ কলংকৃত বুৰঞ্জীত স্বাক্ষৰ থোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলো ।

ভাই ও বেহেনো আতচ্ছে দিন আহগিয়া ।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment