উৰণৰ ১৫ মিনিট পিচতে ৰাডাৰেৰে সংযোগ বিচ্ছিন্ন : ২৯ আৰোহীৰ মাজত ছয় বিমান কর্মীৰ উপৰি বায়ু-স্থলসেনাৰ ১ জন বিষয়াসহ ১৩ জোৱান বিমানখনৰ সন্ধানত বংগোপসাগৰৰ আকাশমার্গ, সমুদ্রৰ বুকুত ৪ খন বিমান, ১৩খন জাহাজৰ অবিৰাম অভিযান

ৱেব ডেস্ক, ২২ জুলাই, ২০১৬ :
২৯ জন আৰোহীসহ ভাৰতীয় বায়ুসেনাৰ এখন বিমান আজি পুৱা বংগোপসাগৰৰ আকাশমাগত ৰহস্যজনকভাৱে সন্ধানহীন হয়। চেন্নাইৰ নিকটৱৰ্তী বায়ুসেনাৰ বিমান আস্থান তাম্বাৰামৰ পৰা পুৱা ৮.৩০ বজাত এ এন৩২ পৰিবহণ বিমানখন আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী পৰ্টব্লেয়াৰ উদ্দেশ্যে ৰাওনা হৈছিল। দিনৰ ১১.৪৫ বজাত বিমানখনে পৰ্টব্লেয়াৰত অৱতৰণ কৰাৰ কথা আছিল। ৰাছিয়াত নির্মিত আন্তনভ এএন-৩২ বিমানখন ঘাইকৈ বায়ুসেনাৰ সামগ্ৰী কঢ়িওৱা কামত ব্যৱহাৰ কৰা হয়। বিমানখনে প'ৰ্টব্লেয়াৰৰ উদ্দেশ্যে ৰাওনা হোৱাৰ প্রায় ১৫ মিনিট পিচতেই ৰাডাৰৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ পৰে। প্রতিৰক্ষা বিভাগৰ সূত্রই জনোৱামতে বিমানখন প্রায় ২৩,০০০ ফুট উচ্চতাত থকা সময়তে ৰাডাৰৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ যায়। বিমানখনত ২৯ জন আৰোহীৰ ভিতৰত তিনিজন বিষয়াসহ ছজন বিমান কর্মী, এজন বিষয়াসহ বায়ুসেনাৰ ১১ জন জোৱান, ভাৰতীয় স্থলবাহিনীৰ দুজন জোৱান, উপকূলৰক্ষী বাহিনীৰ এজন নাৱিক আৰু নৌবাহিনীৰ পৰিয়ালৰ আঠজন অসামৰিক লোক। ইতিমধ্যে বিমানখনৰ সন্ধান উলিওৱাৰ বাবে বায়ুসেনাৰ এখন চি-১৩০ আৰু দুখন এ এন-৩২ বিমানক বংগোপসাগৰ এলেকালৈ প্রেৰণ কৰা হৈছে। আনহাতে ভাৰতীয় নৌবাহিনীৰ দুখন পি-৮ আই পর্যবেক্ষণ জাহাজসহ মুঠ ১৩ খন জাহাজ আৰু ছাবমেৰিন বিধ্বংসী বিমানেৰেও অনুসন্ধান আৰম্ভ কৰা হৈছে।

নৌসেনাৰ দুখন ড’নিয়াৰ বিমান আৰু পূর্বাঞ্চলীয় ফ্লিট কমাণ্ডাৰৰ নেতৃত্বত ১৩ খন জাহাজেৰেও অনুসন্ধান আৰম্ভ কৰা হৈছে। সন্ধানহীন এ এন-৩২ বিমানখনৰ অনার্তাৰ বার্তা ধৰা পেলোৱাৰ বাবে এখন ছাবমেৰিন বংগোপসাগৰলৈ ৰাওনা হৈছে। প্রতিৰক্ষা বিভাগৰ পৰা জনোৱা হৈছে যে চেন্নাইৰ পৰা ২৮০ কিঃমিঃ পূবত পুৱা প্রায় ৯.১২ বজাত ৰাডাৰৰ সৈতে বিমানখনৰ সংযোগ বিচ্ছিন্ন হয়। প্রাপ্ত বাতৰিমতে প্রতিকূল বতৰৰ মাজত বিমানখন সন্ধানহীন হয়। আজি বিয়লিলৈকে বিমানখনৰ সন্ধান পোৱা হোৱা নাই। নৌসেনাই অনুসন্ধানৰ বাবে প্রেৰণ কৰা ১৩ খন জাহাজৰ ভিতৰত আছে শ্বাহিয়াদ্রি, ৰাজপুত, ৰণবিজয়, কম'র্টা, কিচ, কাৰমুক, কোৰা, কুঠাৰ, শক্তি, জ্যোতি, ঘৰিয়াল আৰু সুকন্যা। উল্লেখ্য যে এ এন-৩২ বিমানৰ সংখ্যা এশৰো অধিক। পুনৰ ইন্ধন ভর্তি নকৰাকৈ কমেও চাৰি ঘণ্টালৈকে উৰিবলৈ সক্ষম এই বিমানক সকলোধৰণৰ বতৰত ব্যৱহাৰ কৰিব পাৰি।

facebook
twitter
google+
fb share